পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
কমতাপুৰ ধ্বংশ কাব্য।

আহা! কি মধুৰ ৰূপ! লাৱন্য অতুল!
মৰ্ত্তৰ সৌন্দৰ্য্য যেন একে ঠাই হই
পৰি আছে সুকোমল সুন্দৰ শয্যাত,
লাৱন্যে ভৰাই কোঠ মনােহৰ কই!
ফুলৰ সুন্দৰী যেন তিয়াগি ফুলনী
শুইছে বিভােৰ হই নীৰৱ নিমাত।
আহা! কি মাধুৰী আহা মধুৰ অতুল!
কৰিছে বিৰাজ এই শােৱনী কোঠাত।
জোন যেন মুখ খনি, ৰঙ্গচুৱা গাল,
পৰিছে মুকলি হই খোপা মনােহৰ,
মুদা-মুদা চকু দুটা; যদিও টোপনি
তথাপি হাহিছে যেন আনন্দ অন্তৰ॥
কোমল গাৰুত মুৰ বাঁও ফালে হলা
চন্দ্ৰহাৰ বাঁও ফালে ওলমি পৰিছে।
সোঁ কানত জিলিকিছে মিনাকৰা কেৰু,
বাও কানে পিন্ধা কেৰু গাৰুত লাগিছে।
আছিলে খোপাত বহু ফুল ঢোপা কলি,
পুৱাৰ বতাহ পাই ফলিছে উলাহি।
কিব অনুপম ৰূপ! আজি কুঁৱৰীৰ,
চাৰু কাষে বিৰাজিছে মিচিকীয়া হাঁহি।
ৰমক জমক কৰি জিলিকি উঠিছে
মুগাৰ দোলেৰে গঁথা বাখৰুৱা মনি
ধাৰে ধাৰে কুঁৱৰীৰ সুন্দৰ দিঙ্গিত।
আহা! কি মধুৰ ৰূপ! কেনুৱা লৱনী!