সমললৈ যাওক

ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/আশা এৰি দিলোঁ কেৱল মৃত্যুৰ অপেক্ষা

ৱিকিউৎসৰ পৰা

[ ৬৬ ]

দহ

আশা এৰি দিলোঁ
কেৱল মৃত্যুৰ অপেক্ষা

 অষ্টম নিশা সমুদ্ৰত নিদ্ৰাৰ কোনো সুযোগ নহ'ল। ন বজাত বুঢ়া চিলনীটো আহি বোটত বহিল। গোটেই ৰাতিটো তাতেই পৰি থাকিল৷ ময়ো ব’ঠা এপাটত মূৰ থৈ শুই ৰ'লোঁ। শান্ত ৰাতি। বোটখন আগুৱাইছে অবিৰাম। কিন্তু ক লৈ? নিজকে প্ৰশ্ন কৰিলোঁ। লক্ষণবোৰ দেখি মোৰ এনে লাগিছে যে মই সোনকালেই পাৰ পাবগৈ পাৰিম, যদিও মোৰ কোনো স্পষ্ট ধাৰণা নাই, বোটখন আচলতে ক'ত উপস্থিত হ’ব। মই এয়াও নিশ্চিত নহয়, আচলতে বোটখন ইমানদিনে একেটা পথেৰে গৈ আছে নে নাই? বিমানবোৰ যি পথেৰে আহিছিল, সেই পথেৰে আগুৱালে নিশ্চয় কলম্বিয়া পাবগৈ পাৰিম। কিন্তু কম্পাছ অবিহনে দিশ বুজা সম্ভৱ নহয়। যদি পোন পথেৰে আগুৱাই গৈ থাকো, নিসন্দেহে কলম্বিয়াৰ কেৰিবিয়ান উপকূলত উপস্থিত হ’ম। হয়তো এনেও হ’ব পাৰে, বোটখন আগুৱাইছে উত্তৰ দিশেৰে। যদি সেয়ে হয়, মইনো এতিয়া ক’ত, বুজাৰ সাধ্য নাই।

 মাজনিশা গভীৰ টোপনিৰ পৰা হঠাৎ সাৰ পাই গ'লোঁ। বৃদ্ধ চিলনীয়ে মোৰ মূৰত ঠোঁটেৰে খুঁটিয়াবলৈ ধৰিছে। মই দুখ পোৱা নাই। এনেদৰে খুঁটিয়াইছে যেন মৰমহে কৰিছে। মনত পৰিল, ডেষ্ট্ৰয়াৰৰ সেই সেনা বিষয়াজনৰ কথা। তেওঁ কৈছিল—গঙাচিলনী হত্যা কৰাটো এজন নাৱিকৰ বাবে কাপুৰুষালিৰ বাদে একো নহয়। ইয়াৰ আগতে সৰু চিলনীজনীক হত্যা কৰা বাবে অনুশোচনা জাগিল।

 শোৱা আৰু নহ’ল। দুচকুৰে পাৰৰ সন্ধান কৰি থাকোঁতে ৰাতি পুৱাল। নিশাটো বৰ ঠাণ্ডা নাছিল। দূৰ-দূৰণিলৈ ক'তো একো পোহৰৰ চিহ্ন নাই। আকাশৰ তৰাবোৰ বাদ দি। সমুদ্ৰ শান্ত, নিঃশব্দে আগুৱাইছে বোট। ময়ো শান্ত হৈ বহি আছোঁ। কিন্তু এইবাৰ শুই পৰিছে চিলনীজনী। বোটৰ একাষে মূৰ তল কৰি। বহুপৰ ধৰি কোনো সাৰ-সুৰ নাই তাইৰ। কিন্তু মই সামান্য লৰচৰ কৰি উঠিলেই তাই মোৰ মূৰত খুঁটিবলৈ আৰম্ভ কৰে। [ ৬৭ ]

