পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুয়োটাই কৰা অতি জৰুৰী আছিল। মই ওপঙি থকাৰ চেষ্টা কৰিলোঁ। কামিজটো খুলি টানকৈ কঁকালত গাঁঠি ল'লোঁ। জোতাৰ ফিতা ভালদৰে মাৰি ল'লোঁ। তাৰ পাছত আৰম্ভ কৰিলোঁ সাঁতোৰ। প্ৰথমে কিছু বেপৰোৱাভাৱে, তাৰ পাছত ধীৰে ধীৰে। বাৰে বাৰে মই মোক সোঁৱৰাই দিছোঁ যে প্ৰতিটো হাতৰ ছাবত মোৰ শক্তি ক্ষয় হৈছে আৰু মই এতিয়াও পাৰ দেখিবলৈ পোৱা নাই।

 পাঁচ মিটাৰমান আগুওৱাৰ পাছত ‘ভাৰ্জিন অৱ কাৰমেন'ৰ লকেট থকা হাৰডাল খুলিবলৈ ধৰিলে। সাঁতোৰৰ গতি কমাই আনিলোঁ মই। খুলি যাব খোজা হাৰপাট ধৰিবলৈ যাওঁতে অশান্ত পানীৰ তললৈ ডুব যোৱাৰ উপক্ৰম ঘটিছিল। হাৰপাট জেপত ভৰোৱাৰ সময় নাই, দাঁতেৰে চেপি পুনৰ সাঁতোৰাত লাগিলোঁ।

 উমান পালোঁ শক্তিবোৰ কমি আহিছে। অথচ এতিয়াও পাৰ দেখিবলৈ পোৱা নাই। মোৰ মনত আতংকৰ ভাব জাগি উঠিল, কিজানি এয়া অলীক দুঃস্বপ্ন। পানীৰ ঠাণ্ডাই মোৰ শক্তি আৰু উদ্যম ধৰি ৰাখিছে। মই যেন মোৰ সমস্ত মানসিক প্ৰবৃত্তিবোৰ ওভতাই পাইছোঁ। উত্তেজনাত সাঁতোৰ চলাইছোঁ এক কাল্পনিক পাৰৰ দিশলৈ। বহু দূৰ আগুৱাই আহিছোঁ, এতিয়া আৰু উভতি গৈ বোটখন বিচৰা অসম্ভৱ।

৭৭