কথা-গীতা।
স্বীকাৰ কৰি বিশুদ্ধ সত্ব মূৰ্তিয়ে অখণ্ড জ্ঞান বল বীৰ্য্যাদি
শক্তিয়ে আপুনাৰ মায়ায়ে অৱতাৰ ধৰো। যদি বোলা কেতিয়া
অবতাৰ ধৰা, তাত শুনা। যেখন ধৰ্ম্মৰ হানি অধৰ্ম্মৰ উদ্ভৱ হয়,
তেখনে সাধুৰ ৰক্ষাৰ্থে, দুৰ্জনৰ নাশ নিমিত্তে, ধৰ্ম প্ৰতিপালন
পদে যুগে যুগে মঞি অবতাৰ ধৰো। যেন মাতৃয়ে পুত্ৰক
লালন তাড়ন কৰিতেও নিৰ্দয় নহে, তেমনে মঞিয়ো সাধুক
ৰাখি অসাধুক নাশ কৰিতেও বৈষম্য শঙ্কা নকৰিবা। মঞি
আপুনাৰ ইছাই জন্ম ধৰে। ধৰ্মপালন নিমিত্তে আন লৌকিক কৰ্ম্ম
কৰো; আক যি জানে, সি দেহত অভিমান এড়ি মোক পাৰে।
| যদি বোলা কেমনে জন্ম কৰ্ম্মক জানিলে তোমাক পাৱে, তাক
শুনা। মঞি শুদ্ধ সত্ব অবতাৰে ধৰ্ম্ম পালন কৰে। এই মোৰ
পৰম কাণিক জানি, ৰাগ ভয় ক্ৰোধ এড়ি মোতে একচিত্ত হয়া,
মোকে আশ্ৰয় কৰি মোক উপাসা কৰে, তেবে মোৰ প্ৰসাদে
জ্ঞান ভক্তি পায়। পৰম শুদ্ধ হুয়া, অজ্ঞান ছাড়ি মোৰ সাযুজ্যক
বিস্তৰ লোকে পায়াছে। হেন সুবুলিবা ইদানীকসে মোৰ ভক্তি
প্ৰৱৰ্তিছে। আত এমন অৰ্থ বুঝিবা, বিদ্যা অবিদ্যা উপাধিয়ে
ঈশ্বৰ জীব দেখায়, ঈশ্বৰ অবিদ্যা অভাবে নিত্যশুদ্ধ। জীৱ
ঈশ্বৰ প্ৰসাদে জ্ঞান পায়া অজ্ঞান এড়ি শুদ্ধ হুয়া চিদাংশে
ঐক্য বুঝিবা। যদি বোলা তুমাত বিষম আছে, যাতে এক
শৰণপৰকেসে আপুনাৰ স্বৰূপ দিয়া, সকামীক নেদা, আত শুনা।
যি জনে মোক সকামে বা নিষ্কামে বা যেমনে ভজে, তাকে।
মঞি তেমনে তাৰ বাঞ্ছিত ফলদানে অনুগ্ৰহ কৰে। সকামী
পৃষ্ঠা:কথা-গীতা.djvu/৮৪
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
