একুৰি এটা গল্প/সত্তা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ৯৫ ]

সত্তা

 আজিকালি গৌতম চৌধুৰীৰ হাতত অজস্ৰ সময়। ঘড়ীৰ কাঁটাডাললৈ চাই চাই তেওঁ সময়ে সময়ে অতিষ্ঠ হৈ উঠে। এটা সময়ত এইজন মানুহেই থাউনি নোহোৱাকৈ টাকুৰীটোৰ দৰে ঘূৰি ঘূৰি কাম কৰিছিল। কৰ্মজীৱনৰ পৰা লোৱা অৰসৰে যে মানুহৰ জীৱনলৈ এনে কষ্টকৰ যন্ত্ৰণা নমাই আনে, সেয়া তেওঁ আগতে এবাৰো অনুভৱ কৰিব পৰা নাছিল। তাতে তেওঁৰ ৰুকি ৰুকি নিঃশেষ কৰিব পৰা নিঃসংগতা। প্ৰাতঃভ্ৰমণ, বাতৰি কাকত চোৱা, ঘৰটোৰ চৌপাশৰ দুহতীয়া-চাৰিহতীয়া মুকলি ঠাইখিনিত জলকীয়া, বেঙেনা, পালেং পুলি, বিভিন্ন ফুলৰ পুলি গোঁজা মাৰি মাৰি ৰোৱা আৰু গোপালে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে যতনাই দিয়া আহাৰ গ্ৰহণ কৰা। বম্। ইমানেই তেওঁৰ কাম। মাত্ৰ এইখিনি ব্যস্ততাৰে তেওঁ জীৱনটো পাৰ কৰা লাহে লাহে কষ্টকৰ হৈ পৰিছে। ল’ৰা চাৰিটা। প্ৰথম পক্ষৰ দুটা আৰু দ্বিতীয় পক্ষৰ দুটা। ল’ৰা চাৰিটাৰ তিনিটাই হোষ্টেলত থাকি পঢ়ি আছে। ডাঙৰ ল'ৰা সৌৰভে ইঞ্জিনিয়াৰিং পঢ়ি আছে, বাকী দুটা সৈনিক স্কুলত। বমাজু, অৰ্থাৎ প্ৰথম পক্ষৰ সৰু ল'ৰাটো— গৌৰৱ ঘৰতে থাকে। চৌধুৰীয়ে কাৰণটো বুজিব পৰা নাই— কি কাৰণে সি বাপেকক এৰি নাযায়! পঢ়াতো বৰ প্ৰশংসিবলগীয়া ধৰণৰ নহয়। সৰু দুটাৰ লগতে এবাৰ তাকো সৈনিক স্কুলত নাম লগাই দিয়াৰ কথা ভাবিছিল। দৰকাৰী নথি-পত্ৰও যোগাৰ কৰিছিল—কিন্তু কিহৰ কাৰণে জানো তাৰ যোৱা নহ'ল! সি ঘৰতে ৰ'ল। কোনোমতে পাছ কৰি কৰি গৈ আছে। পৰিবাৰ গীতা প্ৰগতিবাদী মহিলা। মেল-মিটিং, সভা-সমিতিৰ কামৰ বোজাত ঘৰত দিবলগীয়া সময়ৰ পৰিমাণ ক্ৰমাৎ কমি কমি গৈ আছে। তেওঁ নথকা সময়খিনিত ঘৰখনৰ পৰিৱেশ ব শান্ত-নিস্তব্ধ হৈ থাকে। আৰু যেতিয়াই ঘৰ সোমায়হি ঘৰত থকা অৱশিষ্ট প্ৰাণীকেইটাৰ উশাহ-নিশাহবোৰৰ যেন স্বভাৱসুলভভাৱেই খৰ হৈ উঠে। কাম কৰা ল'ৰা গোপালৰ প্ৰয়োজনীয় ব্যস্ততাৰ লগে লগে গৌতম চৌধুৰীয়েও ক'ব নোৱৰাকৈ অপ্ৰয়োজনীয়ভাৱে ব্যস্ত হৈ পৰে।

