কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/চতুৰ্থ সৰ্গ
⸺>><<⸺
"My wife my wife! what wife? I have no wife;
0, insupportable। 0, heavy hour!
Methinks it should be now a huge eceipse
of sun and Moon, and that the affrighted globe
Did Tawn at alteration.”
⸺Shakespeare.
বসন্ত কালৰ ধীৰ পুঁৱতী বতাহ
ৰিব্ ৰিব্ কৰি বলে প্ৰাণ শীতলাই।
দেখা দিলে পুবফালে ৰঙ্গচুৱা বেলি,
সাৰ পালে জীৱ জন্তু ন পৰাণ পাই।
নিজৰ জগত হল আকউ সজীব,
আকউ পােহৰ পৃথিবী এন্ধাৰ।
জৰিলে চৰায়ে গান সুললীত সুৰে,
শুনি সি সঙ্গীত ভাগে টোপনী ৰজাৰ॥
সাৰ পাই চকুমেলি দেখিলে ৰজাই,
এতিয়াও আছে ৰাণী ঘােৰ টোপনীত।
(নাই সাৰ নাই সুৰ, নাই কাটি কুটা)
নিমাত অচল হই কোমল তুলিত।
আহা! কি মধুৰ ৰূপ! লাৱন্য অতুল!
মৰ্ত্তৰ সৌন্দৰ্য্য যেন একে ঠাই হই
পৰি আছে সুকোমল সুন্দৰ শয্যাত,
লাৱন্যে ভৰাই কোঠ মনােহৰ কই!
ফুলৰ সুন্দৰী যেন তিয়াগি ফুলনী
শুইছে বিভােৰ হই নীৰৱ নিমাত।
আহা! কি মাধুৰী আহা মধুৰ অতুল!
কৰিছে বিৰাজ এই শােৱনী কোঠাত।
জোন যেন মুখ খনি, ৰঙ্গচুৱা গাল,
পৰিছে মুকলি হই খোপা মনােহৰ,
মুদা-মুদা চকু দুটা; যদিও টোপনি
তথাপি হাহিছে যেন আনন্দ অন্তৰ॥
কোমল গাৰুত মুৰ বাঁও ফালে হলা
চন্দ্ৰহাৰ বাঁও ফালে ওলমি পৰিছে।
সোঁ কানত জিলিকিছে মিনাকৰা কেৰু,
বাও কানে পিন্ধা কেৰু গাৰুত লাগিছে।
আছিলে খোপাত বহু ফুল ঢোপা কলি,
পুৱাৰ বতাহ পাই ফলিছে উলাহি।
কিব অনুপম ৰূপ! আজি কুঁৱৰীৰ,
চাৰু কাষে বিৰাজিছে মিচিকীয়া হাঁহি।
ৰমক জমক কৰি জিলিকি উঠিছে
মুগাৰ দোলেৰে গঁথা বাখৰুৱা মনি
ধাৰে ধাৰে কুঁৱৰীৰ সুন্দৰ দিঙ্গিত।
আহা! কি মধুৰ ৰূপ! কেনুৱা লৱনী!
“মনিমৰা” খাৰু জ্বলে পােহৰাই কোঠা
মৃণাল সদৃশ, আহা! হাতত ধুনীয়া।
আঙ্গুলীত জিলিকিছে লাহৰ আঙ্গঠী
জেঠি-পটা গৰু-চকু বাবৰি ফুলীয়া।
বদলাৰে বনকৰা পিন্ধি আছে ৰিহা
ন মেখেলা শিংখাপৰ (ভমকা ফুলীয়া);
জিলিকিছে সেন্দুৰৰ ফোঁট কপালত,
কেনে মনােহৰ শোভা, মধুৰ, অমিয়া।
জোলাৰ-হাতৰে-বােৱা গুনাৰ-ফুলায়
পাৰি দিয়া কাপােৰত বুটা জিলিকিছে।
এনয়ে ধুণীয়া, তাতে কুঁৱৰীক পাই,
সােনােৱালী বুটা আৰু দুগুনে জ্বলিছে।
মিহলি হইছে যেন সুৱগা সােনত,
কিম্বা পদুমৰ গাত অগুৰু চন্দন,
কিম্বা শােভদেৱী নিজে আহিছে ইয়াত
(ৰাণীৰ কাষত) লই শােভা অতুলন।
দেখিছোঁ অনেক ৰূপ এই দুচকুত
বহু সুন্দৰীৰ বহু ফটোগ্ৰাফ ছবি,
পঢ়িছোঁ কাব্যত বহু নায়িকাৰ ৰূপ,
মনােহৰ কৰি যাক আঁকিছিলে কবি।
দেখিছোঁ বিয়াত কত ৰূপহী ছােৱালী
লানি লানি পিন্ধে ফুল খোঁপা ভৰি ভৰি,
