পৃষ্ঠা:কথা-গীতা.djvu/১০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সপ্তম অধ্যায়। প্ৰাপ্তিৰ অৰ্থে পৰমেশ্বৰক ভজে সি কামক পায়া ভোগৰ অৱসানে বিৰক্ত হুয়া মুক্ত হয়। যি ৰাজস তামস কামমূঢ় হুয়া ক্ষুদ্ৰ দেৱতাক সেবা কৰে, সি সংসাৰত ফুৰে তাকে কহন্ত। পুত্ৰ কীৰ্তি শত্ৰুজয়াদি কামনায়ে নষ্টজ্ঞান হুয়া ক্ষুদ্ৰ ভূতপ্ৰেতাদি দেৱতাক যি ভজে, পূৰ্ব বাসনায়ে বশ্য হুয়া যি সি দেৱতাৰ যেমন ভজন প্ৰকাৰ তাক আশ্ৰয় কৰি, দেৱতা বিশেষ ভজে; তাৰ মধ্যত যি যি উপাসকে মোৰে মূৰ্তি যি যি দেৱতাক শ্ৰদ্ধায়ে অচ্চিবে প্ৰব, সেই সেই জনৰ সেই সেই মূৰ্তি বিষয় অৰ্চন শ্ৰদ্ধাক মঞি অন্তৰ্যামী বিধান কৰে। যেবে সেই উপাসকে সেই শ্ৰদ্ধায়ে সেই মূৰ্তিক উপাসা কৰে, তেবে সেই বাঞ্ছিত কামক সেই দেৱতাত লভে। তাকো মঞি অন্তৰ্যামীৰূপে বিধান কৰে। সকল দেৱতায়ে মোৰ মূৰ্তি, মোৰ অধীন, ই অতি প্ৰসিদ্ধ। যদ্যপি সকল দেৱতা মোৰে মূৰ্ত্তি তাৰাৰ আৰাধনে পৰমাৰ্থত মোৰে আৰাধন, তাৰ ফলৰে মঞিসে দাতা। তথাপি সাক্ষাতে মোৰ ভক্তৰ তাৰাৰ ফল বৈষম্য হয়, তাক শুনা। সেই দেৱতাসেবক পৰিছিন্নদৃষ্টিসবৰ মঞি দত্ত ফলে। বিনাশী হয়, তাকে দেখাঞে। যি দেৱতাক যজে সি বিনাশ দেবলোক পাৱে। মোৰ ভক্তসব পুনু আদিঅন্তশূন্য পৰমদ মোকে পাৰে। যদি বোলা সমান প্ৰয়াসত ফলত মহাবিষম হৈলে, কেনে দেৱতান্তৰক এড়ি তুমাক নভজে, তাত শুনা। নিঃপ্ৰপঞ্চ হুয়া মঞি ভক্তৰ অৰ্থে লীলায়ে মনুষ, মৎস্য, কুৰ্ম্মাদি ৰূপ ধৰিছে;