 পুৱা মই মোৰ অৱস্থাৰ সলনি কৰিলোঁ। গঙাচিলনীজনী এতিয়া ভৰিৰ কাষত। এইবাৰ তাই মোৰ জোতা খুঁটিয়াবলৈ ধৰিছে। লৰচৰ কৰিছে জোতা। মই স্থিৰ হৈ ৰ’লে তায়ো স্থিৰ হৈ থাকে। ধীৰে ধীৰে পুনৰ মোৰ মূৰ শিতানলৈ আহিল। পুনৰ মূৰত খুঁটিয়াবলৈ ধৰিলে। কিন্তু শান্তভাৱে। মই আপত্তি প্ৰকাশ কৰিবলৈ মূৰটো জোকাৰি দিয়াত তাই এইবাৰ চুলিত খুঁটিয়ালে— যেন মোৰ স'তে খেলিছেহে তাই। বাৰে বাবে অৱস্থান সলনি কৰিলোঁ। পিছে তায়ো কম নহয়, যেন মোক কোনোমতেই ৰেহাই নিদিব। বাৰে বাৰে তায়ো মূৰৰ ওচৰলৈ আহিয়ে থাকিল।

 ইতিমধ্যে ৰাতি পুৱাল। খুব সহজেই মই হাত আগুৱাই তাইক ধৰি পেলালোঁ। কিন্তু তাইক মৰাৰ মোৰ কোনো ইচ্ছা নাই। সেয়া হ’ব অৰ্থহীনভাৱে তাইক বলি দিয়াৰ দৰে কথা। মই ক্ষুধাৰ্ত, কিন্তু এই বৃদ্ধ চৰাইটোৱে মোৰ ক্ষুধা দূৰ কৰিব নোৱাৰে। গোটেই ৰাতিটো তাই মোক সংগ দিছে। কোনো ক্ষতি কৰা নাই। তাইক ধৰাৰ লগে লগে ডেউকা দুখন মেলি দিলে তাই, মোৰ কবলৰ পৰা নিজকে মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা চলালে। মই ডেউকা দুখন ভাঁজ কৰি তাইক চেপি ধৰি থাকিলোঁ— যাতে লৰচৰ কৰিব নোৱাৰে। তাই মূৰ তুলি মোলৈ চালে। পুৱাৰ প্ৰথম পোহৰত দেখিবলৈ পালোঁ তাইৰ ভয়াৰ্ত চকু দুটা। যদি তাইক মাৰিবলৈ মোৰ পৰিকল্পনাও থাকিলহেঁতেন, তাইৰ এই চকু দুটাৰ বাবে মই সফল হ’ব নোৱাৰিলোহেঁতেন।

 সোনকালেই সূৰ্য উদয় হ’ল। ৰ’দ ইমানেই প্ৰখৰ যে সাত বজাৰ ভিতৰতে গৰমত সকলো উতলিবলৈ ধৰিলে। মই তেতিয়াও চৰাইজনীক চেপি ধৰি শুই আছোঁ। আগৰ দিনবোৰৰ দৰেই সমুদ্ৰ গভীৰ আৰু সেউজীয়া বৰণৰ। কিন্তু পাৰৰ চিন কোনো ফালেই নাই। বতাহো চঞ্চল। বন্দী চৰাইজনীক এৰি দিলোঁ মই। চৰাইজনী মূৰ জোকাৰি তড়িৎ বেগেৰে আকাশলৈ উৰা মাৰিলে। জাকৰ আনবোৰ চৰাইৰ সৈতে পুনৰ মিলি গ'ল।