ৰঙ্গাচন্দনৰ ৰেখা লয় কপালত,
সেন্দুৰ নীলৰ ফোঁট সাৰি সাৰি কৰি।।
দিঙ্গি ওপছাই কত পিন্ধে মনি বিৰি,
কানলতি-চিঙ্গা কেৰু দুখনী কাণত।
মুগা, পাট, শিংখাপৰ নতুন মেখেলা
উলহ-মালহ কৰি পিন্ধে আনন্দত।
এই বয়সতে হায়! দেখিলো বহুত,
বহু ৰূপহীয়ে মুখ চাই দপােনত
তিনি ভেঙ্গুৰিয়া কৰি ভাঙ্গে পেঁছ টাৰি,
আটক-ধুণীয়া কৰি উলাহ মনত।
(নোহে কিন্তু কুভাবেৰে। ই ঘৰে সিঘৰে
দেখিলাে গাভৰু বহু—মুখ সুন্দৰীৰ।
সিলােকো ৰূপহী সঁছা, লাৱণ্যেৰ ভৰা,
তুলনা একোতে কিন্তু নহয় ৰাণীৰ।
ৰাণীৰ অতুল ৰূপ স্বৰ্গীয় সৌন্দৰ্য্য,
ৰজাই আছিল বহু বেলিলকে চাই,
ৰিহাৰ আগত পাছে দেখিলে গাঁথিটী,
কিনো আছে বুলি তেওঁ চালে মােকোলাই
মােকোলালে ৰিহা-গাঁথি পৰিলে ওলাই
চিঠি খনি (কুঁৱৰীয়ে কালি ৰাতি লিখা);
পঢ়ি চালে আদি অন্ত, ক’লে মনে মনে,
“শেষ হল আজি মােৰ হৃদয়ৰ আশা।
উস!—
পৰাণতো বেছি বুলি যাক ভাবিছিলোঁ”
দুখে হুমণীয়া কাঢ়ি ভাবিলে ৰজাই,
“তাৰে কি এনুৱা ভাব? এনুৱা স্বভাৱ?
তিৰু তাত নে-কি হায়! বিশ্বাসেই নাই?
ভােগাইছে ৰাজ-ভােগ ৰাণীয়ে এতিয়া,
আছে কত সুখে হায় ই ৰাজ পুৰত।
পৰাণে সইতে মই কত ভাল পাওঁ,—
তথাপিও আশা উস্! পৰ পুৰুষত।
ধিক্ ধিক্! শতধিক্। তিৰীৰ প্ৰেমত!
আৰু ধিক, শত ধিক! প্ৰেম শবদত!!
ধিক্ ধিক্ 'লক্ষ ধিক্' প্ৰণয় সলনী
আত্ম বিসৰ্জ্জন কৰা নাভাবি নুগুনি।
একমনে ৰাতি দিন যাক পুজিছিলোঁ
হৃদয়ৰ দেবী ভাবি হিয়া মন্দিৰত,
য ৰ মুখ খনি দেখি, লাৱণ্য সুন্দৰ,
অপাৰ আনন্দ পাওঁ জগত মাজত।
দুৰ্ভাগ্য ফেৰত হায়! হৃদয়ৰ দেবী
পিশাচিনী! হৃদয়ত জ্বলালে অগনি!
মৰু সমনীয়া আজি শান্তি সৰােবৰ!
বুৰিলে শোকৰ মণ, নাপাওঁ তৰণী॥
উস্!
প্ৰকৃতি দেবীৰ, হায়! কোমল কোলাত
কেচুৱা লৰাৰ দৰে আছিলোঁ যে শুই!
কোনেনাে জগাই মােক কিয় কন্দুৱালে
জ্বলালে কোনেনা এনে হৃদয়ত জুই?
দিম বুলি প্ৰতিমাক সাদৰে পিন্ধাই,
জীৱনৰ তুলি ফুল গাঁথিছিলাে মালা!
অকালতে হই গল, হায়! অকস্মাত
দশমী দিনাৰ, উস,! সন্ধীয়াৰ বেলা!!
মৰহি যে গল ফুল, শুকালে যে পাহি!
ফুল গুছি হল, হায়! চকুলো চকুৰ!
উঘলিলে আশালতা কাল বতাহত,—
ভাগিলে লাহৰী বীনা সুৱলা মধুৰ॥
সুখৰ সুন্দৰ ছবি দেখােতে দেখােতে
লুকালে মিহলি হই ঘােৰ অশান্তিৰ
কলা দাৱৰত হায়! কান্দিছে পৰাণ
কিযে বিষাদত অজি! হৃদয় অথিৰ
প্ৰাণেশ্বৰি! প্ৰিয়তমা! হৃদয়ৰ দেবি!
কিয়নাে জ্বলালা মােৰ জুই হৃদয়ত?
অতভাল পাওঁ মই, কিন্তু নে কি তুমি
কৰোঁ অত আশা, হায়! পৰপুৰুষত?
পতিব্ৰতা ধৰ্ম্ম প্ৰিয়ে! এয়ে কি তােমাৰ?
এয়েকি তােমাৰ হায়! সতীত্বৰ ছিন?
