পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


শুনা ৰজা! শুনা কৰে শত্ৰুৰে গৰ্জ্জন
হৰি নিব কমতাৰ স্বাধীনতা ধন!”
এই বুলি কয়ে ৰল নগৰ ৰখীয়া,
ৰাণীলই চাই পাছে বুলিলে ৰজাই
“দুৱাৰত গৰ্জ্জে আহি দাৰুণ শত্ৰুৱে,
যুদ্ধ লই যাওঁ মই, দিয়াঁহে বিদায়।
জনা বুজা তুমি প্ৰিয়ে। ৰজাৰ কুঁৱৰী,
ৰাজধৰ্ম্ম সকলোটী বিদিত তোমাৰ;
ৰখাব নোৱাৰোঁ যদি স্বাধীনতা ধন,
কি বিলই হব হায়! পাছত আমাৰ!”
স্বোৱামীৰ কথা শুনি কলে কুঁৱৰীয়ে
“বুজাব নালাগে মোক, জানোঁ নাথ! মই
যোৱাঁ যুদ্ধলই তুমি, বিপক্ষক জিনি
অতি শীঘ্ৰে জয়ী হই ঘুৰি আহা গই।
যোৱাঁ নাথ! যোৱাঁ তুমি, ৰাখিব ঈশ্বৰে
মঙ্গলে তোক ঘোৰ শত্ৰুৰ মাজত।
ৰক্ষা কৰা কমতাৰ স্বাধীনতা ধন,
নতুবা কলঙ্ক হায়! থাকিব মৰ্ত্তত।”
“যেনুৱা উৎসাহ বল দিলা হৃদয়ত”
ৰাণীলই চাই ধীৰে বুলিলে ৰজাই
“নিশ্চয়ে শক্ৰক জিনি ৰণজয়ী হম,
সন্দেহ ইয়াত প্ৰিয়ে! আৰু একো নাই।”
এই বুলি ৰণ সাজ পিন্ধিলে ৰজাই,
বেগা বেগিকই গ’ল সেণাৰ কাষত।”