পৃষ্ঠা:কথা-গীতা.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
চতুৰ্থ অধ্যায়।

শোকমোহাদি সংশয়ক জ্ঞানখড়েগ ছেদন কৰি কৰ্ম্মযোগক আশ্ৰয় কৰা। ক্ষত্ৰিয়ৰ উচিত যুদ্ধ কৰ্ম্মক লাগি উঠা। পুনু ব্যৱস্থাভেদে জ্ঞান কৰ্ম্মময় নিষ্ঠাক যি ভগৱন্তে কহিলা হেন সংশয়ছেত্তা ভগবন্তক প্ৰণাম কৰোঁ।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং চতুৰ্থোহধ্যায়ঃ॥৪॥

 হে কৃষ্ণ ভক্তবৎসল দীনদয়াল যেমনে কৰ্ম্মজ্ঞান সমুচ্চয় কৰি অৰ্জ্জুনৰ মোহপটল দূৰ কৰিলা তেমনে মোৰো অজ্ঞান দূৰ কৰি চৰণাৰবিন্দত সহজ শৰণ দিয়াঁ। তোমাৰ পাদপদ্মত কৌটি বাৰ প্ৰণাম কৰো। সামাজিক সব ডাকি হৰিবোল হৰি।

সখ্যুৰ্যথা মোহমহান্ধকাৰমপানুদৎ জ্ঞানদিবাকৰেণ।
তথা তমো মে হৰ দীননাথ নমামি তে পাদসৰোজযুগ্মম্॥