কথা-গীতা/চতুৰ্থ অধ্যায়
এমনে দুই অধ্যায়ে কৰ্ম্মযোগ সাধন, জ্ঞানযোগ মোক্ষ সাধন, বুলি কহিলা। তাকে ব্ৰহ্মাৰ্পণাদি গুণ বিধানে জীবেশ্বৰতত্ত্ব কহিবাক লাগি প্ৰথমে সম্প্ৰদায় দেখাই ভগৱন্তে বোলন্ত, জানা অৰ্জ্জুন, এই অব্যয়ফল যোগ কথা পূৰ্ব্বত মঞি আদিত্যৰ আগত কহিছোঁ; আদিত্যে আপুনাৰ পুত্ৰ শ্ৰাদ্ধদেৱ মনুত কহিলা; মনুও স্বপুত্ৰ ইক্ষ্বাকুত কহিলা। এই পৰম্পৰায় ৰাজঋষিসবে জানিলা। পাচে অনেক কালে সম্প্ৰদায় বিছিন্ন হৈল। সেই যোগ আজি মঞি তোমাত কহিলোঁ। আক আনৰ আগত নকহোঁ। তুমি ভক্ত সখী পদে কহিলোঁ, যাতো ই যোগ উত্তম ৰহস্য, ভগৱন্তে আদিত্যক প্ৰতি যোগ উপদেশ অসম্ভৱ দেখি অৰ্জ্জুনে পোছন্ত। হে ভগৱন্ত, তোমাৰ জন্ম ইদানীক, আদিত্যৰ জন্ম পূৰ্ব্বত, তুমি ইদানীন্তন হুয়া চিৰন্তন আদিত্যত যে কহিলা, আক মঞি কেমনে জানিম। ৰূপান্তৰে উপদেশ দিলো বুলি ভগৱন্তে উত্তৰ কহন্ত। হে অৰ্জ্জুন, তোমাৰ মোৰ অনেক জন্ম অতিক্ৰমি গৈল, অলুপ্ত বিদ্যাশক্তি পদে তাক মঞি জানো। অবিদ্যাবৃত পদে তুমি তাক নাজানা। যদি বোলা তুমি অনাদি অবিনাশী ঈশ্বৰ, পাপপুণ্য শূন্য, কেনে জীবৰ সদৃশ জন্ম ধৰা, তাত শুনা। যদ্যপি মঞি অজ অব্যয় ঈশ্বৰ, কৰ্ম্মৰো অধীন নহোঁ, তথাপি শুদ্ধ সত্ব প্ৰকৃতিক [ ৫৬ ] স্বীকাৰ কৰি বিশুদ্ধ সত্ব মূৰ্ত্তিয়ে অখণ্ড জ্ঞান বল বীৰ্য্যাদি শক্তিয়ে আপুনাৰ মায়ায়ে অৱতাৰ ধৰো। যদি বোলা কেতিয়া অবতাৰ ধৰা, তাত শুনা। যেখন ধৰ্ম্মৰ হানি অধৰ্ম্মৰ উদ্ভৱ হয়, তেখনে সাধুৰ ৰক্ষাৰ্থে, দুৰ্জনৰ নাশ নিমিত্তে, ধৰ্ম্ম প্ৰতিপালন পদে যুগে যুগে মঞি অবতাৰ ধৰো। যেন মাতৃয়ে পুত্ৰক লালন তাডন কৰিতেও নিৰ্দ্দয় নহে, তেমনে মঞিয়ো সাধুক ৰাখি অসাধুক নাশ কৰিতেও বৈষম্য শঙ্কা নকৰিবা। মঞি আপুনাৰ ইছাই জন্ম ধৰো। ধৰ্ম্মপালন নিমিত্তে আন লৌকিক কৰ্ম্ম কৰো; আক যি জানে, সি দেহত অভিমান এড়ি মোক পাৱে।
