পৃষ্ঠা:চিন্তা-কলি.djvu/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৪
চিন্তা-কলি৷

সিহঁতৰ সেই আকৃতি নলগা হল। গতিকে সিহঁতেও অনুক্ৰমে মাটি হৈ সিহঁতৰ আদিৰ মূৰ্ত্তি ধৰিলে। প্ৰতিমাৰ শৰীৰ এইদৰে পৰিবৰ্ত্তন হয়। মানুহ আৰু আন আন জীৱ জন্তুৰ শৰীৰো এই দৰেই পৰিবৰ্ত্তন হয়। মানুহ মৰিলেও তাৰ শৰীৰৰ পানী ভাগ পানীত আৰু মাটি ভাগ মাটিত লগ লাগে। এতেকে আদিৰ যিবোৰ বস্তু সেইবোৰ সকলো থাকে অৰ্থাৎ যিবোৰ বস্তু গোট খাই শৰীৰটো হৈছিল সেইবোৰ বস্তুৰ লয় নাই, কেবল সিহঁত আগেয়ে এটা আকাৰত আছিল, এতিয়া সিহঁতে আন এটা আকাৰ ধৰিলে।

 শৰীৰ লয় হয়, অৰ্থাৎ সৃষ্ট বস্তু লয় হয়, কিন্তু জীৱনগতিৰ লয় নাই। এই দুৰ্জ্জয় গতি শৰীৰ খণ্ড খণ্ড হলেও থাকে, জীৱৰ মৰণ হলেও ইয়াৰ কাৰ্য্য শেষ নহয়। এই গতিৰ গুণত নানা বস্তুৱে নানা সময়ত নানা মুৰ্ত্তি ধৰিব লাগিছে। শৰীৰৰ মৰণ হলে, হাড় মঙহ মাটি হয়। মাটি হয় কেনেকৈ? মাটি হয় সেই গতিৰ গুণত। হাড় মঙহ বাঢ়োঁতে যেনেকৈ তিল তিলকৈ পলে পলে বাঢ়ি আছিল, পচি মাটি হওঁতেও তেনেকৈ তিল তিলকৈ পলে পলে মাটি হবলৈ ধৰে। গতিকে পূৰ্ব্বে যেনে জীৱনগতি অবিৰামভাৱে চলি আছিল, এতিয়াও সেই দৰে অবিৰাম ভাৱে চলি থাকে। এইদৰে হাড় মঙহ অনুক্ৰমে একেবাৰে মাটিৰ আকাৰ ধৰিলে গতি কলৈ যায়? গতিও লোপ হয়নে? নহয়, এই গতি লোপ হোৱা বস্তু নহয়। ইয়াৰ কাৰ্য্যৰ অন্ত নাই, ইয়াৰ হাতৰ আহৰি