পৃষ্ঠা:কথা-গীতা.djvu/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কথা-গীতা। প্ৰজ্বলিত অগিয়ে ভস্ম কৰে, তেমনে জ্ঞানাগ্নিয়ে প্ৰাৰ বিনে সকল কৰ্ম্মকে ভস্ম কৰে। প্ৰাৰ আৰব্ধ অনাৰব্ধ তিনি বিধ কৰ্ম্ম। যি কৰ্ম্মে দেহক আৰম্ভ কৰিছে তাক প্ৰাৰ বুলি, যি কৰ্ম প্ৰসাৰিত শৰ সম ভোগে সে ক্ষয়। জ্ঞান প্ৰাপ্তিৰ পূৰ্ব অৱস্থাৰ কস্মক আৰব্ধ বুলি, যি জ্ঞান পাইলে ধনুৰ শৰ হেন নষ্ট হয়। জ্ঞান প্ৰাপ্তিৰ উত্তৰ কালৰ কৰ্ম্মক অনাৰ বুলি, সি টোণৰ শৰ সম নচলয়। এতেকে জ্ঞান সম শুদ্ধিকৰ বস্তু কোন ঠাইত নাই। হেন জ্ঞানক অনেক কাল কৰ্ম্মযোগ আচৰন্তে শুদ্ধচিত্ত হৈলে আপুনি লভে, কৰ্ম্মযোগ বিনে নপাৱে। এতেকে সকল লোকে প্ৰথমে জ্ঞান অভ্যাসিবে নাপাৰে। কৰ্ম্মযোগ কৰিলেও গুৰুৰ উপদেশত শ্ৰদ্ধা কৰিব, তাতে একনিষ্ঠ হৈব, নিয়তেন্দ্ৰিয় হৈব, তেবে আনক অনায়াসে লভিব। জ্ঞান পায়া অল্প কালে মোক্ষ পাইব। এতেকে জ্ঞানৰ অধিকাৰী কহি অনধিকাৰী কহন্ত। যি গুৰুৰ উপদেশ নুবুঝে, বুঝিয়ো যি শ্ৰদ্ধা নকৰে, শ্ৰদ্ধা কৰিয়ো মোৰ হয় নহয় বুলি সংশয় কৰে, সি স্বাৰ্থত ভ্ৰংশ হয়। সবাতো কৰি সংশয়াত্মা সৰ্বথা নষ্ট হয়। যাতে তাৰ ইহলোকো নাই, সংশয়তে ধনাঞ্জন বিবাহ নঘটে, এতেকে সুখখা নাই, ধৰ্মো নিসিজে পদে পলোকো নাই। দুয়ো অধ্যায়ৰ অৰ্থক উপসংহৰি কহন্ত। প্ৰথমতে ঈশ্বৰত অৰ্পি সকল কৰ্ম্ম কৰিব পাচে আত্মজ্ঞানে দেহত অহঙ্কাৰ এড়িব; সদায়ে অপ্ৰমাদে বহিব; তাক কম্মে বন্ধ নকৰয়। এতেকে