পৃষ্ঠা:গল্পাঞ্জলি.pdf/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৫
পুনৰ্জন্ম

বন্ধুত্ব গুচা নাছিল; কিন্তু দুখৰ কথা, তেনে বন্ধুত্ব থাকাও নাছিল। নাথাকাত যে মোৰ বা ৰামদাসৰ কিবা এটা দোষ আছিল, তেনে নহয়। আমি ভাল-বেয়া, শুধ-অশুধ, ধুতি-বিধুতি—একো কথা নাজানো, সুতৰাং নামানো। সকলোকে সমান কৰি, সমানভাৱে, সকলো ঠাইতে সকলোকে আত্মবৎ ভাবি, খাই ফুৰাত আমাৰ কোনো আপত্তি নাই। আমাৰ শাস্ত্ৰই সৰু-ডাঙৰৰ কথাকো নকয়। কিন্তু এই বুৰা সমাজটো! চকু চৰহা, কূৰ্চ্চটিয়া, চকুত-চলিহাই-ধৰা, কুঠাৰৰ-কাণ-নমনা-অথচ-বেজীৰ-জলঙা-মনা এই কুন্ধচ বুৰা সমাজটো! ইয়াৰ নো কোব সহিবা কিমান৷ ইয়াৰ অত্যাচাৰত সুখেৰে শান্তিৰে ভাত এসাজ খাব নোৱাৰিলো। এই বুৰা সমাজটোৰ ভয়তেই কঁপি-ডৰি ফুৰিব লগীয়া হোৱাত, আমাৰ দুটাৰ ভিতৰত আগৰ দৰে বন্ধুত্ব থাকাত অলপ বাধা পৰিছিল।

( ৩ )

 ৰামদাসৰ পিতাকে তাহানি গোৱালপাৰা জিলাৰ কোনোবা এখন জমিদাৰীৰ কোনোবা এজন জমিদাৰৰ তলত নায়েব-নে-নাজিৰ এনে কিবা এখন বিষয় খাইছিল। তেওঁ হুনু কেনেবাকৈ কেতিয়াবা কাৰবাৰ এজনী ছোৱালী পাই ঘৰতে তুলি-তালি ডাঙৰ দীঘল কৰিছিল। আমাব শাস্ত্ৰৰ বচন-“অজ্ঞাত কুলশীলস্য বাসো দেয়ো ন কস্যচিৎ”—এই কথাটো মানি চলা নায়েব-নাজিৰ-বিষয় খোৱা ৰামদাসৰ পিতাকৰ উচিত আছিল। সেইটো