কথা-গীতা/অষ্টম অধ্যায়
[ ৮২ ]
অষ্টম অধ্যায়।
কৃষ্ণত একচিত্তসবে ব্ৰহ্ম কৰ্ম্মাদি জানে, ই কহিছা সপ্তম অধ্যায়ত। অষ্টমত তাকে স্পষ্ট মতে কহিবা। পূৰ্ণ অধ্যায়ৰ অন্তত ভগৱন্তৰ কথিত সাত পদাৰ্থৰ তত্ত্বক জানিবে ইছায় অৰ্জ্জুনে পোছন্ত। হে পুৰুষোত্তম, ব্ৰহ্ম অধ্যাত্ম কৰ্ম্ম অধিভূত অধিদৈব অধিযজ্ঞ কাক বুলি। দেহত কেমনে বা যজ্ঞক অধিষ্ঠান কৰন্ত, মৰণ সময়ত বা কেমনে নিয়তচিত্তসবে জানে আক মোত বুঝায়া কহাঁ৷ প্ৰশ্নৰ ক্ৰমে ভগৱন্তে উত্তৰ কহন্ত। জগতৰ মূল কাৰণ অক্ষৰকে ব্ৰহ্ম বুলি। ভোক্তা জীয়ে অধ্যাত্ম, দেৱৰ উদ্দেশে দ্ৰব্য ত্যাগক কৰ্ম্ম কহে, বিনাশী দেহক অধিভূত কহি, সূৰ্য্যমণ্ডলবৰ্ত্তী বৈৰাজ পুৰুষক অধিদৈব বুলি, দেহৰ অন্তৰ্যামী মোকে অধিযজ্ঞ বোলে, যাতো দেহত থাকি অসঙ্গ হুয়া সন্নিধি মাত্ৰে যজ্ঞাদিক প্ৰবৰ্ত্তাঞো ৷ তুমিও অন্তৰ্যামীৰ অধীন আপুনাৰ প্ৰবৃত্তিক জানিবে যোগ্য হৱা৷
অন্তকালত আন চিন্তা এড়ি মোক মাত্ৰ স্মৰি দেহক পৰিত্যাগ কৰি যি যাই, সি মোৰ স্বৰূপক পাৱে, আত সংশয় নাই। জানিবাৰ উপায় স্মৰণ, স্বৰূপ প্ৰাপ্তি ফল। কেবল মোক স্মৰি মোক পাৱে ই নিয়ম নহে কিন্তু অন্তকালত যাকে যাকে স্মৰে দেহ এড়ি তাকে তাকে পাৱে। অন্তকালত স্মৰণৰ হেতু শুনা। সদায় পুৰুষে যাক চিন্তে, অন্ত সময়তো তাতে মন পড়ে। যাতো [ ৮৩ ] পূৰ্ব্বৰ বাসনা বশে মৰণ সময়ত স্মৰণ হয় তেমন নহে। এতেকে তুমি মোক সততে স্মৰা। চিত্তশুদ্ধি বিনে সততে স্মৰণ নঘটে। এতেকে চিত্তশুদ্ধিৰ অৰ্থে যুদ্ধাদি স্বধৰ্ম্ম কৰা। তেবে মোত মন বুদ্ধি অৰ্পিয়া অবশ্যে মোক পাইবা। সদায় স্মৰণৰ অভ্যাস তান্তৰঙ্গ সাধন, অভ্যাস যোগে আন বিষয়ক এড়ি একাগ্ৰচিত্ত হুয়া, পুৰুষে পৰমেশ্বৰক চিন্তি তাঙ্কে পাৱে। চিন্তনীয় পৰমেশ্বৰৰ বিশেষণ শুনা। সৰ্বজ্ঞ, অনাদি সিদ্ধ, সবাৰে নিয়ন্তা, সূক্ষ্মৰে সূক্ষ্ম, সবাৰে পোষক, অপৰিমিত মহিমা পদে অচিন্ত্যৰূপ, আদিত্য সম স্বপৰপ্ৰকাশক, প্ৰকৃতিত পৰ।
এমন পৰমেশ্বৰক অন্তকালত ভক্তিযুক্ত পুৰুষে নিশ্চল মনে স্মৰি, সুযুস্না পথে ভ্ৰূৰ মধ্যত প্ৰাণক থৈয়া দেহ এড়ি পৰম পুৰুষক পাৱে। কেবল ধ্যানৰ অভ্যাসত কৰি প্ৰণৰ নাম সহিত অভ্যাসক অন্তৰঙ্গ কহন্ত। যি ব্ৰহ্মক বেদবেত্তাসবে কহে, বিগতৰাগ যোগীসবে যাত প্ৰবিষ্ট হয়, যাক জানিবে ইছায়ে গুৰুকুলত ব্ৰহ্মচৰ্য্যক কৰে, তাঙ্ক পাইবাৰ উপায় সঙেক্ষপে কহো। সকল ইন্দ্ৰিয়ক নিৰোধি