সমললৈ যাওক

পৃষ্ঠা:চিন্তা-কলি.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
চিন্তা-কলি।

উদ্ভৱ আছে। মুঠতে কব লাগিলে সকলো বস্তু বাৰে বাৰে হৈছে আৰু মৰিছে, হৈছে আৰু মৰিছে, কিন্তু হবলৈ আৰু মৰিবলৈ নতুন আহুদি নালাগে,স্ৰজোঁতাই আদিতে মৰণৰ আৰু জনমৰ আহুদি বস্তুৰ ডিঙিত বান্ধি দিছে। এই ব্যৱস্থা বুদ্ধি নথকা কোনোবা বস্তুৰ পৰা ওলাব পাৰে নে? কেতিয়াও নোৱাৰে। এতেকে, সৃষ্টিৰ আদি কাৰণ কেৱল শক্তি আৰ্থৎ গতি নহয়, সেই শক্তি বা গতিত জ্ঞান আছে, বুদ্ধি অৰ্থাৎ তাৰ ভিতৰত বেয়া ভাল বুজিবৰ ক্ষমতা আছে। এইটো মানুহৰ অনুমান। এই অনুমান দুজন চাৰিজনৰ বাজে পৃথিবীৰ সকলো মানুহে সঁচা বুলি মানি লৈছে। কিন্তু এই চিৎ শক্তি প্ৰকৃতি কি? ই কি বস্তু?