 সিদিনাৰ পুৱাৰ সূৰ্যটো আছিল বিগত দিনবোৰৰ তুলনাত অধিক যন্ত্ৰণাদায়ক। পিঠিত পানীজোলা উঠিছে মোৰ। ব’ঠাপাটৰ ওপৰত ভেঁজা দি শুই আছিলোঁ মই, কিন্তু কাঠৰ চাপত পিঠিখন ইমান বিষাবলৈ ধৰিলে যে বঠাপাট আঁতৰাই নিবলৈ বাধ্য হ'লোঁ। মোৰ কান্ধ আৰু হাত দুখনো বিষাবলৈ ধৰিছে। আনকি আঙুলিৰে মোৰ গাৰ ছালো চুই চাব পৰা নাই— যেন পোৰা কয়লাহে। চকু দুটাতো পোৰণি উঠিছে॥ স্থিৰ দৃষ্টিৰে কোনো বস্তুৰ ফালেই চাব পৰা নাছিলোঁ। চকু ছাট মাৰি ধৰা উজ্জ্বল পোহৰ চাৰিওফালে। আজিহে যেন মোৰ দুৰৱস্থাৰ উমান পালোঁ। সূৰ্যৰ তাপ আৰু নিমখীয়া বতাহত মই যেন ফাটি-ফুটি যাবলৈ ধৰিছোঁ। খুব সহজেই মই হাতৰ ছাল কিছু এৰুৱাই পেলালোঁ। ছালৰ তলত কোমল আৰু ৰঙা মঙহ। পিছ মুহূৰ্তত পোৰণিত ছট্‌ফটাবলৈ ধৰিলোঁ। নোমকূপৰ পৰা তেজ বিৰিঙি উঠিল।

[ ৬৮ ]

 মই মোৰ দাঢ়ি-চুলিৰ অৱস্থা নো কি নজৰেই দিয়া নাছিলোঁ। এঘাৰ দিন ধৰি দাঢ়ি কমোৱা নাই। গলধনপৰ্যন্ত দাঢ়িৰে ভৰি পৰিছে। চুই চাব পৰা নাই, সূৰ্যৰ তাপত ছালত অসহনীয় যন্ত্ৰণা। মোৰ আপচু মুখ আৰু আহত শৰীৰে স্পষ্ট কৰি তুলিছে এই একাকীত্ব আৰু বিপন্ন দিনবোৰত মই কি অন্তহীন কষ্টৰ মাজেৰে পাৰ কৰিছোঁ। কথাবোৰ ভাবি পুনৰ হতোদ্যম হৈ পৰিলোঁ। পাৰৰ কোনো চিহ্ন নাই। এতিয়া ভৰ দুপৰীয়া। মাটি যে পাম, তাৰ শেষ আশাও নোহোৱা হৈ গ'ল মনৰ পৰা। এতিয়াও

ভেলাস্কোৰ উদ্ধাৰৰ পাছত কলম্বিয়াৰ কাকতৰ বাতৰি

[ ৬৯ ] পাৰ দৃষ্টিগোচৰ হোৱা নাই, বোট বহু দূৰ আগুৱালেও সন্ধিয়াৰ ভিতৰত গৈ পাৰ পোৱাৰ কোনো আশা নাই।

 মই মৰিবলৈ বিচাৰোঁ

 বিগত বাৰ ঘণ্টা ধৰি মোৰ মনৰ মাজত থকা সুখী ভাবটো মুহূৰ্ততে উৰি গ'ল। মোৰ শক্তি নিঃশেষ হৈছে। চেষ্টাও কৰা নাই। ন দিনৰ পাছত মই প্ৰথম মূৰ তল কৰি শুবলৈ ধৰিলোঁ। পিঠি পুৰি গৈছে সূৰ্যৰ তাপত। শৰীৰৰ প্ৰতি মোৰ আৰু কোনো মায়া নাই। এনেদৰে ৰাতিলৈ পৰি থাকিলে, মই নিৰ্ঘাত মৰি যাম।