মনকো হৃদয়ত স্থিৰ কৰি বিষয়ৰ গ্ৰহণ স্মৰণ এড়ি ভ্ৰূৰ মধ্যত প্ৰাণক ৰাখি ধৈৰ্য্যক আশ্ৰয় কৰি মুখত নাম উচ্চৰি নামৰ অৰ্থ মোক মনত স্মৰি দেহক এড়ি যি যাই সি পৰম গতিক পাৱে। এমনে দুষ্কৰ যোগমাৰ্গ কহি সুগম ভক্তিপন্থ কহন্ত। এমনে অন্তকালৰ ধাৰণায়ে মোৰ প্ৰাপ্তি নিৰন্তৰ অভ্যাসতসে হয়, আনৰ নহে, আকে দেখান্ত। আনত চিত্ত নেদি প্ৰতিদিন নিৰন্তৰে যি মোক স্মৰে সেই সংযত পুৰুষৰ মঞি সুখলভ্য হঞো আনৰ নহোঁ৷ মোক [ ৮৪ ] পায়া দুয্খাশ্ৰয় অনিত্য জন্মক পুনু নলভে৷ যাতো সেই মহাত্মাসব মোক্ষক লভিল। সকল লোকতে পুনৰাবৃত্তি দেখায়। আকে দৃঢ় কৰন্ত। ব্ৰহ্মলোকৰে পৰা সকল লোকৰ পুনৰাবৰ্ত্তন আছে। যাৰা ব্ৰহ্মাক ঈশ্বৰ ভাবে চিন্তি ব্ৰহ্মলোক পায়াছে, তাৰা ব্ৰহ্মাৰ শত বৎসৰ অন্তৰে জ্ঞান পায়া মুক্তি লভে। কৰ্ম্মৰ দ্বাৰায় যাবা ব্ৰহ্মলোক গৈছে তাৰাৰ কদাচিতো মোক্ষ নঘট। মোক যাৰা পায়াছে তাৰাৰ কদাচিতো পুনৰ্জন্ম নাই। যদি বোলা তপস্বী দানী বিতৰাগ তিতিক্ষুসৰ ত্ৰৈলোক্যৰ উপৰত শোকবৰ্জ্জিত স্থান লভে।
এমন পুৰাণ বাক্যে মহল্লোৰ্কাদি শ্ৰেষ্ঠ বুঝি; বিনাশী পদে বিশেষ নেদেখি; তেবে কেনে পুৰাণ বিশেষ কহিছে, এই আশঙ্কাত বহুকাল থাকে পদে বিশেষ কহিছা। এই আশয়ে আপুনাৰ প্ৰমাণে শতবৰ্ষ আয়ু, ব্ৰহ্মাৰ দিনে দিনে ত্ৰৈলোক্যৰ উৎপত্তি, ৰাত্ৰি ৰাত্ৰি প্ৰলয় দেখাইবে, ব্ৰহ্মাৰ দিন ৰাত্ৰিৰ প্ৰমাণ কহন্ত। চাৰি হাজাৰ যুগ প্ৰমাণ ব্ৰহ্মাৰ দিন, সেই মান ৰাত্ৰিক যোগবলে যি জানে তাকেসে দিনৰাত্ৰি বেত্তা বুলি। যাৰাৰ চন্দ্ৰ সূৰ্য্যৰ গতিয়ে অহেৰাত্ৰ জ্ঞান হয় সি অল্পদৰ্শী পদে আহোৰাত্ৰবেত্তা নহে। তাত এমন কাল গণন প্ৰকাৰ। মনুষ্যৰ বৰ্ষে দেৱৰ দিন ৰাত্ৰি, তেমন দিন ৰাত্ৰিৰ পক্ষ মাসাদিৰ ক্ৰমে দ্বাদশবৰ্ষ সহস্ৰে চাৰি যুগ হয়, চাৰি হাজাৰ যুগে ব্ৰহ্মাৰ এক দিন, ৰাত্ৰিয়ো সেইমান। তেমন দিন ৰাত্ৰিৰো পক্ষমাসাদি কল্পনায়ে বৰ্ষশত ব্ৰহ্মাৰ পৰমায়ু। সেই ব্ৰহ্মাৰ দিনত কাৰণৰ পৰা চৰাচৰ প্ৰাণী সব উৎপত্তি হয়। ৰাত্ৰি হৈলে কাৰণত লয় যাই। কৃত নাশ [ ৮৫ ] অকৃতৰ আগম শঙ্গা নিবাৰিতে বৈৰাগ্যৰ অৰ্থে সৃষ্টি প্ৰলয়ৰ অবিচ্ছেদ কহন্ত। পৃৰ্ব্বত যি প্ৰাণী সমূহ আছিল সেই প্ৰাণীসব কৰ্ম্মাদি পৰতন্ত্ৰ হুয়া ব্ৰহ্মাৰ দিনত হুয়া ৰাত্ৰিত লয় যাই। এমনে লোকৰ অনিত্য দেখাই পৰমেশ্বৰৰ ৰূপৰ নিত্য কহন্ত। চৰাচৰ জগতৰ কাৰণৰো কাৰণ ব্ৰহ্মা আদিৰ অগোচৰ। অনাদি সিদ্ধ সকল কাৰ্য্য কাৰণ নাশ হৈলেও যাৰ নাশ নাই, যাক অব্যক্ত অক্ষৰ বুলি, পৰম পুৰুষাৰ্থো যাক কহি, যাক পায়া পুনৰাবৰ্ত্তন নহে সেই মোৰ স্বৰূপ বুঝিবা। তাঙ্ক পাইবাৰ উপায় যদ্যপি বিস্তৰে কহিছোঁ, তথাপি ভক্তিক অন্তৰঙ্গ জানিবা।
