সমললৈ যাওক

কথা-গীতা/সপ্তম অধ্যায়

ৱিকিউৎসৰ পৰা
[ ৭৬ ]
 
সপ্তম অধ্যায়।

 এমনে ছয় অধ্যায়ে বিজ্ঞেয় আত্মতত্ত্বক যোগ সমে কহিলা। ইদানীক ভজনীয় ঈশ্বৰৰ স্বৰূপ কহন্ত। পূৰ্ব্ব অধ্যায়ৰ অন্তত ভক্তিনিষ্ঠৰ শ্ৰেষ্ঠ কহিলা। তাতে কেমন তুমি যাৰ ভক্তি কৰিব, এই অপেক্ষাত ভগৱন্তে কহন্ত, মঞি পৰমেশ্বৰক আশ্ৰয় কৰি মোত আসক্ত মন হুয়া যোগক অভ্যাস কৰি সমগ্ৰ বল বিভূতি ঐশ্বৰ্য্যাদি সহিতে মোক যেমনে জানিবা তাক শুনা। অনুভব সহিত মোৰ জ্ঞানক নিশেষে কহোঁঁ, যাক জানি পুৰুষৰ আন জানিবে নথাকে। মোক জানিল মাত্ৰে কৃতাৰ্থ হয়। সিয়ো জ্ঞান মোৰ ভক্তি বিনে দুৰ্লভ জানিবা।

 অসংখ্যাত জীবৰ মধ্যত মনুষ্য ব্যতিৰেকে শ্ৰেয়সত প্ৰবৃত্তি নঘটে। মনুষ্য সহস্ৰৰ মধ্যতো কোনো জনেসে পুণ্যবশে জ্ঞানক লাগি যত্ন কৰে। যত্নকৰন্তা সহস্ৰৰ মধ্যত কোনো জনেসে তত্ত্বজ্ঞান জানে। তত্ত্বজ্ঞানী সহস্ৰৰো মধ্যত কোনো জনেসে মোৰ প্ৰসাদে মোক জানে। এমনে দুৰ্লভ জ্ঞানো তুমাত কৃপায়ে কহোঁ, সাবধানে শুনা। প্ৰকৃতি দ্বাৰায়ে সৃষ্ট্যাদি কত্তা ঈশ্বৰক কহিবাক লাগি পৰাপৰ ভেদে দুই প্ৰকৃতি কহন্ত। গন্ধ, ৰস, ৰূপ, স্পৰ্শ, শব্দ, অহঙ্কাৰ, মহত্তত্ত্ব, অবিদ্যা, এই অষ্টপ্ৰকাৰে ভিন্ন অপৰা নিকৃষ্টা প্ৰকৃতি জানিবা। আত অন্যা পৰা শ্ৰেষ্ঠা জীবৰূপকে বুঝিবা, যি চেতনৰূপায়ে [ ৭৭ ] স্বকৰ্ম্ম দ্বাৰায়ে জগতক ধৰিছে। চৰাচৰ জগতৰে এই দুই প্ৰকৃতিক কাৰণ জানিবা। তাতে জডা প্ৰকৃতি দেহৰূপে পৰিণাম হয়। চেতনা প্ৰকৃতি মোৰ অংশৰূপা, ভোক্তাৰূপে দেহত প্ৰবিষ্ট হুয়া আপুনাৰ কম্মে জগত ধৰে। যাতো সকল জগতৰ মোৰ দুই প্ৰকৃতি কাৰণ, এতেকে সমস্ত জগতৰে মোক পৰম কাৰণ জানিবা, পৰম কত্তাও মোকে বুঝিবা। মোত পৰ জগতৰ স্বতন্ত্ৰ কাৰণ কাকো নজানি। যেন সূত্ৰত মণিসব থাকে, তেমন সকল জগত মোকে আশ্ৰয় কৰি আছে।