 মই এতিয়া যন্ত্ৰণাবোৰো অনুভৱ নকৰা হ'লোঁ। অনুভৱ শক্তি শেষ হৈ গৈছে। চিন্তাশক্তি হেৰাই গৈছে। স্থান আৰু সময়ৰ প্ৰতি কোনো ধাৰণা মই কৰিব নোৱৰা হ'লোঁ। বোটৰ মাজত মূৰ তল কৰি, দুয়োখন হাত ওলমাই, এমুখ দাঢ়িৰে মই সূৰ্যৰ নিৰ্দয় অত্যাচাৰ সহি গ'লোঁ নীৰৱে। ঘণ্টাৰ পাছত ঘণ্টা। ধীৰে ধীৰে মোৰ চকুহাল জাপ খাই আহিল। এনে লাগিল, সূৰ্যৰ পোহৰত মোৰ দেহ আৰু জ্বলা নাই। ভোকো নাই, পিয়াহো নাই মোৰ।অনুভূতিহীন জীৱন বা মৃত্যুৰ প্ৰতি মই কোনো উদ্বিগ্ন নহয়। ভাব হ’ল মোৰ মৃত্যু হৈছে। কিন্তু মৃত্যুৰ ভাবনাই পাছমুহূৰ্ততে এটা খীণ আশা কঢ়িয়াই আনিলে।

 চকু মেলি দেখিলোঁ, মই মবিলত। উৎকট গৰমৰ মাজত এটা পাৰ্টীত মই আছোঁ। পাৰ্টীৰ আয়োজন চলিছিল ৰাস্তাৰ ওপৰতে এখন মুকলি কাফেত। মোৰ কাষতে আছে মবিলৰ দোকানৰ ইহুদি কৰ্মচাৰী এজন। আমি নাৱিকবোৰে তেওঁৰ দোকানত কাপোৰ-কানি কিনিছিলোঁ। তেৱেঁই মোক ‘বিজিনেছ কাৰ্ড’বোৰ দিছিল। আঠ মাহ ধৰি জাহাজৰ মেৰামতি চলাৰ সময়ত আমাৰ কলম্বিয়াৰ নাৱিকসকলৰ যত্ন লৈছিল তেওঁলোকে।কৃতজ্ঞতাস্বৰূপে আমি তেওঁলোকৰ পৰা কিনা-কটা কৰিছিলোঁ। তেওঁ স্পেনিছ ভাষা ক'ব পাৰিছিল সলসলীয়াকৈ, যদিও তেওঁ স্পেনিছ ভাষাৰ প্ৰচলন থকা কোনো দেশলৈকে যোৱা নাই।

 কাফেখনলৈ আমি গৈছিলোঁ প্ৰতি শনিবাৰে। তাতে কেৱল ভিৰ বান্ধিছিল ইহুদি আৰু কলম্বিয়াৰ নাৱিকবোৰে। প্ৰতি শনিবাৰে একেগৰাকী মহিলাই নাচিছিল মঞ্চত। মহিলাগৰাকীৰ পেট উন্মুক্ত আছিল। কিন্তু মুখ ঢাকি লৈছিল ওৰণিৰে। ঠিক আৰবী চিনেমাৰ নৰ্তকীৰ দৰে। আমি হাততালি দিছিলোঁ আৰু চুমুক দিছিলোঁ বীয়েৰৰ গিলাচত। আমাৰ সকলোৰে মাজত অধিক উৎসাহী-আগ্ৰহী আছিল মাৰ্চে নাৰ্ছেৰ নামৰ সস্তীয়া কিন্তু চৌখিন কাপোৰ বেচা এই ইহুদি দোকানৰ কৰ্মচাৰীজন।

