পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নটা দিন ধৰি আশা এৰি দিয়া নাই। আজি দশম দিনটো আৰম্ভ হৈছেহে। এতিয়াই হাৰ মানিমনে? আৰু যেতিয়া সমুখত দেখিবলৈ পাইছোঁ মাটি, তাৰ পাছতো? সৰ্বশৰীৰে ঘামেৰে তিতি গ'লোঁ। মই বঠা মাৰি গ'লোঁ নিৰন্তৰ।

 কিন্তু পাৰ ক'ত?

 ইমান ডাঙৰ বোটৰ বাবে এই ব’ঠা কোনো কামৰ বস্তু নহয়— যেন এই পাট এডাল লাঠীহে। পানীৰ গভীৰতা জোখাৰ বাবেও যোগ্য নহয়। প্ৰথম কেইটামান মিনিট অবিশ্বাস্য উচ্ছ্বাসেৰে আগুৱালোঁ। অলপ সময়ৰ পাছতে ভাগৰি পৰিলোঁ। ব’ঠাপাট তুলি থৈ কিছুপৰ সেই উজ্জ্বল সেউজীয়াৰ পিনে চাই ৰ'লোঁ অপলক দৃষ্টিৰে। দেখিলোঁ, তীৰৰ সমান্তৰাল এটি সোঁত বৈছে আৰু সিয়েই বোটখনক কঢ়িয়াই নিছে গৰাৰ পিনে।

 বাকী ব’ঠাবোৰ হেৰুৱাবলগা হোৱা বাবে ভীষণ অনুতাপ জাগিছে। যদি এপাট অক্ষত ব’ঠা লগত থাকিলহেঁতেন, তেন্তে এই সোঁতৰ সহায়ত মই সহজেই আগবাঢ়িব পাৰিলোহেঁতেন।

 কিন্তু এতিয়া মোৰ ধৈৰ্যই মূল শক্তি। বোটখন পাৰত উপস্থিত হোৱালৈ অপেক্ষা কৰিবই লাগিব। পুৱাৰ প্ৰথম সূৰুযৰ কিৰণত গৰাৰ শিলবোৰ জিলিকি উঠিছে, যেন সেয়া বেজীৰ পাহাৰ। মাটি স্পৰ্শ কৰিবলৈ মই ইমানেই ব্যাকুল হৈ পৰিছোঁ যে পাৰৰ দূৰত্ব মই সহ্য কৰিব পৰা নাই। পাছত অৱশ্যে জানিবলৈ পাইছিলোঁ যে এইবোৰ কিছুখিনি পুন্তা কাৰিবানাৰ বালুচট। সোঁতে যদি মোক সেই দিশলৈ টানি লৈ গ'লহেঁতেন, তেন্তে মই অৱশ্যেই শিলত খুন্দা খালোহেঁতেন।

 মোৰনো শৰীৰত এতিয়া কিমান শক্তি বাকী ৰৈছে অনুধাৱন কৰিবলৈ চেষ্টা কৰিলোঁ। পাৰ পাবলৈ কমেও দুই কিলোমিটাৰ সাঁতুৰিব লাগিব। সাধাৰণতে দুই কিলোমিটাৰ সাঁতুৰিবলৈ মোক এক ঘণ্টাতকৈও কম সময়ৰ প্ৰয়োজন হয়। কিন্তু এটুকুৰা মাছ আৰু গছৰ এডাল শিপা বাদ দি এই দহদিনীয়া অনাহাৰ, সমগ্ৰ শৰীৰত পানীজোলা আৰু আঘাতগ্ৰস্ত আঁঠুৰে কিমান পৰলৈ সাঁতুৰিব পাৰিম নাজানো। হাঙৰৰ কথাতো ভবাৰ সময়ে নাই। ব’ঠাপাট পেলাই দিলোঁ, চকুহাল মুদি জঁপিয়াই পৰিলোঁ সাগৰৰ বুকুত।

 সাগৰৰ শীতল পানীৰ স্পৰ্শই মোৰ শৰীৰত এক মুহূৰ্তৰ বাবে আমেজৰ ভাব আনি দিলে। কিন্তু পিছমুহূৰ্ততে মই উদ্বিগ্ন হৈ পৰিলোঁ। হঠাৎ পাৰ নেদেখা হৈ পৰিল। আগ-পিছ নুগুণি এনেদৰে পানীত জাঁপ দি দুটা মহা ভুল কৰি পেলালোঁ— কাপোৰ খোলা নাই আৰু জোতাপাট ভালদৰে পিন্ধি লোৱা নাই। সাঁতোৰৰ আগতে এই

৭৬