হে পাৰ্থ যাৰ মধ্যত সকল প্ৰাণী আছে, যি কাৰণ ৰূপে সকল জগতক ব্যাপি আছে, সেই পৰম পুৰুষক একান্ত ভক্তিএসে লাভ, ভক্তি বিনে আন উপায় নাই, এমনে কহিলা। পৰমেশ্বৰ উপাসকসব তান স্বৰূপ পায়া নিবৰ্ত্তন নহে, অভক্ত সব পুনু আবৰ্ত্তন হয়। তাতে কোন পন্থে গৈলে আবৰ্ত্তন নহে, কোন পন্থে গৈলে আবৰ্ত্তন হয়, এই অপেক্ষাত কহন্ত। যি কাল উপলক্ষিত মাৰ্গত যান্তা জ্ঞানী কৰ্ম্মীসব অনাবৃত্তি আবৃত্তিক যাই সেই দুই পন্থ কহোঁ। প্ৰথমে অনাবৃত্তি মাৰ্গ শুনা। অগ্নি দ্যোতি দিন শুক্লপক্ষ ষন্মাস উত্তৰায়ণ, এতেক দেৱতাযুক্ত পন্থে যায়া জ্ঞানীসব ব্ৰহ্মক পাৱে। আবৃত্তি পন্থ শুনা। ধূম ৰাত্ৰি কৃষ্ণপক্ষ ষন্মাস দক্ষিণায়ন এই দেৱতাযুক্ত মাৰ্গে যায়া কৰ্ম্মীসব স্বৰ্গ পায়া পুণ্যফল ভোগ কৰি পুনু আবৰ্ত্তি আসে। নিবৃত্তি কৰ্ম্ম সহিত উপাসায়ে ক্ৰম মুক্তি। কাম্য [ ৮৬ ] কৰ্ম্মে স্বৰ্গভোেগ অনন্তৰ আবৃত্তি, নিষিদ্ধ কৰ্ম্মে নৰক প্ৰাপ্তি, ক্ষুদ্ৰ কৰ্ম্মে ই ঠাইতে পুনু পুনু জন্ম হৱে। এই শুক্ল কৃষ্ণ দুই পন্থ অনাদি সিদ্ধ। জ্ঞানাধিকাৰী শুক্ল পন্থে মুক্তি পাৱে। কৰ্ম্মাধিকাৰী কৃষ্ণ পন্থে পুনু আবৰ্ত্তন হয়। এই দুই মাৰ্গক জানি যোগী কদাচিতো মোহ নহে, সুখ বৃদ্ধি অৰ্গাদি ফলকো কামনা নকৰে কিন্তু পৰমেশ্বৰনিষ্ঠ হয়। এতেকে তুমি সৰ্ব্বদায়ে মোত নিষ্ঠ হৱা। বেদ পঢ়ি যজ্ঞ কৰি তপ আচৰি দান দিয়া যি পুণ্যফল গায়, এই অষ্ট প্ৰশ্নৰ অৰ্থক জানি সি ফল লভে, তাতো অধিক যোগঐশ্বৰ্য্যক পাৱে৷ জ্ঞান হুয়া বিষ্ণুপদক পাৱে। অষ্টপ্ৰশ্নে বিশিষ্ট অষ্টম অধ্যায়ত, অষ্ট প্ৰকাৰে পৃষ্ট অষ্ট অৰ্থৰ নিৰ্ণয় কৰি স্পষ্ট উৎকৃষ্ট পন্থ ভক্তি সহিতে অস্ট প্ৰকাৰ সিদ্ধান্তক অক্লিষ্ট কৰি শ্ৰীকৃষ্ণে দিলা৷
ইতি শ্ৰীভগৱদ্গীতাকথায়াং অষ্টমোহধ্যায়ঃ ॥ ৮ ॥
হে সাধুসব দেখ সপ্তম অষ্টম অধ্যাযত ভক্তি সহিতে যোগ কহিলা। সি দুষ্কৰ পদে কেবল ভক্তিযোগ কহিছা। এতেকে পৰম সুগম কেৱল ভক্তি ধৰি হৰি বোল হৰি।
যোভক্তিযুক্তমপিযোগপথং সুদুষ্খম্
প্ৰোবাচ লোককৃপয়া নিজভক্তিমাৰ্গম্।
যং প্ৰাপ্য ন ভবভয়ং লভতে কথঞ্চিৎ
তস্মৈ নমোহস্তু গুৰবে পুৰুষোত্তমায়॥