পৃষ্ঠা:চিন্তা-কলি.djvu/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫১
চিন্তা-কলি


বস্তু ভাগ কৰি নিলে, অর্থাৎ ভগীয়াই সৰু সৰু কৰিলে, অর্থাৎ সৰুতকৈ সৰু কৰিলে, অর্থাৎ যৎপৰােনাস্তি সৰু কৰিলে, তাৰ স্থূল দেহ নাথাকে, অর্থাৎ আকাৰ নাথাকে, থাকে কেৱল সূক্ষ্ম দেহ, অর্থাৎ গতি। বিজ্ঞানৰ গুণত বুজা গৈছে যে, দৃশ্যমান শৰীৰটো একো নহয়, ই এটা ভুৱা বা বাজিকৰৰ ফাং। ই গতিৰ বা শক্তিৰ সমষ্টি মাথােন। বিজুলী এটা গতি, ইও অৱস্থা বিশেষত চকুৰ গােচৰ হয়। দৃশ্যমান সকলাে বস্তু গতিৰ এটা বিশেষ অৱস্থা মাথােন।

 চিৎ এটা অনুমানৰ বস্তু, ইয়াক কোনেও চকুৰে দেখা নাই বা আন কোনাে ইন্দ্রিয়েৰে বােধ কৰা নাই, কেৱল বিশ্বৰ বস্তুবিলাকৰ প্রকৃতি দেখি মানুহে চিৎ আছে বুলি অনুমান কৰে। চিৎ বুদ্ধি জ্ঞানৰ এটা বেলেগ নাম। বিশ্বৰ বস্তুবিলাক এনেৰূপে সৃষ্ট হৈছে যে, তাৰপৰা স্ৰজোঁতাৰ জ্ঞান বুদ্ধি বিদিত হৈ পৰিছে, অর্থাৎ জ্ঞান বুদ্ধি নথকা লােকে বস্তু সেইদৰে কৰিব নােৱাৰিলেহেঁতেন। প্রত্যেক বস্তুতেই উদ্ভাৱন আৰু মৰণৰ মন্ত্র বন্ধা আছে, অর্থাৎ বস্তু উৎপন্ন হবলৈ বা লয় হবলৈ কোনেও কাৰবাৰ কৰিব নালাগে। এটা বস্তুৱে তাৰ সদৃশ আন এটা বস্তু উৎপন্ন কৰিব পাৰে। মানুহে মানুহ কৰিব, গছে গছ কৰিব পাৰে, আৰু চিৰকাল কৰিব লাগিছে। সেইদৰে জগতে জগৎ কৰিব পাৰে, অর্থাৎ এক জগৎ লয় হলে আকৌ তাৰপৰা নতুন জগৎ উদ্ভৱ হব পাৰে, নতুন জগৎ কৰিবলৈ আন নতুন কাৰবাৰ কৰিব নালাগে। বিশ্ব নানা জগতৰ সমষ্টি, তাৰো লয় আছে, আৰু