 স্থিতিৰ হেতুক প্ৰপঞ্চি কহো৷ জলত ৰসৰূপে মঞি আছোঁ; চন্দ্ৰসূৰ্য্যত প্ৰভা, বেদত প্ৰণব, আকাশত শব্দ, পুৰুষত উদ্যম, পৃথিবীত পুনু গন্ধ, অগ্নিত দাপ্তি, সকল প্ৰাণীত আয়ু, তপস্বীত তপ, চৰাচৰ ভূতৰ অবিনাশী বীজ, বুদ্ধিমন্তৰ বুদ্ধি, তেজস্বীৰ তেজ, বলৱন্তৰ স্বধম্মানুষ্ঠান বল, আপুনাৰ ভাৰ্য্যাত পুত্ৰ হেতু কোন; আনো যে সাত্ত্বিক ভাব শমদমাদি ৰাজস ভাব হৰ্ষাদি, তামস ভাব শোকমোহাদি, ইসবে মোৰ প্ৰকৃতি গুণৰ কাব্য পদে, মোত হন্তে জাত হুয়াছে জানিবা। মঞি পুনু জাৰ হেন তাৰ অধীন হুয়া নৰহো৷ তাৰা পুনু মোৰ অধীন হুয়া মোত প্ৰবৰ্ত্তে। যদি বোলা এমন পৰমেশ্বৰ তুমাক কিয় লোকে নজানে, তাত শুনা। এই তিনি গুণৰ ভাব কামলোভাদিয়ে সকল জগত মোহিত হুয়া তিনি গুণত পৰ নিৰ্ব্বিকাৰ মোক নজানে। তেবে কোন জনে জানে যদি বোলা, তাক সাবধানে শুনা। মঞি পৰমে- শ্বৰৰ মায়া আলোকিকী গুণময়ী অতি দুস্তৰা। তথাপি যি মোক [ ৭৮ ] অব্যভিচাৰ ভক্তিযে ভজে, সি দুস্তৰ মায়াক অনায়াসে তৰে, তেবে মোক জানে। বুলিবা তেবে কিয় সকল লোকে নভজে তাত শুনা। নৰাধম মহামূঢ় পাপীসব মোৰ মায়াযে শাস্ত্ৰ আচাৰ্য্যৰ উপদেশ হীন হুয়া, দম্ভ, দৰ্প, ক্ৰোধ, অহঙ্কাৰাদি অসুৰৰ ভাবক পাযা মোক নভজে। পুণ্যৱন্ত সবে পুনু মোকে ভজে। তাৰাও পুণ্য তাৰতম্যে চাৰিবিধ; অৰ্ত্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী; জ্বৰাদি পীড়িতক আৰ্ত্ত বুলি, সি যদি পূৰ্ব্বে কৃতপুণ্য হয তেবে মোক ভজে, অন্যথা ক্ষুদ্ৰদেৱক ভাজ সংসাৰী হয়। আত্মজ্ঞানলিপ্সুক জিজ্ঞাসু বুলি, সিযো যদি মহাপুণ্য কৰি থাকে, তেবে মোৰ ভক্তি কৰি মোক ভজে, অন্যথা জপতপাদি কৰিলে হয়। ইহলোক পৰলোক ভোগ সাধন অৰ্থকামুকক অৰ্থাৰ্থী বুলি সিযো যদি পৰম স্ৰকৃতি হয়, তেবে মোক মাত্ৰ সেবা কৰে অন্যথা শৈবশাক্ত হৈল হয়। আত্মতত্ত্ব জানন্তাক জ্ঞানী বলি, সিযো উত্তম ধম্মৰ বলেসে মোক আৰাধন কৰে; অন্যথা যোগ ধাৰণাদিত প্ৰবৰ্ত্তিল হয।