 নাজানো কিমান সময় ধৰি মই এই বিভ্ৰমৰ মাজত পৰি আছিলোঁ। মবিলৰ পাৰ্টীক [ ৭০ ] লৈ অলীক দুঃস্বপ্ন দেখিছিলোঁ। হঠাৎ জাঁপ মাৰি উঠিলোঁ, যেন দেৰি হৈ গৈছে। হঠাৎ দেখিলোঁ বোটৰ পৰা পাঁচ মিটাৰমান দূৰত দুটা বিশাল স্ফটিকৰ বল। মোৰ পিনে ভূতৰ দৰে চাই আছে। ভাব হ'ল, আকৌ যেন সপোনকে দেখিছোঁ। উঠি বহিলোঁ। ভীষণ ভয় খাইছোঁ। চাৰি মিটাৰ দীঘল দানৱৰ দৰে এই অদ্ভুত জন্তুটোৱে কিছু ক্ষণ মোলৈ চাই থাকি আচম্বিতে ডুব দিলে সাগৰৰ অতল বুকুত। পানীখিনিত ফেনেৰে ওপঙি থাকিল। সপোন নে দিঠক একো বুজিব নোৱাৰিলোঁ।

 মই নিশ্চিত, যদি জন্তুটোৱে আছাৰ মাৰি দিলেহেঁতেন, মুহূৰ্ততে বোটখন লুটি খাই পৰি গ'লহেঁতেন পানীত। কথাটো ভাবি মই ভয়ত কঁপি উঠিলোঁ। সেই ভয়ে মোৰ সম্বিৎ ঘুৰায়ো আনিলে। ভঙা ব’ঠাপাট খামোচ মাৰি ধৰিলোঁ। উঠি বহিলোঁ বোটত, সাজু হ'লোঁ যুঁজ দিবৰ বাবে। বোটখন লুটিয়াই দিবলৈ যি আহে, তাৰ সৈতেই মই যুদ্ধ দিব লাগিব।

 সময় তেতিয়া পাঁচ বাজিছে। সময় আৰু নিয়ম মানি চলা হাঙৰবোৰ নিঃশব্দে আহি ওলাইছে।

 বোটৰ দাঁতিলৈ চালোঁ— য'ত মই প্ৰতিদিনৰ হিচাপ দাগ কাটি ৰাখিছোঁ। আঠটা দাগ। আজিৰ দিনটোৰ দাগ কাটিবলৈ পাহৰি গৈছোঁ। চাবিপাটেৰে ঘঁহি দাগটো দিলোঁ, সম্ভৱতঃ এইটোৱেই শেষ দাগ। জীয়াই থকাতকৈ মৃত্যু আৰু অধিক কষ্টকৰ। পুৱাৰ পৰা মই মোৰ মৃত্যুকে কামনা কৰি আছিলোঁ। তথাপি এতিয়াও মই জীৱিত। হাতত মোৰ এপাট ভগা ব’ঠা। জীয়াই থাকিবলৈ মই এতিয়াও যুঁজ দি যাম, যদিও এই জীৱনৰ কোনো অৰ্থ নাই, কোনো মূল্য নাই।

 ৰহস্যময় শিপা

 তপত সীহৰ দৰেই হৈ উঠিছে সূৰ্য। তৃষ্ণা হৈ উঠিছে অসহ্যকৰ। ঠিক তেনে সময়তে অবিশ্বাস্য ঘটনা এটা ঘটিল। বোটৰ ভিতৰত ৰছীৰ জালৰ মাজত ৰঙচুৱা বৰণৰ এডাল শিপা দেখিবলৈ পালোঁ। বয়াকাত এনেধৰণৰ শিপাৰ ৰসেৰে ৰং কৰা কাম কৰা হয়। এইডালনো কেতিয়াৰ পৰা আছে নাজানিলোঁ। যোৱা নদিন ধৰি সমুদ্ৰত এগছা ঘাঁহো দেখা নাই। শিপাডাল বোটৰ মজিয়াত ৰছীৰ সৈতে সাঙোৰ খাই আছে। তীৰৰ ইংগিত! কিন্তু ক’তো এতিয়ালৈ তীৰ দেখিবলৈ পোৱা নাই মই।

