পৃষ্ঠা:গল্পাঞ্জলি.pdf/৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৯
পুনৰ্জন্ম

ভালকৈ ইফাল সিফাল চাই লৰ এটা মাৰি একেলগে ঘৰৰ ভিতৰ পালোঁ গৈ—জানোচা কোনোবাই দেখে!

( ৬ )

 তাৰে ফিৰাদিনা মই ৰামদাসৰ ঘৰৰ পদূলিত, ৰামদাসো মোৰ ওচৰতে। এনেতে এখন ঘোৰাৰ গাৰী তাতে থিয় হলহি; আৰু তাৰ ভিতৰৰপৰা বিশুদ্ধ হিন্দু সমাজৰ অগ্ৰণী মোৰ পিতা আৰু তেওঁৰ সহধৰ্মিণী মোৰ মাতৃদেৱী ওলাই আহি সমাজদ্ৰোহী ৰামদাসৰ ঘৰৰ ভিতৰলৈ সোমাই গল।

( ৭ )

 ৰামদাসে কলে, “হয়! আপোনালোকে যিখিনি কলে, তাৰে পাছৰপৰাই মোৰ কথাৰ আৰম্ভ৷ আমিও সেই সময়তে কামাখ্যালৈ আহিছিলোঁ—মোৰ বেছ মনত আছে, তেতিয়া ফাগুন মাহ, অৰ্দ্ধোদয়া-যোগ৷ ধুমুহাৰ আগন্তুক বুজিব পাৰি কামাখ্যাৰ ওচৰৰ বালিতে আমাৰ নাও বান্ধা হৈছিল। ধুমুহাৰ পাছত মুকলি হোৱাত বালিত দেখিলো—মৰা শ এটি; ওচৰলৈ গৈ দেখিলো ছোৱালী এজনী, তেতিয়াও জীয়াই আছে। সেয়ে আপোনালোকৰ চেনেহৰ মালতী! মালতীক অলপ পাছতে চিনি পালোঁ। ককায়েক মোৰ কেনে বন্ধু জানেই। তেওঁ কব পাৰিব কি কাৰণে মই মালতীক মানুহৰ গঞ্জনা সহিও বিয়া কৰাব লাগিছিল।”