পৃষ্ঠা:কথা-গীতা.djvu/১০৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৫১
সপ্তম অধ্যায়।

স্বকৰ্ম্ম দ্বাৰায়ে জগতক ধৰিছে। চৰাচৰ জগতৰে এই দুই প্ৰকৃতিক কাৰণ জানিবা। তাতে জডা প্ৰকৃতি দেহৰূপে পৰিণাম হয়। চেতনা প্ৰকৃতি মোৰ অংশৰূপা, ভোক্তাৰূপে দেহত প্ৰবিষ্ট হুয়া আপুনাৰ কম্মে জগত ধৰে। যাতো সকল জগতৰ মোৰ দুই প্ৰকৃতি কাৰণ, এতেকে সমস্ত জগতৰে মোক পৰম কাৰণ জানিবা, ** কত্তাও মোকে বুঝিবা। মোত পৰ জগতৰ স্বতন্ত্ৰ কাৰণ কাকো নজানি। যেন সূত্ৰত মণিসৰ থাকে, তেমন সকল জগত মোকে আশ্ৰয় কৰি আছে।

 স্থিতিৰ হেতুক প্ৰপঞ্চি কহোঁ। জলত ৰসৰূপে মঞি আছোঁ; চন্দ্ৰসূৰ্য্যত প্ৰভা, বেদত প্ৰণব, আকাশত শব্দ, পুৰুষত উদ্যম, পৃথিবীত পুনু গন্ধ, অগ্নিত দাপ্তি, সকল প্ৰাণীত আয়, তপস্বীত তপ, চৰাচৰ ভূতৰ অবিনাশী ৰজ, বুদ্ধিমন্তৰ বুদ্ধি, তেজস্বীৰ তেজ, বলৱন্তৰ স্বধাম্মানুষ্ঠান বল, আপুনাৰ ভাৰ্য্যাত পুত্ৰ হেতু কান; আনোৰে সাত্ত্বিক ভাব শমদ্ম ৰজস ভাব হাদি, তামস ভ শোকমোহাদি, ইসবে মোৰ প্ৰকাত গুণৰ কাব্য পদে, মোত হন্তে জাত হুয়াছে জানিনা। মঞি পুনু জাব হেন তাৰ অবান হুয়া নৰহে। তাৰ পুনু মোৰ গধান হুয়া মোত প্ৰবত্তে। যদি বোলা এমন পৰমৰ তুমাক কিয় নোকে জানে, তত শুনা। এই তিনি গুণৰ ভাব কামোভাদিয়ে সকল জাত মোহিত হুয়া তিনি গুণত পৰ নিৰিকাৰ মোক জানে। তবে কোন জনে জানে যদি বোলা, তাক সাবধানে শুনা। মঞি পৰমে- শৰৰ মায়া আলোকিকী গুণময়ী অতি দুস্তৰা। তথাপি যি মোক