যদি বোলা কেমনে জন্ম কৰ্ম্মক জানিলে তোমাক পাৱে, তাক শুনা। মঞি শুদ্ধ সত্ব অবতাৰে ধৰ্ম্ম পালন কৰো। এই মোৰ পৰম কাৰুণিক জানি, ৰাগ ভয় ক্ৰোধ এড়ি মোতে একচিত্ত হুয়া, মোকে আশ্ৰয় কৰি মোক উপাসা কৰে, তেবে মোৰ প্ৰসাদে জ্ঞান ভক্তি পায়া পৰম শুদ্ধ হুয়া, অজ্ঞান ছাড়ি মোৰ সাযুজ্যক বিস্তৰ লোকে পায়াছে। হেন নুবুলিবা ইদানীকসে মোৰ ভক্তি প্ৰৱৰ্ত্তিছে। আত এমন অৰ্থ বুঝিবা, বিদ্যা অবিদ্যা উপাধিয়ে ঈশ্বৰ জীব দেখায়, ঈশ্বৰ অবিদ্যা অভাবে নিত্যশুদ্ধ। জীৱ ঈশ্বৰ প্ৰসাদে জ্ঞান পায়া অজ্ঞান এড়ি শুদ্ধ হুয়া চিদাংশে ঐক্য বুঝিবা। যদি বোলা তুমাত বিষম আছে, যাতো এক শৰণপৰকেসে আপুনাৰ স্বৰূপ দিয়া, সকামীক নেদা, আত শুনা। যি জনে মোক সকামে বা নিষ্কামে বা যেমনে ভজে, তাকো মঞি তেমনে তাৰ বাঞ্ছিত ফলদানে অনুগ্ৰহ কৰোঁ। সকামী [ ৫৭ ] সবো মোক এডি ইন্দ্ৰাদিক ভজে বুলি তাৰাকো উপেক্ষা নকৰোঁ। যাতো সকল লোকে সকল প্ৰকাৰে মোকে অনুবৰ্ত্তে। হেন নুবুলিবা, তেবে মোক্ষৰ অৰ্থে কিসক সবে নভজে, তাত শুনা।
এই মনুষ্য লোকত শীঘ্ৰে কৰ্ম্মফলক আকাঙক্ষা কৰি ইন্দ্ৰাদি দেবতাক ভজে, সাক্ষাতে মোক নভজে। যাতো কৰ্ম্ম ফল শীঘ্ৰে হয, জ্ঞানৰ ফল. মোক্ষ শীঘ্ৰে নঘটে। তাত হেন বুলিবা কেযো সকামে কেযো নিষ্কামে প্ৰবৰ্ত্তে। কম্ম- বৈচিত্ৰ দেখি, কৰ্ম্মকৰ্ত্তা ব্ৰাহ্মণাদিৰো উত্তম অধম কৰা, কেমনে তোমাৰ বৈষম্য নাই, আত শুনা। গুণকৰ্ম্ম বিভাগে, চাৰিযো জাতিক মঞি স্ৰজিছোঁ ই সত্য হয। তাত সত্ব প্ৰধান ব্ৰাহ্মণৰ শমদমাদি কৰ্ম্ম। ৰজ প্ৰধান ক্ষত্ৰিযৰ যুদ্ধাদি কৰ্ম্ম। ৰজ স্তম প্ৰধান বৈশ্যৰ কৃষি বাণিজ্য কৰ্ম্ম। তম প্ৰধান শূদ্ৰৰ তিনিযো জাতিৰ শুশ্ৰুষাদি কৰ্ম্ম। এমনে কৰ্ত্তা হন্তে ফলত অকৰ্ত্তা কৰি মোক জানিবা যাতো আসক্তি নাই পদে শ্ৰম নপাউ। নিৰহঙ্কাৰ পদে জগতৰ সৃষ্টি আদি কৰ্ম্মতো মোৰ আসক্তি নাই। আপ্তকাম পদে ফলতো স্পৃহা নাই। মোক কৰ্ম্মে বন্ধ নকৰিব তাক কি বুলিবো। কৰ্ম্মত অনাসক্ত কৰি যি মোক জানে সিও কৰ্ম্মে বন্ধ নহে। মোৰ নিৰ্ল্লেপ কাৰণ নিৰহঙ্কাৰ নিস্পৃহাদি জানন্তাৰো অহঙ্কাৰ শিথিল হয়। অহঙ্কাৰ এড়ি কৰ্ম্ম কৰিলে বন্ধ নহে জানি পূৰ্ব্বত জনকাদি মুমুক্ষুসবো