পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


দেশদ্ৰোহী হই, কৰা ধবংস জন্ম ভূমি!
এনুৱা ধৰম হায়! ক’ত পালা তুমি?”
ৰজাৰ কথাটী শুনি বুলিলে মন্ত্ৰীয়ে,
নিন্দি যে মোক তুমি দেশদ্ৰোহী বুলি,
তুমি কি নোহোৱা ৰজা! ব্ৰহ্ম-বধী পাপী?
তোমাক সি পাপে নেকি নোচোৱে সমূলি?
বিপদত পৰি আজি বিচাৰিছা ধৰ্ম্ম?
নিবিচাৰি তুমি কিন্তু বামুণ মাৰিলা
নিশ্চয় জানিবা তুমি, সি মহা পাপত
আপোনাৰ সুখ শান্তি আপুনি নাশিলা!”
“নিবিচাৰি সচা মন্ত্ৰী মাৰিলো ব্ৰাহ্মণ,
সি পাপৰ প্ৰতিফল আপুনি ভূগিম
কিন্তু কি কাৰণে তুমি আনিলা বিদেশী”
কমতা পুৰত? হায়! কিৰূপে সহিম?
মই পাপী ব্ৰহ্মবধী, মোক ৰজা ভাঙ্গি
আন এজনক ৰজা কিয় নাপাতিলা?
এটাৰ দোষত লাগি, কিয় জন্মভূমি
শত্ৰুৰ হাতত আজি ধ্বংসিব খুজিলা?
মোৰ পাপতেই কিয় যাব কমতাৰ
স্বাধীনতা মহাধন, অমূল্য ৰতন?
এনে নীতি পালা কত? কেনুৱা শাস্ত্ৰত?
এয়ে কি তোমাৰ হায়! পবিত্ৰ ধৰম?
বিপদত পৰি আজি বিচাৰিছোঁ ধৰ্ম্ম
কিয় এনে ভাব মন্ত্ৰী! ভাবিছা মনত?