 ঘৰৰ সন্মুখফালৰ বাৰাণ্ডাখনত বহি বহি গৌতম চৌধুৰীয়ে নিজৰ তপা মূৰটোত হাত ফুৰাই যেন বুজনি দিলে। সন্মুখৰ কাঠৰ ৰেলিং দুডালৰ মাজত মকৰাৰ জাল এখন। জালখনৰ সোঁ মাজতে মৰা মকৰা এটাৰ পাতল খোলা। বেচেৰা! কত হেঁপাহেৰে জাল গুঁঠিছিল! কিমান দিন জানো উপভোগ কৰিলে [ ৯৬ ] নিজে পতা হেঁপাহৰ জালখনত! তেওঁৰ গৌৰীলৈ মনত পৰিল। ষোল্ল বছৰৰ আগতে মৃত্যুশয্যাত পৰি ছটফটাই থকা গৌৰীয়ে চৌধুৰীৰ পৰা আশ্বাসবাণী লৈছিল—যাতে তেওঁৰ মৃত্যুৰ পাছত সিহঁতৰ এমা-ডিমা ল’ৰা দুটাৰ আলৈ-আথানি নকৰে। গৌৰীয়ে বিচৰা সেই আশ্বাসবাণীৰ অৰ্থ বাৰু গৌতমে ভুলকৈ বুজিলে নেকি? আৰু কিবা সুধিব পৰাৰ আগতেই তেওঁৰ হাতত খামুচি ধৰি থাকিয়েই গৌৰী বহুদূৰলৈ আঁতৰি গ'ল। গৌৰীৰ হাতৰ চেপাৰ শিথিলতা অনুভৱ কৰি চৌধুৰীয়ে এটা চিঞৰ মাৰি তাইৰ দেহৰ ওপৰত হাউলি পৰিছিল। সৌৰভ আৰু গৌৰৱক বুকুৰ মাজত সুমুৱাই ৰাউচি জোৰা চৌধুৰীৰ চিঞৰত ওচৰ-চুবুৰীয়া গোট খাই মাকৰ দেহটো বাহিৰলৈ নিয়া চাই চাই সাত বছৰীয়া সৌৰভ আৰু তিনি বছৰীয়া গৌৰৱেও কান্দি উঠিছিল। মৃত্যু কি বুজি নোপোৱা দুয়োটা ল’ৰাই মাকৰ মৰা দেহটোকে মাক বুলি পতিয়ন গৈ হাহাকাৰ কৰিছিল।
  অহ্...। গৌতম চৌধুৰীয়ে বহাতে মূৰটো পিছলৈ হাওলাই দিলে। খহটা চিমেণ্টৰ বেৰত তেওঁৰ তপা মূৰটো লগাত তেওঁ সোঁ হাতখন তুলি আকৌ মূৰটো পিহি দিলে। ঠিক গৌৰীয়ে দিয়াৰ দৰে...। এই মুহূৰ্তত পুনৰ তেওঁ ষোল্ল-সোতৰ বছৰৰ আগৰ গৌৰীজনীৰ হাতৰ পৰশ অনুভৱ কৰিলে। হৃদয়ত মমতাৰ সাগৰ থাকিলে খহটা হাতৰ পৰশো উমাল হৈ পৰে। ঠিক এনেকৈ অফিচৰ পৰা ঘূৰি অহাৰ পাছত মূৰৰ বিষ উঠা বুলি গম পালে গৌৰীয়ে আথে-বেথে চাবোন-ছাইৰ অত্যাচাৰত খহটা হোৱা দুয়ো হাতৰ তলুৱাৰে তেওঁৰ গোটেই মূৰটোৱে পিহি দিছিল। গৌৰীৰ স্নেহময়ী হাতৰ পৰশত গৌতমৰ দেহ-মূৰ শাঁত পৰিবলৈ বেছি পৰ নালাগিছিল।
  গৌৰৱ আৰু সৌৰভক আলৈ-আথানি নকৰাৰ প্ৰতিশ্ৰুতি দিয়া গৌতমে সিহঁতৰ সু-প্ৰতিপালনৰ বাবে বুলিয়েই দ্বিতীয়বাৰ দ্বাৰ গ্ৰহণ কৰিলে। শিক্ষক পিতৃৰ একমাত্ৰ কন্যা গীতাক বিয়া কৰাই তেওঁ সৌৰভ আৰু গৌৰৱক মাকৰ মৰম যতাব বিচাৰিছিল। প্ৰথম দুবছৰমান ঠিকেই চলিল। চৌধুৰীয়ে তেজীমলা সাধুৰ মাহীজনীৰ সৃষ্টিৰ অসাৰ্থকতা অনুভৱ কৰিলে। সেয়ে ল’ৰা দুটাৰ সমস্ত দায়িত্ব গীতাৰ হাতত গতাই দি তেওঁ পুনৰ ব্যস্ত হৈ পৰিল নিজৰ কৰ্মক্ষেত্ৰত। নতুন পত্নীৰ মধুৰ প্ৰেমত