কৰ্ম্ম কৰিছে। এতেকে তুমি প্ৰথমে কৰ্ম্ম কৰা। সিয়ো কৰ্ম্ম তত্ত্বজ্ঞানী সমে বিচাৰ কৰি কৰিবা লোক পৰম্পৰায়ে নকৰিবা। [ ৫৮ ] যাতো কাক বুলি কৰ্ম্ম কৰণ, কাক বুলি অকৰণ, আতে বিবেকী সবো মোহ হুয়াছে। সেই কৰ্ম্ম তুমাৰ আগত কহোঁ, যাক আচৰি সংসাৰত মুক্ত হৈবা। যদি বোলা লোক প্ৰসিদ্ধ দেহাদিৰ ব্যাপাৰকে কৰ্ম্ম বুলি, তাৰ অব্যাপাৰকে অকৰ্ম্ম বুলি, কেনে বোলা বিবেকীসবো আত মোহ হুয়াছে, তাত শুনা। বিহিত ব্যাপাৰ কৰ্ম্মৰো বুঝিবে আছে, অব্যাপাৰ অকৰ্ম্মৰো বুঝিবে আছে, নিষিদ্ধ ব্যাপাৰ বিকৰ্ম্মৰো বুঝিবে আছে, যাতো কৰ্ম্ম অকৰ্ম্ম বিকৰ্ম্মৰ তত্ত্ব দুৰ্ব্বোধ। তাক সাবধান মনে শুনা। পৰমেশ্বৰ আৰাধনাৰ্থ কৰ্ম্মত জ্ঞান সাধন পদে বন্ধ নহে বুলি অকম্ম যি দেখে, বিহিত অকৰণে অকৰ্ম্মতো দোষ হেতু বন্ধ হয় জানি কৰ্ম্ম যি দেখে, সি কৰ্ম্মকৰন্তা মনুষ্যৰ মধ্যত বুদ্ধিমন্ত। যাতো সেই কৰ্ম্মে জ্ঞান লভিবা। এতেকে তাক যোগী সৰ্ব্ব কৰ্ম্ম কৰ্ত্তা বুলি। ঈশ্বৰাৰ্পিত কৰ্ম্মত সকল কৰ্ম্মফল অন্তৰ্ভাব হুয়াছে। আৰুৰুক্ষ পুৰুষৰ তৃতীয় অধ্যায়ে যি কৰ্ম্মযোগ কহিছো, তাৰে প্ৰপঞ্চ বুঝিবা। যেখন আৰু- ৰুক্ষৰে কৰ্ম্ম বন্ধ নহে, তবে আৰূঢ় কৈত বন্ধ হয়। তাত এমন অৰ্থ আৰূঢ় পুৰুষে দেহেন্দ্ৰিয়াদি ব্যাপাৰ কৰ্ম্মত প্ৰবৰ্ত্তি- তেও আত্মা দেহাদি ব্যতিৰেক অনুভবে স্বাভাবিক কৰ্ম্মকো অকৰ্ম্ম দেখে। তেমনে অজ্ঞানত দুষ্খ বুদ্ধি, কৰ্ম্মত্যাগত কপটাচাৰ পদে কৰ্ম্ম যি দেখে, তাক মনুষ্যৰ মধ্যত পণ্ডিত বুলি। সি যদৃচ্ছালাভ আহাৰাদি কৰ্ম্ম কৰিতেও অকৰ্ত্তাত্মজ্ঞানে সমাধিতে থাকে। এতেকে জ্ঞানী স্বভাব প্ৰাপ্ত কলঞ্জ ভক্ষণা[ ৫৯ ] দিয়ো দোষ নহে। অজ্ঞানী পুৰুষৰ ৰাগত কৰিলে দোষ হয়। আত বিকৰ্ম্মৰো তত্ত্ব কহিলা। উক্ত অৰ্থক স্পষ্ট কৰি কহন্ত। যাৰ সকল কৰ্ম্মফল সঙ্কল্প ৰহিত হৈল, সেই কৰ্ম্মে শুদ্ধচিত্ত হৈলে জ্ঞানাগ্নিয়ে সকলক নাশ কৰিল, তাক পণ্ডিত বুলি। কৰ্ম্ম ফলত আসক্তি এড়ি নিজানন্দে তৃপ্ত হুয়া কাকো আশ্ৰয় নকৰি কৰ্ম্ম কৰিতেও