 হাতত লৈ শিপাডাল পৰীক্ষা কৰিলোঁ। কমেও ত্ৰিছ চেণ্টিমিটাৰ দীঘল। মই ক্ষুধাৰ্ত। খাদ্যৰ চৰিত্ৰ বিচাৰ কৰাৰ শক্তি মোৰ নাই। অলসভাৱে শিপাডাল চোবাবলৈ ধৰিলোঁ। তেজৰ নিচিনাই সোৱাদ। মিঠাতেলৰ দৰে কিবা এবিধ ৰস নিগৰি আহিছে। ডিঙিটো আৰাম পালোঁ। শিপাডাল নিমিষতে খাই নিঃশেষ কৰি দিলোঁ।

[ ৭১ ]  কিন্তু ভোজন সমাপ্তিৰ পাছত বৰ এটা ভাল অনুভৱ নহ'ল। সম্ভবতঃ এইডাল জলফাই গছৰ শিপা। বাইবেলৰ গল্পটো মনত পৰিল। নোৱাই যেতিয়া কপৌজনীক মুক্তি দিছিল, সি পুনৰ নৌকালৈ উভতি আহিছিল এডাল জলফাইৰ ডাল লৈ। সেয়া আছিল পাৰৰ ইংগিত। বাইবেলৰ সেই কাহিনীটো মোৰ সঁচা বুলি বিশ্বাস হ’ল। আজি মই সেই জলফাইৰ শিপাৰেই ক্ষুধা আঁতৰাইছোঁ।

 কালিলৈকে পৰম আশাৰে অপেক্ষা কৰিছিলোঁ— মোৰ টোপনি ভাঙিব সমুদ্ৰৰ পাৰত। কিন্তু ইতিমধ্যে চৌবিছ ঘণ্টা কাটি গ'ল। আজি নৱম দিন। যোৱা নটা দিন মই কেৱল চাই আছোঁ সমুদ্ৰ আৰু আকাশৰ পিনে। এতিয়া এই অপেক্ষা অৰ্থহীন যেন লাগিছে। সম্ভৱতঃ মোৰ ঘৰত এই মুহূৰ্তত সকলো আত্মীয়-স্বজন, বন্ধুবৰ্গ আহি উপস্থিত হৈছে। মোৰ বাবে কৰা প্ৰতীক্ষাৰ হয়তো আজি অন্তিম ৰাতি। কাইলৈ সিহঁতে বেদীটো ভাঙি পেলাব। ধীৰে ধীৰে মানি ল’ব যে মোৰ মৃত্যু হৈছে।

 কিন্তু সিদিনা ৰাতিও মই খীণ আশা এৰি দিয়া নাই। কোনোবা নহয় কোনোবাই মোক নিশ্চয় স্মৰণ কৰিব। নিশ্চয় মোক উদ্ধাৰৰ চেষ্টা চলাব। এই কথা যেতিয়া ভাবি মনত আশাৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, তেতিয়া পৰিয়ালৰ বাবে মোৰ মৃত্যুৰ নটা দিন পাৰ হৈ গৈছে আৰু মোৰ বাবে সম্ভৱতঃ মই বাচি থকাৰ শেষতম দিন। সমুদ্ৰৰ বুকুত নিজকে একেবাৰে নিঃস্ব যেন লাগিল। এনে লাগিল যেন চিৎকাৰ কৰি উঠিম— ‘মই আৰু কেতিয়াও উঠিব নোৱাৰিম।' কথাখিনি ডিঙিত আবদ্ধ হৈ পৰিল। একোৱেই উচ্চাৰণ কৰিব নোৱাৰিলোঁ।

 স্কুলীয়া দিনবোৰলৈ মনত পৰিল। 'ভাৰ্জিন অৱ কাৰমেন’ৰ মেডেলটো ওঁঠেৰে স্পৰ্শ কৰিলোঁ। প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ কাতৰভাৱে। হয়তো মোৰ ঘৰতো প্ৰাৰ্থনাৰ পূৰ্ণ আয়োজন চলিছে। ভাব হ’ল— ওহোঁ নাই, মই জীয়াই থকা নাই। মোৰ মৃত্যু হৈছে।