পৃষ্ঠা:গল্পাঞ্জলি.pdf/৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

পুনৰ্জন্ম

( ১ )

 আবেলি চাহটোপা খাই কানি-কাপোৰ পিন্ধিবলৈ কাৰবাৰ কৰিছোঁ—অলপমান ফুৰি আহিবৰ মন৷ এনেতে আলিৰপৰা কোনোবাই মাত লগালে, “কি কৰিছা হে? এতেখানি পৰ নামাতাই চোন।” খিৰিকীৰে চাওঁ, ৰামদাস। “ৰবা অলপমান” এই বুলি খৰধৰকৈ ফুৰিবলৈ ওলালোঁ—দুয়োৰো সেই দিনা পৰ্ব্বতৰ কাষলৈ ফুৰিব যোৱাৰ কথা আছিল।

( ২ )

 ৰামদাসৰ লগত তাহানিৰ কলেজতে চিনাকি। দুয়ো একে লগে পঢ়িছিলোঁ আৰু কেটামান দিন একেলগে একে মেছতে একেটা কোঠালিতে থাকিছিলোঁ৷ তেওঁ বি, এ, ফি, এ পাছ কৰি এতিয়া এজন হাকিম—চাকৰি পোৱাৰ অলপ দিনৰ পাছতেই আমাৰ চহৰ খনলৈ আহিছে মাথোন। আমাৰ ফালে হলে সৰস্বতীৰ কৃপা নহল; বীণাপাণিৰ অলপ—কাৰণ দুই এটা গত বজাবলৈ শিকিছিলোঁ। বৰ্ত্তমান পিতৃদেৱতাৰ ওকালতি আয়ৰ ভাগ লোৱা হয়; ঘৰ চলোৱাৰ আছিলাত ইফালে সিফালে যোৱা হয়; থিয়েটাৰত নাচ-গান কৰা হয় আৰু কোনো মতে পেটৰূপী জনাৰ্দ্দনৰ পূজা-সেৱা চলোৱা হয়। মুঠতে ৰামদাস সম্ভ্ৰমী লোক; আমি “বাজে মাৰ্কা”। যি হক আমাৰ কলেজৰ দিনৰ