পুৰুষ অকৰ্ম্ম্য হয়। যি নিষ্কাম হুয়া দেহ মন নিয়ম কৰিল, সকল পৰিগ্ৰহ এড়িল, সি অভিমান এড়ি কৰ্ম্ম কৰিতেও বন্ধ নহে। যি অপ্ৰাৰ্থিত লাভত তুষ্ট হুয়া শীতোষ্ণাদি দ্বন্দ্ব সহে, কাৰো লগত বৈৰ মৎসৰ নকৰে, লাভ অলাভত হৰ্ষ বিষাদ নাই, সি স্বাভাবিক বিহিত কৰ্ম্ম কৰিতেও বন্ধ নহে। যি সকল সঙ্গ এড়ি ৰাগাদি ৰহিত হুয়া জ্ঞানত চিত্তক স্থিৰ কৰি ঈশ্বৰৰ অৰ্থে কৰ্ম্ম কৰে, তাৰ সকল কৰ্ম্ম লয় যায়। এমনে কহিলা, ঈশ্বৰৰ আৰাধনাৰ্থ কৰ্ম্ম জ্ঞান সাধন হেতু বন্ধ নহে পদে অকৰ্ম্ম। আৰূঢ় অৱস্থাত অকৰ্ত্তাত্মজ্ঞান বাধিত পদে স্বাভাবিক কৰ্ম্মো অকৰ্ম্মক হয়।
ইদানীক কৰ্ম্ম তাৰ সাধনতো ব্ৰহ্মকে অনুগত দেখিলে, তাৰ কৰ্ম্মলয় প্ৰকাৰ কহন্ত। যজ্ঞৰ সকল সাধনতে যি ব্ৰহ্মদৃষ্টি কৰে সি ব্ৰহ্মকে পাৱে। সবাতে ব্ৰহ্মদৰ্শন জ্ঞানক যজ্ঞ বুলি কহিলা। যাতো সকল যজ্ঞ সাধনত আৰু পায়। এতেকে সকল যজ্ঞত কৰি শ্ৰেষ্ঠ দেখাইবে লাগি অধিকাৰী ভেদে জ্ঞানৰ সাধন দ্বাদশ যজ্ঞ কহন্ত। কতো কৰ্ম্মযোগী- সবে ইন্দ্ৰাদি যজনকে যজ্ঞ বুলি কৰে। জ্ঞানযোগীসবে ব্ৰহ্ম
অগ্নিত সকল কৰ্ম্মকে লয় কৰে, আক জ্ঞান যজ্ঞ বুলি। নৈষ্ঠিক ব্ৰহ্মচাৰীসবে সংযম অগ্নিত ইন্দ্ৰিয়ক লয় কৰে। গৃহস্থসবে ভোগত অনাসক্ত হুয়া ইন্দ্ৰিয় অগ্নিত বিষয়ক হোম কৰে। জ্ঞাননিষ্ঠসবে দশ ইন্দ্ৰিয় দশ প্ৰাণৰ কৰ্ম্মক আত্মাত মন নিয়মি অগ্নিত হোম আচৰে। তাতে শ্ৰোত্ৰৰ শ্ৰবণ, চক্ষুৰ দৰ্শন, জিহ্বাৰ আস্বাদন, ত্বচৰ স্পৰ্শ, ঘ্ৰাণৰ গন্ধ, এই জ্ঞানেন্দ্ৰিয়ৰ কৰ্ম্ম | বাগিন্দ্ৰিয়ৰ বচন, হস্তৰ আদান, চৰণৰ গতি, পায়ুপস্থৰ মলজলত্যাগ, এই কৰ্ম্মেন্দ্ৰিয়ৰ কৰ্ম্ম। পানৰ উৰ্দ্ধ গমন, অপানৰ অধোনয়ন, সমানৰ অন্নপানৰ একত্ৰিকৰণ, উদানৰ উৰ্দ্ধনয়ন, ব্যানৰ আকুঞ্চন, পাদপ্ৰসাৰণাদি কৰ্ম্ম। উদ্গাৰত নাগ, উম্মীলনত কূৰ্ম্ম, হাঞ্চিত কৃকৰ, হামিত দেবদত্ত, মৃতককো নেড়ে সৰ্ব্বব্যাপী ধনঞ্জয় বায়ু। কতোসবে সুবৰ্ণাদি দানকে যজ্ঞ বুলি আচৰে। কোনোসবে চান্দ্ৰায়ণাদি তপকে যজ্ঞ বুলি কৰে। চিত্তবৃত্তি