সাময়িকভাৱে গৌৰীৰ স্মৃতিও ধূসৰ কৰি তুলিলে। লাহে লাহে দুই পুত্ৰ আৰু পিতৃৰ মাজত গীতা এখন ওখ প্ৰাচীৰৰ দৰে হৈ পৰিল। এই ব্যৱধান ঠিক কোনখিনি সময়ৰ পৰা আৰম্ভ হ'ল চৌধুৰীয়ে আজি খাটাংকৈ ক'ব নোৱাৰে। ল’ৰা দুটাৰ বৈষয়িক প্ৰয়োজনখিনিৰ কথাও গীতাৰ মাধ্যমেৰে চৌধুৰীৰ [ ৯৭ ] ওচৰলৈ অহা হ’ল। তেওঁক বুজাই দিয়া হ'ল যে গীতা সিহঁতৰ মাক; গতিকে সিহঁতৰ বাবে কি ভাল, কি বেয়া সেয়া গীতাইহে ঠাৱৰ কৰিব। চৌধুৰীয়েও ঠিক তেনেদৰেই বুজিলে। প্ৰথম তিনি-চাৰি বছৰলৈ ঠিক যেন লগাকৈয়ে চলিল। কিন্তু তাৰ পাছত যেতিয়া অনিকেত আৰু নৱনীত আহিল আৰু সিহঁতৰ চাৰিজনীয়া সংসাৰখন দুজনীয়া কৰিলে— তেতিয়া থকা ঠাইৰ অভাৱত সৌৰভ আৰু গৌৰৱ শোৱনিকোঠাৰ পৰা বাৰাণ্ডাৰ এমূৰে থকা ষ্ট'ৰ ৰূমসদৃশ সৰু কোঠাটোলৈ স্থানান্তৰিত হ'ল। চৌধুৰীয়ে তেতিয়াও একো অনীতি নেদেখিলে। হয়তো ঘৰটোৰ শোৱনিকোঠাটো আটাইকেইটাৰ বাবে আহল-বহল নহয় যেতিয়া সিহঁত তালৈকে যাওক। আৰু ডাঙৰ হৈ আহিছে যেতিয়া চেঙেলীয়া ল'ৰাক ‘প্ৰাইভেচী’ এটাও লাগে নহয়! গীতাৰ সৰলমনা বুজনিখিনি গৌতমে ঠিক তেনেদৰেই বুজিলে।
 আচলতে তেতিয়াই গৌতমে তেনেদৰে নুবুজি নিজে বিচাৰ কৰিব পৰা হলে যে ভাল আছিল—এতিয়াহে বুজিছে। গৌৰৱহঁত কিয় বাৰাণ্ডাৰ ৰূমটোলৈ যাব লাগে বুলি ওভোতাই প্ৰশ্ন কৰিব পৰা হ'লে চাগে বৰ্তমানটো তেওঁৰ বাবে ইমান বেদনাদায়ক নহ'লহেঁতেন! সেই সময়ত গীতাৰ প্ৰতিটো কামত চকু মুদি সমৰ্থন নিদিয়া হ'লে চাগে এতিয়া তেওঁ গৌৰীৰ ফটোখনৰ ওচৰত গীতাই নেদেখাকৈ হুমুনিয়াহ পেলাব নালাগিলেহেঁতেন!
 চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত যেতিয়া তেওঁৰ হাত অফুৰন্ত সময় হ’ল— তেতিয়াহে তেওঁ ধীৰে ধীৰে অনুভৱ কৰিলে যে প্ৰথম প্ৰেমৰ উমাল স্বাক্ষৰ সৌৰভ মানসিকভাৱে তেওঁৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে। নামত পঢ়াৰ কাৰণে হ'লেও সি যে তেওঁৰ পৰা সঁচাকৈয়ে দূৰলৈ গৈছে সিদিনাহে চৌধুৰীয়ে উপলব্ধি কৰিলে। বাৰ বছৰৰ আগতে বাৰাণ্ডাৰ ৰূমটোলৈ স্থানান্তৰিত কৰা দুয়ো ভায়েকৰ কথোপকথন ঘৰৰ সংলগ্ন দুহতীয়া শাকনিখনত মাটি খুঁচৰি থকা চৌধুৰীৰ কাণত পৰিল— দাদা, ইমান পইচা ক’ত পাবা?
