পৃষ্ঠা:গল্পাঞ্জলি.pdf/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৭
পুনৰ্জন্ম

( ৪ )

 “আচ্ছা, ভায়া, তুমি যে তাহানি কলেজত থাকোঁতে তোমাৰ সৰু ভনীয়েৰা এজনীৰ কথা কৈছিলা, তেওঁ এতিয়া ঘৰতে আছে নে কৰবালৈ দিয়া হল? সেইবোৰ কথা এতিয়াও নতুন যেন হে লাগে অথচ সি চাৰি-পাঁচ বছৰ আগৰ।”

 “নুলিয়াবা, ভাই, সেইবোৰ কথা!” এই বুলি মই ৰামদাসৰ আগত সেই দুখৰ কাহিনীৰ মোনা মেলিলোঁ! কেনেকৈ ভাল পাত্ৰ নোপোৱাত মালতীক ডাঙৰলৈ বিয়া নিদি ৰাখিব লগীয়া হৈছিল; কেনেকৈ দুই বছৰমানৰ আগেয়ে মাই আৰু পিতাই কামাখ্যা চাবলৈ আহাত ময়ো তেওঁবিলাকৰ লগত আহিব লগীয়া হৈছিলোঁ। মালতী তেতিয়া ১৫-১৬ বছৰীয়া—কেনেকৈ অকলে ঘৰত এৰি আহিব নোৱাৰি তাইকো লৈ আহিব লগীয়া হৈছিল। আমি যাত্ৰা কৰাৰ ফিৰা দিনা কেনেকৈ ব্ৰহ্মপুত্ৰৰ মাজতে ধুমুহাই পালে—কেনেকৈ নাও ডুবিল—কেনেকৈ আমাক ডোমৰ নাও কেইখনমানে তুলিলে। কেনেকৈ আমি অজ্ঞান আৰু বুদ্ধিহত হৈ আছিলোঁ—পাৰ পাই হে কেনেকৈ আজলী মালতীৰ কথা মনত পৰিল-তাৰ পাছত নিষ্ফল অম্বেষণ, বৃথা ক্ৰন্দন, নৈৰাশ্যৰ হাহাকাৰ, সকলো কথা বিবৰি ৰামদাসৰ আগত কলোঁ। আজলী মালতীৰ মৰম-সানা মাত, নাৱৰপৰা চাৰিওফালৰ গহীন শোভা দেখি তাইৰ নাচি উঠা ৰং; ধুমুহাৰ দিনাৰ ভয়ৰ আৰ্ত্তনাদ, পানীত পৰি উদ্ধাৰৰ বাবে ব্যৰ্থ কাকূতি—এইবিলাক কথা মনত পৰাত সিদিনাও শোকে খুন্দা