সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ সৰ্গ।
⸺>><<⸺

"My wife my wife! what wife? I have no wife;
0, insupportable। 0, heavy hour!
Methinks it should be now a huge eceipse
of sun and Moon, and that the affrighted globe
Did Tawn at alteration.”
                         ⸺Shakespeare.

 বসন্ত কালৰ ধীৰ পুঁৱতী বতাহ
 ৰিব্‌ ৰিব্‌ কৰি বলে প্ৰাণ শীতলাই।
 দেখা দিলে পুবফালে ৰঙ্গচুৱা বেলি,
 সাৰ পালে জীৱ জন্তু ন পৰাণ পাই।
 নিজৰ জগত হল আকউ সজীব,
 আকউ পােহৰ পৃথিবী এন্ধাৰ।
 জৰিলে চৰায়ে গান সুললীত সুৰে,
 শুনি সি সঙ্গীত ভাগে টোপনী ৰজাৰ॥
 সাৰ পাই চকুমেলি দেখিলে ৰজাই,
 এতিয়াও আছে ৰাণী ঘােৰ টোপনীত।
 (নাই সাৰ নাই সুৰ, নাই কাটি কুটা)
 নিমাত অচল হই কোমল তুলিত।