 তই চিন্তা নকৰিবি গৌৰৱ, মই নিজৰ ব্যৱস্থা ইমানদিনে কৰিয়েই আছো যেতিয়া এতিয়াও কিবা এটা কৰিম।
 নহলে দেউতাক কওঁ? ‘পেন্সন ক্লিয়াৰ' হোৱাৰ লগে লগে যোৱা মাহত জি পি এফৰ টকাও অলপ পাইছে নহয়...!
 চুপ। একেবাৰে চুপ্‌। বুঢ়াটোৰ হাতৰ ফুটাকড়ি এটাও মোক নালাগে। দৰকাৰ পৰিলে কোৰ্ছটোকেই কেন্সেল কৰিম। অকণমান সময় ৰৈ সৌৰভে কোৱা চৌধুৰীয়ে আকৌ শুনিলে— মাৰ মৃত্যুৰ পাছতেই আকৌ এজনী আনি আমাৰ [ ৯৮ ] জীৱনলৈ যি যাতনা আনি দিলে, তাতকৈ আমাৰ বাবে আয়া এজনী ৰাখি নিজে কোনো দেহোপজীৱিনীৰ ওচৰলৈ গৈ...।
 —দাদা! গৌৰৱৰ ধমকত সৌৰভৰ মুখৰ মাত বন্ধ হৈছিল। শাকনিবাৰীত মাটি খুঁচৰি থকা চৌধুৰীৰ হাতৰ খন্তিখনে যেন তেওঁৰ বুকু ভেদি কলিজাত আঘাত কৰিলেগৈ! তেওঁ চকুৰে ধোঁৱা-কোঁৱা দেখিলে। কোনোমতে চকুৰে দেখা নানাবৰণীয়া তৰাফুলৰ মাজত তেওঁ থিয় হ'ল। গৌৰৱহঁতৰ ৰূমটোৰ একমাত্ৰ সৰুখিৰিকীখনেৰে চৌধুৰীৰ ৰ’দত চিকচিকাই থকা তপা মূৰটো স্পষ্টকৈ ওলাই পৰাত দুয়ো সেইপিনে চালে। কঁপা ভৰিৰে কথমপি আগবাঢ়ি হাত মেলি তেওঁ খিৰিকীৰ ৰদ এডালত খামুচি ধৰি সুধিলে— তহঁতে কি কথা পাতিছ? চৌধুৰীৰ মুখেৰে অন্য প্ৰশ্ন ওলাই নাহিল। মাতত তেওঁৰ কঠোৰতা, কাতৰতা একো নাই। মাথোঁ দুৰ্বল, অলসভাৱে কৰা এটা প্ৰশ্ন। সৌৰভে ঘোপাকৈ কিছুপৰ বাপেকলৈ চাই থাকি ফোঁ-ফোঁৱাই ওলাই গ'ল। গৌৰৱ কিছু সময় মাত্ৰ স্থানুৰ দৰে ৰৈ থাকি খঞ্জকৈ ওলাই আহি বাপেকৰ ওচৰত ৰ’ল! দুয়ো বহুপৰ মুখেৰে একো শব্দ নকৰাকৈ থিয় হৈ থাকিল। তাৰ পাছত দুয়ো একেলগে মুখ তুলি দুয়োলৈ চালে। চৌধুৰীয়ে পুতেকৰ চকুত প্ৰশ্ৰয়ৰ চিন দেখা পালে। বুকুৰ মাজত থকা সোপাটো সামান্য ঢিলা হ’ল। তহঁতে কি কথা পাতিছিলি?
 —দেউতা, দাদাৰ এইবাৰ লাষ্ট ছেমিষ্টাৰ। তাৰ আগতে তাক এটা তিনিমহীয়া ওপৰঞ্চি কোৰ্ছ কৰা দৰকাৰ। তাৰ বাবে ফীজ দিব লাগে প্ৰায় চৈধ্য হাজাৰ টকা। একেলগে নিদিলেও তিনিটা কিস্তিত দিলেও হ'ব। সেয়ে...।
 —মোৰ জি পি এফৰ টকাখিনিতো তহঁতৰ বাবেই...।
কৈছিলো দাদাক। কিন্তু সি...।
 —কিয়? সি মোৰ পইচাৰে নপঢ়িব কিয়? ইমান দিনে জানো সি মোৰেই টকা-পইচাৰে পঢ়ি থকা নাই!