নিৰোধকে কতোসবে যজ্ঞ বোলে। কতোসবে বেদপাঠ বেদাৰ্থ জ্ঞানকে যজ্ঞ বোলে। কতোসবে পূৰক কালত অধোবৃত্তি, অপানত উৰ্দ্ধ বৃত্তি প্ৰাণক হোম কৰে। কুম্ভক- কালত অপানৰ গতি নিৰোধ কৰি থাকে। ৰেচক কালত অপানক প্ৰাণত হোম কৰে। এমনে পূৰক কুম্ভক ৰেচককে প্ৰাণায়াম যজ্ঞ বোলে। অপৰসবে আহাৰ সঙ্কোচকে অভ্যাস কৰিতে আপুনি ইন্দ্ৰিয় জীৰ্ণ হৈলে, ইন্দ্ৰিয়বৃত্তি লয় হোমক ভাবনা কৰে, এমন প্ৰকাৰো বুলি। কতোসবে অজপা মন্ত্ৰৰ অভ্যাসকে যজ্ঞ বোলে। কতোসবে উদৰৰ দুই ভাগ অন্নে [ ৬১ ] পূৰণ কৰে, এক ভাগ জলে পূৰে, বায়ু প্ৰচাৰৰ অৰ্থে এক ভাগ ৰাখে। এমনে নিয়ত আহাৰ হুয়া কুম্ভক কৰি পান অপানৰ গতিক নিৰোধি প্ৰণায়ামপৰ হুয়া ইন্দ্ৰিয় সকলক প্ৰাণত লয় কৰে।
এই বাহ যজ্ঞৰ ফল শুনা। যজ্ঞকাৰীসব যজ্ঞে পাপক নাশ কৰি যজ্ঞৰ অৱশেষ কালত অমৃতৰূপ অনিষিদ্ধ অন্নদি খায়া জ্ঞানৰ দ্বাৰায়ে সনাতন ব্ৰহ্মক পাৱে। অযজ্ঞ পুৰুষৰ অল্প সুখো মনুষ্য লোকে নাই, কৈত পৰলোকত উত্তম সুখ হয়। এতেকে সৰ্ব্বথা যজ্ঞ কৰিবে লাগে। এমনে বেদমুখে বহুবিধ যজ্ঞ কহিছোঁ, তথাপি তাক কায়বাক্যমনোজন্য জানিবা। আত্মা কৰ্ম্ম অগোচৰ পদে তান স্বৰূপক নাপাৱে। আক জানি জ্ঞাননিষ্ঠ হুয়া সংসাৰত মুক্ত হৈবা। দেহাদি ব্যাপাৰ জন্য দৈবাদি যজ্ঞত কৰি জ্ঞান যজ্ঞক শ্ৰেষ্ঠ জানিবা। যাতো সকল কৰ্ম্মফল সহিতে জ্ঞানত অন্তৰ্ভাব হুয়াছে। সেই জ্ঞানৰ মহন্তৰ সেৱা মুখ্য কাৰণ। এতেকে তুমি ভক্তিমন্ত জ্ঞানীক দণ্ডৱতে প্ৰণিপাত কৰা; পাচে সেৱা কৰি প্ৰশ্ন কৰা— গুৰু মোৰ কেমনে সংসাৰ হৈল, কেমনে নিবৰ্ত্তে। তেবে তাৰা কৃপায়ে জ্ঞান উপদেশ দিব, যি জ্ঞানক পায়া পুনু বন্ধুবধাদিত মোহ নাপাইবা, যি জ্ঞানে সকল প্ৰাণীক আত্মাত অভেদে দেখিবা, আত্মাকে মঞি পৰমাত্মাত দেখিবা। যদ্যপি তুমি সকল পাপীতে কৰি অত্যন্ত পাপকাৰী হৱা, তথাপি সকল পাপ সমুদ্ৰক জ্ঞাননাৱে অনায়াসে তৰিবা। যেন কাষ্ঠ সমূহক [ ৬২ ] প্ৰজ্বলিত অগ্নিয়ে ভস্ম কৰে, তেমনে জ্ঞানাগ্নিয়ে প্ৰাৰব্ধ বিনে সকল কৰ্ম্মকে ভস্ম কৰে।