এয়েকি তোমাৰ, হায়। পবিত্ৰ প্ৰণয়?
সৰলতা-সানি-থােৱা স্বাভাব গহীন?
বামুণ নন্দক তুমি অত ভাল পােৱা?
পৰপুৰুষত, হায়! এনেকুৱা আশা?
নিৰ্ম্মল হিয়াত এনে অপবিত্ৰ ভাব?
ভাঙ্গিলা হঠাত কিয় সুখময় "বাসা"?
কিনে কুক্ষণত, প্ৰিয়ে। লিখিছিলা চিঠি?
জ্বলালা হিয়াত মােৰ দাৰুণ অগনি!
শোক সাগৰত মোৰ বুৰিলে হৃদয়,
অনন্ত, অপাৰ, হায়! নাপাওঁ তৰণী!
এই দৰে নীলাম্বৰে (কমতা ৰজাই)
দুখে শােকে কত ভাবি অপােন মনত,
শােৱনী-কোঠাৰ পৰা আহিলে ওলাই
অথিৰ-অবিৰ হই মনৰ দুখত।
এনেতে আহিল সখী (গােলাপী আইতী)
জগালেহি কুৱাৰীক ধীৰে ধীৰে কই,
সাৰ পাই কুৱৰীয়ে চালে চকু মেলি,
উঠিলে সখীক দেখি হৰষিত হই।
“অত বেলি লই শুলা” কয় গােলাপীয়ে,
“কিয়, সখি! আজি তুমি? শুলে বেলিকই
নালাগেনে গাটী বেয়া? মােৰ হলে, সছা,
“লাগে দেখোঁ বৰ বেয়া গা বেয়া হয়।”
“এৰা সখি! আন দিন উথোঁ সােনকালে,
মধুৰ মিচিকি হাঁহি কুৱৰীয়ে কয়,
“লাগে মােৰৰ গাটো বেয়া, বেলি কৰি শুলে
ৰাই জাই লাগে দেখো, জ্বৰ-জ্বৰ হয়!
কিন্তু, সধি! যােৱা ৰাতি বহু পৰলকে
সাৰেৰে আছিলোঁ মই টোপনী গলত
মহাৰাজ, চিঠিখনি লিখিলো তােমাৰ।”
এই বুলি চালে ৰাণী ৰিহাৰ আগত।
ৰিহাৰ আগত চাই হল আচৰিত,
নাই তাত চিঠি খনি, ৰাণীয়ে মনত
কোনে নিলে, থলে কত? এই দৰে ভাবি
বিচাৰিলে, গাৰু আৰু তুলিৰ তলত।
নাপালে, নােলালে চিঠি,—কলে কুঁৱৰীয়ে,
“চিঠি খনি চুৰকৰি নিলে কোনােবাই।
নতু থলোঁ কৰবাত,—কিন্তু পাহৰিলোঁ,
বিচাৰি নাপাওঁ দেখোঁ! কতো সখি! নাই।
যদি কোনােবাই পালে, বৰ বেয়া হল।
গােপনীয় কথা, সখি! তেনেই ওলাল!
থলে যদি কৰবাত, পাহৰিহে আছোঁ,
তেনে একো কথা নাই—সেয়ে হলে ভাল।
“থলা, সখি! কৰবাত, পাহৰিলা তুমি,
পাছে বিচাৰিলে পাবা গােলাপীয়ে কয়,
নাই পােৱা কোনোবাই আছে চিঠি খনি
ইয়াতেই কেনিবাদি, নকৰিবা ভয়।
কিন্তু সখি! পুনু মােক চিঠি লিখি দিয়াঁ
মানুহ নাপাম পাছে, আজি দিন গলে
চিঠি দিবলই আৰু; আজি যাব গই
সকলোটী খাই বই, পৰেকীয়া হলে।
সখীৰ কথাটী শুনি, পুনু কুৱৰীয়ে
লিখিলে এখনি চিঠি সেই একে কথা
লৰালৰি কৰি, সেই একেই দৰেই,
একে ভাব, একেদৰে পদ্য সুতে গঁথা।
চিঠি লিখা অন্তহল, শুধিলে কুঁৱৰী
নামটী তােমাৰ সখি! দিমনে নিদিম
চিঠিৰ তলত কোৱা, যদি দিব লাগে,
নহলে নিদিওঁ নাম এনেয়ে ৰাখিম৷
নালাগে নিদিবা, সখি! এনেয়েই থোৱাঁ
চিঠিৰ তলত নাম লাগিছে কেলেই?
পোৱা মাত্ৰে চিঠি খনি পাৰিব বুজিব,
মই দিছোঁ বুলি তেঁও জানিব এনেই।”
সখীৰ কথাতে ৰাণী নিলিখিলে নাম,
সামৰি-সূতৰি, দিলে সখীৰ হাতত
লৰালৰি কই চিঠি; চিঠি খনি লই
ওলই আহিলে সখী আনন্দ মনত।