সমললৈ যাওক

পৃষ্ঠা:চিন্তা-কলি.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
চিন্তা-কলি৷

বুৰিলেও বুকুত চলি থাকে। বুকুত নাইকিয়া হলেই মানুহৰ মৰণ হয়। মানুহ, পশু, পক্ষী ইত্যাদিৰ বাহিৰে অন্য গমন জীৱবিলাকৰো গাৰ ভিতৰত এডোখৰ ঠাই আছে, সেই ঠাই ডোখৰত জীৱন গতিৰ যন্ত্ৰ থাকে, তাৰপৰা গতি ওলাই গাৰ অন্যান্য ঠাইত দেখা দিয়ে। এই ব্যৱস্থা গমন জীৱ সম্বন্ধেহে, গজন জীৱৰ ব্যৱস্থা বেলেগ। গছ-গছনিবোৰ লৰিচৰি ফুৰিব নোৱাৰে, কিন্তু সেই বাবে সিহঁতৰ গতি নাই বুলি ভাবিব নালাগে, সিহঁতৰ ভিতৰতো গতি আছে। গছ বা লতা পুলিৰপৰা ডাঙৰ হয়। ডাঙৰ হয় কিহৰ বলত? কি ক্ৰিয়াৰপৰা খুদৰ মান পুলিটো বা অঙ্কুৰটো কালত গৈ এডাল বৃহৎ গছ হৈ উঠে। গতিৰ ক্ৰিয়াৰপৰা, অৰ্থাৎ গতিৰ বলত হয়। মানুহকে আদি কৰি জীৱ জন্তুবিলাকৰ মাতৃ-গৰ্ভত শৰীৰ সৃষ্টি হয়। শৰীৰৰ আদি অৱস্থা এডোখৰ মঙহ মাথোন, তাত হাত ভৰি বা কাণ মূৰৰ কোনো চিনেই নাথাকে। সেই শৰীৰত তেতিয়া ধিপ্‌ধিপনিও নাথাকে। কিন্তু ধিপ্‌ধিপনি নাই দেখি তাৰ ভিতৰত কোনো গতি নাই বুলি ধৰিব নালাগে। মঙহ ডোখৰ পূৰ্ব্বে মঙহ নাছিল, এবিধ পনীয়া বস্তু আছিল, সেয়ে কালত গোট মাৰি মঙহ হল; পিচত সেই মঙহ ডোখৰ অনুক্ৰমে বাঢ়ি বাঢ়ি শৰীৰৰ আকাৰ ধৰিলে, অৰ্থাৎ তাৰপৰা কাণ ওলাল, হাত গজিল, ভৰি গজিল। তেনেহলে সেই মঙহ ডোখৰত বা আদিৰ সেই পনীয়া বস্তুটোত এটা গতি চলি নাছিল নে?