প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি বিধ কৰ্ম্ম। যি কৰ্ম্মে দেহক আৰম্ভ কৰিছে তাক প্ৰাৰব্ধ বুলি, যি কৰ্ম্ম প্ৰসাৰিত শৰ সম ভোগে সে ক্ষয়। জ্ঞান প্ৰাপ্তিৰ পূৰ্ব্ব অৱস্থাৰ কৰ্ম্মক আৰব্ধ বুলি, যি জ্ঞান পাইলে ধনুৰ শৰ হেন নষ্ট হয়। জ্ঞান প্ৰাপ্তিৰ উত্তৰ কালৰ কৰ্ম্মক অনাৰব্ধ বুলি, সি টোণৰ শৰ সম নচলয়। এতেকে জ্ঞান সম শুদ্ধিকৰ বস্তু কোন ঠাইত নাই। হেন জ্ঞানক অনেক কাল কৰ্ম্মযোগ আচৰন্তে শুদ্ধচিত্ত হৈলে আপুনি লভে, কৰ্ম্মযোগ বিনে নপাৱে। এতেকে সকল লোকে প্ৰথমে জ্ঞান অভ্যাসিবে নাপাৰে। কৰ্ম্মযোগ কৰিলেও গুৰুৰ উপদেশত শ্ৰদ্ধা কৰিব, তাতে একনিষ্ঠ হৈব, নিয়তেন্দ্ৰিয় হৈব, তেবে জ্ঞানক অনায়াসে লভিব। জ্ঞান পায়া অল্প কালে মোক্ষ পাইব। এতেকে জ্ঞানৰ অধিকাৰী কহি অনধিকাৰী কহন্ত। যি গুৰুৰ উপদেশ নুবুঝে, বুঝিয়ো যি শ্ৰদ্ধা নকৰে, শ্ৰদ্ধা কৰিয়ো মোৰ হয় নহয় বুলি সংশয় কৰে, সি স্বাৰ্থত ভ্ৰংশ হয়। সবাতো কৰি সংশয়াত্মা সৰ্ব্বথা নষ্ট হয়। যাতো তাৰ ইহলোকো নাই, সংশয়তে ধনাৰ্জ্জন বিবাহো নঘটে, এতেকে সুখো নাই, ধৰ্ম্মো নিসিজে পদে পৰলোকো নাই।
দুয়ো অধ্যায়ৰ অৰ্থক উপসংহৰি কহন্ত। প্ৰথমতে ঈশ্বৰত অৰ্পি সকল কৰ্ম্ম কৰিব; পাচে আত্মজ্ঞানে দেহত অহঙ্কাৰ এড়িব; সদায়ে অপ্ৰমাদে ৰহিব; তাক কৰ্ম্মে বন্ধ নকৰয়। এতেকে [ ৬৩ ] শোকমোহাদি সংশয়ক জ্ঞানখড়েগ ছেদন কৰি কৰ্ম্মযোগক আশ্ৰয় কৰা। ক্ষত্ৰিয়ৰ উচিত যুদ্ধ কৰ্ম্মক লাগি উঠা। পুনু ব্যৱস্থাভেদে জ্ঞান কৰ্ম্মময় নিষ্ঠাক যি ভগৱন্তে কহিলা হেন সংশয়ছেত্তা ভগবন্তক প্ৰণাম কৰোঁ।
ইতি শ্ৰীভগৱদ্গীতাকথায়াং চতুৰ্থোহধ্যায়ঃ॥৪॥
হে কৃষ্ণ ভক্তবৎসল দীনদয়াল যেমনে কৰ্ম্মজ্ঞান সমুচ্চয় কৰি অৰ্জ্জুনৰ মোহপটল দূৰ কৰিলা তেমনে মোৰো অজ্ঞান দূৰ কৰি চৰণাৰবিন্দত সহজ শৰণ দিয়াঁ। তোমাৰ পাদপদ্মত কৌটি বাৰ প্ৰণাম কৰো। সামাজিক সব ডাকি হৰিবোল হৰি।
সখ্যুৰ্যথা মোহমহান্ধকাৰমপানুদৎ জ্ঞানদিবাকৰেণ।
তথা তমো মে হৰ দীননাথ নমামি তে পাদসৰোজযুগ্মম্॥