পৃষ্ঠা:কথা-গীতা.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
কথা-গীতা৷

তাক নজানি অল্পবুদ্ধিসবে প্ৰাকৃত মনুষ্যাদি বুলি মানে। সৰ্ব্বোত্তম নিত্য অব্যয় মোৰ স্বৰূপ নজানি আদৰ নকৰে। আশুতোষ দেৱতান্তৰক তাৰা ভজে, এতেকে বিনাশী ফলক লভে। তাৰা বিশুদ্ধসত্ত্ব মোক যে নজানে তাৰ হেতু শুনা৷ মঞি সকল লোকৰ সম্বন্ধি প্ৰকাশ নহোঁ কিন্তু মোৰ ভক্তৰসে হঞো, যাতো যোগমায়ায়ে আবৃত হুয়াছোঁ; এতেকে মুঢ়লোকে অজ অব্যয় মোক নজানে ৷ সৰ্ব্বোত্তম মোক নজানে কহিছোঁ; সেই সৰ্ব্বোত্তমক অনাবৃত জ্ঞান শক্তিয়ে কহন্ত। মঞি মায়াৰ আশ্ৰয় পদে ভূতভবিষ্যদ্বৰ্ত্তমান সকল প্ৰাণীক জানো৷ মায়া মোহিত পদে মোক কেঞো নজানে। পুৰুষৰ স্থূলদেহৰ অনুকূলত ইছা, প্ৰতিকুলত দ্বেষ, তাত উদ্ভব সুখদুষ্খাদি নিমিত্ত মোহে সকল লোকসব মহামোহক পায়া সুখী দুষ্‌খী বুলি আপুনাক মানে, এতেকে মোক নজানি নভজে।

 কিয় তেবে কাকো ভজন্তা দেখি, তাত শুনা। যি পুণ্যকাৰা-সবৰ সকল প্ৰতিবন্ধক পাপ অন্ত হৈল তাৰা সমস্ত মোহ এড়ি দৃঢ় নিশ্চয় কৰি একান্ত হুয়া মোক লভে। এমনে মোক ভজিতে সকল জ্ঞাতব্য জানি কৃতাৰ্থ হয়। জৰা মৰণ নিৰাশাৰ অৰ্থে মোক আশ্ৰয় কৰি যি ভজে, সি পৰম্ব্ৰহ্মক জানে, সকল অধ্যাত্মকে জানে, তাৰ সাধন কৰ্ম্মকো জানে। এহ্ণয় জনৰ যোগ ভ্ৰংশ শঙ্কাও নাই, অধিভূত অধিদৈব অধিযজ্ঞ সহিতে যি মোক জানে, সেই মোত আসক্তচিত্ত পুৰুষে-মৰণ সময়তো মোক জানে, কদাচিতো ব্যাকুল হুয়া নপাসৰে।