 চাৰিৰো মধ্যত জ্ঞানী শ্ৰেষ্ঠ, তাৰ হেতু শুনা। জ্ঞানী সদায় মোত নিষ্ঠ হুয়া মোত মাত্ৰ ভক্তি কৰে এতেকে তাৰ মঞি অত্যন্ত প্ৰিয, সিযো মোৰ পৰম প্ৰিয়। সিযো তিনি জনক সংসাৰী নুবুঝিবা কিন্তু মোক্ষভাগী হয়। জ্ঞানী পুনু মোত একচিত্ত হুয়া পৰম গতি মোক আশ্ৰয় কৰি মোত ব্যতিৰেকে আন ফল নমানে। এমন মোৰ ভক্ত অতি দুৰ্লভ। অনেক জন্মৰ পুণ্যৰ বৃদ্ধিয়ে অন্ত জন্মত চৰাচৰ জগতক বাসুদেব দৃষ্টি কৰি মোক ভজে। এমনে কহিলোঁ যি সকামী হুয়া কাম [ ৭৯ ] প্ৰাপ্তিৰ অৰ্থে পৰমেশ্বৰক ভজে সি কামক পায়া ভোগৰ অৱসানে বিৰক্ত হুঁয়া মুক্ত হয়। যি ৰাজস তামস কামমূঢ় হুয়া ক্ষুদ্ৰ দেৱতাক সেবা কৰে, সি সংসাৰত ফুৰে তাকে কহন্ত। পুত্ৰ কীৰ্ত্তি শত্ৰুজয়াদি কামনায়ে নষ্টজ্ঞান হুয়া ক্ষুদ্ৰ ভূতপ্ৰেতাদি দেৱতাক যি ভজে, পূৰ্ব্ব বাসনায়ে বশ্য হুয়া যি যি দেৱতাৰ যেমন ভজন প্ৰকাৰ তাক আশ্ৰয় কৰি, দেৱতা বিশেষক ভজে; তাৰ মধ্যত যি যি উপাসকে মোৰে মূৰ্ত্তি যি যি দেৱতাক শ্ৰদ্ধায়ে অৰ্চ্চিবে প্ৰবত্তে, সেই সেই জনৰ সেই সেই মূৰ্ত্তি বিষয় অৰ্চ্চন শ্ৰদ্ধাক মঞি অন্তৰ্যামী বিধান কৰোঁ। যেবে সেই উপাসকে সেই শ্ৰদ্ধায়ে সেই মূৰ্ত্তিক উপাসা কৰে, তেবে সেই বাঞ্ছিত কামক সেই দেৱতাত লভে। তাকো মঞি অন্তৰ্যামীৰূপে বিধান কৰোঁ।

