পৃষ্ঠা:কথা-গীতা.djvu/৮৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চতুৰ্থ অধ্যায়। পূৰণ কৰে, এক ভাগ জলে পূৰে, বায়ু প্ৰচাৰৰ অৰ্থে এক ভাগ ৰাখে। এমনে নিয়ত আহাৰ হুয়া কুন্তক কৰি পান অপানৰ গতিক নিৰোধি প্ৰণায়ামপৰ হুয়া ইন্দ্ৰিয় সকলক প্ৰাণত লয় কৰে। | এই বাহ যজ্ঞব ফল শুনা। যজ্ঞকাৰীসব যজ্ঞে পাপক নাশ কৰি যজ্ঞৰ অৱশেষ কালত অমৃতৰূপ অনিষিদ্ধ অন্নদি খায়া জ্ঞানৰ দ্বাৰায়ে সনাতন ব্ৰহ্মক পাৱে। মযজ্ঞ পুৰুষৰ অল্প সুখো মনুষ্য লোকে নাই, কৈত পৰলোকত উত্তম সুখ হয়। এতেকে সৰ্বদা যজ্ঞ কৰিবে লাগে। এমনে বেদমুখে বহুবিধ যজ্ঞ কহিছোঁ, তথাপি তাক কায়বাক্যমনোজন্য জানিব। আত্মা কৰ্ম্ম অগোচৰ পদে তান স্বৰূপক নাপাৱে। আক জানি জ্ঞাননিষ্ঠ হুয়া সংসাৰত মুক্ত হৈবা। দেহাদি ব্যাপাৰ জন্য দৈবাদি যজ্ঞ কৰি জ্ঞান যজ্ঞক শ্ৰেষ্ঠ জানি। যাতত সকল কৰ্ম্মফল সহিতে জ্ঞানত অন্তৰ্ভাব হুয়াছে। সেই জ্ঞানৰ মহন্তৰ সেৱা মুখ্য কাৰণ। এতেকে তুমি ভক্তিমন্ত জ্ঞানীক দণ্ডৱতে প্ৰণিপাত কৰা; পাচে সেৱা কৰি প্ৰশ্ন কৰা গুৰু মোৰ কেমনে সংসাৰ হৈল, কেমনে নিবৰ্তে। তেবে তাৰ কৃপায়ে জ্ঞান উপদেশ দিব, যি জ্ঞানক পায় পুনু বন্ধুবধাদিত মোহ নাপাইবা, যি জ্ঞানে সকল প্ৰাণীক আত্মাত অভেদে দেখি, আত্মাকে মাঞ পৰমাত্মাত দেখি। যদ্যপি তুমি সকল পাপীতে কৰি অত্যন্ত পাপকাৰী হৱা, তথাপি সকল পাপ সমুদ্ৰক জ্ঞাননাৱে অনায়াসে তৰিবা। যেন কাষ্ঠ সমূহক