পৃষ্ঠা:কথা-গীতা.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কথা-গীতা।

অব্যভিচাৰ ভক্তিযে ভজে, সি দুস্তৰ মায়াক অনায়াসে তৰে, তেবে মোক জানে। বুলিবা তেবে কিয় সকল লোকে নভজে তাত শুনা। নৰাধম মহামূঢ় পাপীসব মোৰ মায়াযে শাস্ত্ৰ আচাৰ্য্যৰ উপদেশ হীন হুয়া, দম্ভ, দৰ্প, ক্ৰোধ, অহঙ্কাৰাদি অসুৰৰ ভাবক পাযা মোক নভজে। পুণ্যৱন্ত সবে পুনু মোকে ভজে। তাৰাও পুণ্য তাৰতম্যে চাৰিবিধ; অৰ্ত্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী; জ্বৰাদি পীড়িতক আৰ্ত্ত বুলি, সি যদি পূৰ্ব্বে কৃতপুণ্য হয তেবে মোক ভজে, অন্যথা ক্ষুদ্ৰদেৱক ভাজ সংসাৰী হয়। আত্মজ্ঞানলিপ্সুক জিজ্ঞাসু বুলি, সিযো যদি মহাপুণ্য কৰি থাকে, তেবে মোৰ ভক্তি কৰি মোক ভজে, অন্যথা জপতপাদি কৰিলে হয়। ইহলোক পৰলোক ভোগ সাধন অৰ্থকামুকক অৰ্থাৰ্থী বুলি সিযো যদি পৰম স্ৰকৃতি হয়, তেবে মোক মাত্ৰ সেবা কৰে অন্যথা শৈবশাক্ত হৈল হয়। আত্মতত্ত্ব জানন্তাক জ্ঞানী বলি, সিযো উত্তম ধম্মৰ বলেসে মোক আৰাধন কৰে; অন্যথা যোগ ধাৰণাদিত প্ৰবৰ্ত্তিল হয।

 চাৰিৰো মধ্যত জ্ঞানী শ্ৰেষ্ঠ, তাৰ হেতু শুনা। জ্ঞানী সদায় মোত নিষ্ঠ হুয়া মোত মাত্ৰ ভক্তি কৰে এতেকে তাৰ মঞি অত্যন্ত প্ৰিয, সিযো মোৰ পৰম প্ৰিয়। সিযো তিনি জনক সংসাৰী নুবুঝিবা কিন্তু মোক্ষভাগী হয়। জ্ঞানী পুনু মোত একচিত্ত হুয়া পৰম গতি মোক আশ্ৰয় কৰি মোত ব্যতিৰেকে আন ফল নমানে। এমন মোৰ ভক্ত অতি দুৰ্লভ। অনেক জন্মৰ পুণ্যৰ বৃদ্ধিয়ে অন্ত জন্মত চৰাচৰ জগতক বাসুদেব দৃষ্টি কৰি মোক ভজে। এমনে কহিলোঁ যি সকামী হুয়া কাম