 সকল দেৱতায়ে মোৰ মূৰ্ত্তি, মোৰ অধীন, ই অতি প্ৰসিদ্ধ। যদ্যপি সকল দেৱতা মোৰে মূৰ্ত্তি তাৰাৰ আৰাধনো পৰমাৰ্থত মোৰে আৰাধন, তাৰ ফলৰো মঞিসে দাতা। তথাপি সাক্ষাতে মোৰ ভক্তৰ তাৰাৰ ফল বৈষম্য হয়, তাক শুনা। সেই দেৱতাসেবক পৰিছিন্নদৃষ্টিসবৰ মঞি দত্ত ফলো বিনাশী হয়, তাকে দেখাঞো। যি দেৱতাক যজে সি বিনাশী দেবলোক পাৱে। মোৰ ভক্তসব পুনু আদিঅন্তশূন্য পৰমানন্দ মোকে পাৱে। যদি বোলা সমান প্ৰয়াসত ফলত মহাবিষম হৈলে, কেনে দেৱতান্তৰক এড়ি তুমাক নভজে, তাত শুনা। নিঃপ্ৰপঞ্চ হুয়া মঞিভক্তৰ অৰ্থে লীলায়ে মনুষ্য, মৎস্য, কুৰ্ম্মাদি ৰূপক ধৰিছোঁ; [ ৮০ ] তাক নজানি অল্পবুদ্ধিসবে প্ৰাকৃত মনুষ্যাদি বুলি মানে। সৰ্ব্বোত্তম নিত্য অব্যয় মোৰ স্বৰূপ নজানি আদৰ নকৰে। আশুতোষ দেৱতান্তৰক তাৰা ভজে, এতেকে বিনাশী ফলক লভে। তাৰা বিশুদ্ধসত্ত্ব মোক যে নজানে তাৰ হেতু শুনা৷ মঞি সকল লোকৰ সম্বন্ধি প্ৰকাশ নহোঁ কিন্তু মোৰ ভক্তৰসে হঞো, যাতো যোগমায়ায়ে আবৃত হুয়াছোঁ; এতেকে মুঢ়লোকে অজ অব্যয় মোক নজানে ৷ সৰ্ব্বোত্তম মোক নজানে কহিছোঁ; সেই সৰ্ব্বোত্তমক অনাবৃত জ্ঞান শক্তিয়ে কহন্ত। মঞি মায়াৰ আশ্ৰয় পদে ভূতভবিষ্যদ্বৰ্ত্তমান সকল প্ৰাণীক জানো৷ মায়া মোহিত পদে মোক কেঞো নজানে। পুৰুষৰ স্থূলদেহৰ অনুকূলত ইছা, প্ৰতিকুলত দ্বেষ, তাত উদ্ভব সুখদুষ্খাদি নিমিত্ত মোহে সকল লোকসব মহামোহক পায়া সুখী দুষ্‌খী বুলি আপুনাক মানে, এতেকে মোক নজানি নভজে।

 কিয় তেবে কাকো ভজন্তা দেখি, তাত শুনা। যি পুণ্যকাৰা-সবৰ সকল প্ৰতিবন্ধক পাপ অন্ত হৈল তাৰা সমস্ত মোহ এড়ি দৃঢ় নিশ্চয় কৰি একান্ত হুয়া মোক লভে। এমনে মোক ভজিতে সকল জ্ঞাতব্য জানি কৃতাৰ্থ হয়। জৰা মৰণ নিৰাশাৰ অৰ্থে মোক আশ্ৰয় কৰি যি ভজে, সি পৰম্ব্ৰহ্মক জানে, সকল অধ্যাত্মকে জানে, তাৰ সাধন কৰ্ম্মকো জানে। এহ্ণয় জনৰ যোগ ভ্ৰংশ শঙ্কাও নাই, অধিভূত অধিদৈব অধিযজ্ঞ সহিতে যি মোক জানে, সেই মোত আসক্তচিত্ত পুৰুষে-মৰণ সময়তো মোক জানে, কদাচিতো ব্যাকুল হুয়া নপাসৰে। [ ৮১ ] এতেকে মোৰ ভক্তৰ যোগভ্ৰংশ শঙ্কা নঘটে। কৃষ্ণভক্তসবে যত্নে ব্ৰহ্মজ্ঞান লভে : বিজ্ঞানযোগ নাম সপ্তম অধ্যায়ত এই কথা প্ৰকাশ কৰিলা ৷

ইতি শ্ৰীভগৱদ্গগীতাকথায়াং সপ্তমোহধ্যায়ঃ ॥ ৭ ॥

 হে সামাজিকসব দেখ যাক মহাযত্ন কৰি কৰ্ম্মজ্ঞানযোগ পথে পাৱে, তাক ভক্তিযোগে অনায়াসে লভে। ভ্ৰংশ শঙ্কা মৰণ সময়তো ব্যাকুল নাই, হেন ভক্তিপথক আশ্ৰয় কৰি ডাঁকি হৰিবোল হৰি।

যদযত্নতঃ কৰ্ম্মবিবেকযোগৈঃ সমশ্নুতে তদ্ধৰিসেবয়ৈব ।
নভ্ৰংশশঙ্কামৰণেনচাৰ্ত্তোযেনৈবমুক্তস্তমৃতং প্ৰপদ্যে ॥