পৃষ্ঠা:গল্পাঞ্জলি.pdf/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৮
গল্পাঞ্জলি

মাৰি ধৰিলে। মৰমৰ পাত্ৰৰ কোনো এটা কথা পাহৰিবৰ নে? কোন হৃদয়হীনে তাক পাহৰিব পাৰে, বা মনত পৰিলে চকুৰ পানী এটোপা নেপেলোৱাকৈ থাকিব পাৰে? ময়ো অৰ্থহীন এটোপা চকুপানীৰে মালতীৰ স্মৃতিৰ উদ্দেশ্যে তৰ্পণ কৰিলোঁ! মোৰ লকেটত মালতীৰ সৰু ছবি এটি সুমাই থৈছিলোঁ। সেই স্মৃতিৰ পট, সেই নিৰ্থক প্ৰতিকৃতি ৰামদাসক দেখুৱালোঁ। হায়, মানৱ জীৱন! কাকত আৰু মহীৰে সজা প্ৰতিকৃতি এটাতকৈয়ো ই নশ্বৰ, ক্ষণস্থায়ী!

( ৫ )

 “আহা হে, আমাৰ ঘৰতে চাহ এটোপা খাই যাবাচোন।” এতিয়াহে মোৰ মৰণ; মোৰ তো আপত্তি নায়েই। কিন্তু মানুহে দেখিলে! পিতায়ে শুনিলে! মোৰ চোন বিলাইৰ কথাকে নকওঁ পিতাৰ কি অৱস্থা হব। সমাজৰ আগত দেখোন তেওঁৰ নাক উলিওৱাই টান হব। পেটৰ অসুখ, চাহ খোৱাত মোৰ তৃপ্তি নাই, ইত্যাদি যিবোৰ ছল দেখুৱাব পাৰি, তাৰ আধ্যা কৰিলোঁ। কিন্তু ৰামদাসে যেতিয়া কলে,—“বাৰু,বাৰু!থোৱা তোমাৰ অসুখ! মই আচল কাৰণটো জানো; তোমাৰ জাত যায়, হয় নে হে? তাহানি যে কলিকাতাত টপাটপ মুৰগীৰ কণীৰ শ্ৰাদ্ধ কৰি, ইমান উদাৰতাৰ লেক‌্চাৰ ফেক‌্চাৰ দি, এতিয়া এনেটো ভেকোচন্দ্ৰ সাজিছা!”—তেতিয়া আৰু কি উপায়! মৰণত শৰণ দি অগত্যা গলোঁ গৈ। তেওঁৰ ঘৰৰ ওচৰ পোৱাত