পৃষ্ঠা:কথা-গীতা.djvu/৮৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চতুৰ্থ অধ্যায়। এমনে দুই অধ্যায়ে কৰ্মযোগ সাধন, জ্ঞানযোগ মোক্ষ সাধন, বুলি কহিলা। তাকে ব্ৰহ্মাৰ্পণাদি গুণ বিধানে জীবেশ্বৰতত্ত্ব কহিবাক লাগি প্ৰথমে সম্প্ৰদায় দেখাই ভগৱন্তে বোলন্ত, জানা অৰ্জুন, এই অব্যয়ফল যোগ কথা পূৰ্বত মঞি আদিত্যৰ আগত কহিছোঁ; আদিত্যে আপুনাৰ পুত্ৰ শ্ৰাদ্ধদেৱ মনুত কহিলা; মনুও স্বপুত্ৰ ইক্ষাকুত কহিলা। এই পৰম্পৰায় ৰাজঋষিসবে জানিলা। পাচে অনেক কালে সম্প্ৰদায় বিছিন্ন হৈল। সেই যোগ আজি মঞি তোমাত কহিলে। আক আনৰ আগত নকহে। তুমি ভক্ত সখী পদে কহিলোঁ, যাতে ই যোগ উত্তম ৰহস্য, ভগৱন্তে আদিত্যক প্ৰতি যোগ উপদেশ অসম্ভৱ দেখি অৰ্জুনে পোছ। হে ভগৱন্ত, তোমাৰ জন্ম ইদানীক, আদিত্যৰ জন্ম পূৰ্বত, তুমি ইদানীন্তন হুয়া চিৰন্তন আদিত্যত যে কহিল, আক মঞি কেমনে জানিম। ৰূপান্তৰে উপদেশ দিলে বুলি ভগৱন্তে উত্তৰ কহন্ত। হে অৰ্জুন, তোমাৰ মোৰ অনেক জন্ম অতিক্ৰমি গৈল, অলুপ্ত বিদ্যাশক্তি পদে তাক মঞি জানো। অবিদ্যাবৃত পদে তুমি তাক নাজানা। যদি বোলা তুমি অনাদি অবিনাশী ঈশ্বৰ, পাপপুণ্য শূন্য, কেনে জীবৰ সদৃশ জন্ম ধৰা, তাত শুনা। যদ্যপি মঞি অজ অব্যয় ঈশ্বৰ, কৰ্ম্মৰৰ অধীন নহে, তথাপি শুদ্ধ সত্ব প্ৰকৃতিক