পৃষ্ঠা:চিন্তা-কলি.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
চিন্তা-কলি৷

 গতি কি? গতি এটা বল। বল কেনে? যি গুণত বা যিহৰ প্ৰভাৱত বস্তুৱে এটা আকাৰ এৰি আন এটা আকাৰ ধৰে। মাটিত বল আছে, কিয়নো মাটিয়ে মাটিৰ আকাৰ এৰি নাগ মাটি হয় বা শিল হয়। দলিৰ এবিধ বল আছে, কিন্তু মাটিৰ বল আৰু দলিৰ বল একে নহয়। দলিৰ বল ধাৰ কৰা বল, সেই বল দলিয়ে তোমাৰপৰা ধাৰ কৰি লৈছে, তাকে ব্যৱহাৰ কৰি সি এঠাইৰপৰা আন ঠাইলৈ যায়। কিন্তু মাটিৰ বল নিজা সুকীয়া বল। সেই বল মাটিৰ লগত জন্ম পাইছে বা সেই বলৰ যহত মাটিয়ে জন্ম পাইছে। এই বল পৰমাণু মাত্ৰতে আছে। অনেক পৰমাণু গোট খাই এটা বস্তু হয়। সেই দেখি বস্তুত বল থাকে, সেই দেখি শৰীৰৰ ভিতৰতো বল থাকে। এই বলে আদিতে প্ৰাণীৰ শৰীৰ বঢ়ায়, পিছত টুটায়, অৰ্থাৎ পচাই মাটি কৰে। কিয় মাটি কৰে? কিয় পচায়? কেৱল বঢ়াই নাথাকে কিয়? দেখা যায়, যেতিয়ালৈকে প্ৰাণীৰ জীৱ থাকে, অৰ্থাৎ প্ৰাণীটো জীয়াই থাকে, অৰ্থাৎ সি লৰিচৰি ফুৰিব পাৰে, তেতিয়ালৈকে প্ৰাণীৰ শৰীৰটো নপচে পিছত অৰ্থাৎ লৰিচৰি ফুৰিব নোৱৰা হলে অৰ্থাৎ মৰিলে শৰীৰ পচিবলৈ ধৰে। মৰণ কেতিয়া হয়? যেতিয়া বুকুৰ ধিপধিপনি নাইকিয়া হয়, অৰ্থাৎ ধিপধিপনিৰ যন্ত্ৰটো বন্ধ হয়। প্ৰাণী মৰা মাত্ৰই শৰীৰ পচিবলৈ আৰম্ভ কৰে। পচে কেনেকৈ? যিমান পৰমাণু গোট খাই শৰীৰটো হৈছিল, সেই পৰমাণুবিলাক