পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুৱাইছে। ঘড়ীটোলৈ চালোঁ। চাৰি বাজিছে। প্ৰতিদিনাই এইখিনি সময়ত মই দিগন্তৰ সন্ধান কৰোঁ। কিন্তু হয়তো মাটি দেখাৰ সৌভাগ্য আৰু মোৰ নহ'ব। আকাশলৈ চালোঁ। ঘন ৰঙা আকাশখন ধীৰে ধীৰে নীলা বৰণ ল’বলৈ ধৰিছে। বতাহ এতিয়া চেঁচা। জ্বৰ জ্বৰ ভাব গাত। যি নহওক, এতিয়াও মই জীৱিত। কিন্তু খেদ হৈছে কিয় মই মৰা নাই। কোনো শক্তি নাই শৰীৰত, তথাপি জীয়াই আছোঁ। আকৌ আৰম্ভ কৰিছোঁ নতুন এটা দিন। উত্তপ্ত সূৰ্য মূৰৰ ওপৰত। পাঁচ বজাৰ পৰা বোটৰ চতুৰ্দিশে এজাক ক্ষুধাতুৰ হাঙৰ।

 একেবাৰে নীলা বৰণ ধৰাৰ পাছত আকাশলৈ চালোঁ মই। সাগৰ শান্ত। বোটৰ সমুখত পুৱাৰ আধা পোহৰ-আধা এন্ধাৰৰ মাজত দেখিলোঁ— উজ্জ্বল আকাশৰ তলত শাৰী শাৰী নাৰিকল গছৰ দীৰ্ঘ ছায়া।

 উত্যক্ত হৈ পৰিলোঁ মই। আগদিনা আছিলোঁ মবিলৰ এটা পাৰ্টীত, তাৰ পাছত দেখিছিলোঁ এটা বিশাল হালধীয়া কাছ। নিশা আছিলোঁ বোগোটাত, মোৰ গৃহ চহৰৰ লা ছালে দে ভিল্লা ভিছেন ছিঅ’ একাডেমীত। এতিয়া মই পাৰ দেখিবলৈ পাইছোঁ। যদি এনেধৰণৰ অলীক দুঃস্বপ্ন চাৰি-পাঁচ দিন আগতে দেখিলোহেঁতেন — আনন্দত উন্মত্ত হৈ পৰিলোহেঁতেন। এতিয়া মই সকলোধৰণৰ অলীক দুঃস্বপ্নৰ বাবে প্ৰস্তুত। নাৰিকল গছবোৰ ইমানেই স্পষ্ট যে বাস্তৱ যেন মুঠেও লগা নাই। তাকো সেইবোৰো কোনো নিৰ্দিষ্ট দূৰত্বত নাই। কোনোবা মুহূৰ্তত বোটৰ কাষত, কোনোবা মুহূৰ্তত আকৌ আছে তিনি-চাৰি কিলোমিটাৰ দূৰত। কোনো আনন্দ লগা নাই মোৰ। আৰু সেয়ে মোৰ মৰাৰ ইচ্ছা জাগিছে। নহ'লে মোক এই দুঃস্বপ্নই পাগল কৰি দিব। পুনৰ আকাশলৈ চালোঁ। মেঘমুক্ত গভীৰ নীলা আকাশ।

 ঠিক পাঁচ বজাত দিগন্তত সূৰ্যৰ উদয় হ’ল। আগদিনাৰ ৰাতিটো আছিল ভয়ংকৰ, এতিয়া দিনৰ সূৰ্যটো হৈ পৰিল মোৰ চৰম শত্ৰু। এটা দানৱৰ দৰে অবাধ্য শত্ৰু। মোৰ শৰীৰৰ ছাল পুৰি পেলাইছে। ভোক-পিয়াহ বঢ়াই তুলি মোক পাগল কৰি দিছে। সূৰ্যটোক অভিশাপ দিলোঁ, অভিশাপ দিলোঁ দিনটোক, দিলোঁ মোৰ ভাগ্যকো। কিয় এনেদৰে নটাকৈ দিন ধৰি পানীত উটি-ভাঁহি বাচি আছোঁ? কিয় অনাহাৰত মৃত্যু হোৱা নাই মোৰ? হাঙৰৰ পেটলৈকে বাৰু যোৱা নাই কিয় মই?

 ব’ঠাপাট এতিয়া বোটৰ সৈতে বান্ধি থোৱা আছে। সেইপাট তুলি লৈ ধীৰে ধীৰে মোৰ বিষ-যন্ত্ৰণাৰে জৰ্জৰিত পিঠিখনৰ তলত থৈ, বোটৰ দাঁতিত মূৰটো থ’লোঁ। আৰু তেতিয়াই দেখিবলৈ পালোঁ, উদীয়মান ৰঙা সূৰ্যটোৰ পিছফালে এডাল সেউজীয়া ৰেখা।

 পাঁচ বাজো বাজো। স্ফটিকৰ দৰে স্বচ্ছ পুৱা। কোনো সন্দেহ নাই পাৰৰ সেই চিহ্ন

৭৪