দিয়ো দোষ নহে। অজ্ঞানী পুৰুষৰ ৰাগত কৰিলে দোষ হয়। আত বিকৰ্ম্মৰো তত্ত্ব কহিলা। উক্ত অৰ্থক স্পষ্ট কৰি কহন্ত। যাৰ সকল কৰ্ম্মফল সঙ্কল্প ৰহিত হৈল, সেই কৰ্ম্মে শুদ্ধচিত্ত হৈলে জ্ঞানাগ্নিয়ে সকলক নাশ কৰিল, তাক পণ্ডিত বুলি। কৰ্ম্ম ফলত আসক্তি এড়ি নিজানন্দে তৃপ্ত হুয়া কাকো আশ্ৰয় নকৰি কৰ্ম্ম কৰিতেও পুৰুষ অকৰ্ম্ম্য হয়। যি নিষ্কাম হুয়া দেহ মন নিয়ম কৰিল, সকল পৰিগ্ৰহ এড়িল, সি অভিমান এড়ি কৰ্ম্ম কৰিতেও বন্ধ নহে। যি অপ্ৰাৰ্থিত লাভত তুষ্ট হুয়া শীতোষ্ণাদি দ্বন্দ্ব সহে, কাৰো লগত বৈৰ মৎসৰ নকৰে, লাভ অলাভত হৰ্ষ বিষাদ নাই, সি স্বাভাবিক বিহিত কৰ্ম্ম কৰিতেও বন্ধ নহে। যি সকল সঙ্গ এড়ি ৰাগাদি ৰহিত হুয়া জ্ঞানত চিত্তক স্থিৰ কৰি ঈশ্বৰৰ অৰ্থে কৰ্ম্ম কৰে, তাৰ সকল কৰ্ম্ম লয় যায়। এমনে কহিলা, ঈশ্বৰৰ আৰাধনাৰ্থ কৰ্ম্ম জ্ঞান সাধন হেতু বন্ধ নহে পদে অকৰ্ম্ম। আৰূঢ় অৱস্থাত অকৰ্ত্তাত্মজ্ঞান বাধিত পদে স্বাভাবিক কৰ্ম্মো অকৰ্ম্মক হয়।
ইদানীক কৰ্ম্ম তাৰ সাধনতো ব্ৰহ্মকে অনুগত দেখিলে, তাৰ কৰ্ম্মলয় প্ৰকাৰ কহন্ত। যজ্ঞৰ সকল সাধনতে যি ব্ৰহ্মদৃষ্টি কৰে সি ব্ৰহ্মকে পাৱে। সবাতে ব্ৰহ্মদৰ্শন জ্ঞানক যজ্ঞ বুলি কহিলা। যাতো সকল যজ্ঞ সাধনত আৰু পায়। এতেকে সকল যজ্ঞত কৰি শ্ৰেষ্ঠ দেখাইবে লাগি অধিকাৰী ভেদে জ্ঞানৰ সাধন দ্বাদশ যজ্ঞ কহন্ত। কতো কৰ্ম্মযোগী- সবে ইন্দ্ৰাদি যজনকে যজ্ঞ বুলি কৰে। জ্ঞানযোগীসবে ব্ৰহ্ম
৩