 গৌৰৱে সেপ ঢুকিলে...। নাই, নহয় দেউতা! মানে, আচলতে দাদাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত নিজৰ খৰচতে পঢ়া-শুনা কৰিছে। মানে সি এটা পাৰ্ট টাইম জব্ কৰি...।
 —কি ক’লি? পাৰ্ট টাইম জব?
 —ওঁঁ।
 —কিয়? কিহৰ বাবে?

 গৌৰৱ নিৰুপায়ত পৰিল। কিহৰ বাবে সৌৰভে পাৰ্ট টাইম কাম কৰি [ ৯৯ ] পঢ়াৰ খৰচ উলিওৱাৰ উপৰি তাকো যে হাত খৰচৰ বাবে টকা দিব লাগে সি বাপেকক এই মুহূৰ্তত কেনেকৈ বুজায়? সি বিচাৰে বাপেকৰ চকুৰ দুৱাৰ-পৰ্দা নিজে নিজে মেল খাই মুকলি হওক। নহ'লে ঘৰখনত হ’ব পৰা সম্ভাব্য অশান্তিৰ কাৰণ সিয়েই হ’বগৈ, যিটো সি নিবিচাৰে। সেয়ে সি ক'লে— সেইবোৰ হ'ব বাৰু! পাছতো কেতিয়াবা ক'ব পাৰিম। এতিয়া ব’লা ভিতৰলৈ।
 কথাবোৰ পাছতো কেতিয়াবা ক’ব পাৰিম বুলি গৌৰৱে সেইদিনা ক’লেও বিগত কেইটা দিনত তাৰ বাপেকৰ লগত বৰ বিশেষ একো কথা নহ'ল। বাপেকৰ অন্তৰ্দ্বন্দ্ব অনুভৱ কৰিয়েই চাগে এইকেইটা দিন সি চৌধুৰীক অকলশৰে থাকিবলৈ এৰি দিয়া নাই। বন্ধ শেষ হওঁতেই সৌৰভ গুচি গ'ল। থকা দিনকেইটাত সি গৌৰৱৰ অশেষ চেষ্টাতো বাপেকৰ প্ৰতি সহানুভূতিশীল নহ'ল। কিহৰ কাৰণে জানো গৌৰৱে সৌৰভৰ দৰে বাপেকৰ প্ৰতি কঠোৰ হ’ব পৰা নাই। সি তেওঁৰ অসহায়, অপাৰগতাৰ কথা উপলব্ধি কৰিব পাৰে। সি জানে, বৰ্তমানটোৰ বাবে গৌতম চৌধুৰী দায়ী নহয়। তেওঁতো সিহঁতক মাকৰ অভাৱ দূৰ কৰিবলৈকে মাহীমাকক বিয়া কৰাইছিল...।
 কিছুদিনৰ পিছলৈ অৱশ্যে গৌৰৱৰ মুখৰ পৰাই চৌধুৰীয়ে গীতা সম্পৰ্কে অনুধাৱন কৰিব নোৱৰাখিনিও জানিব পাৰিছিল। হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত সৌৰভৰ অদম্য আশাত গীতাই কেনেদৰে মাধমাৰ শোধাব বিচাৰিছিল সেই কথা গৌৰৱৰ পৰা জানিব পাৰি চৌধুৰীৰ মন অনুশোচনাত তপ্ত হৈ পৰিছে। ভাগ্য ভাল যে সৰুৰ পৰাই জেদী প্ৰকৃতিৰ সৌৰভে মাহীয়েকক দেখুৱাবলৈকে নিজে ‘পাৰ্ট টাইম চাকৰি যোগাৰ কৰি হ'লেও নিজৰ আশা ফলৱতী কৰাৰ পথত। চৌধুৰীয়ে নতুন ভাৰ্যাৰ ছলাহী কথাত নিজৰ বিৰেকক কেনেদৰে তলা মাৰি থৈছিল— সেয়া যেন এতিয়াহে অনুভৱ হৈছে।
 ক্ৰমে ক্ৰমে চৌধুৰী এটা অৰ্থহীন উপস্থিতিত পৰিণত হ'ল। গীতাৰ অনুপস্থিতিত গহীন হৈ পৰা নিঃসংগ মুহূৰ্তত ঘনে ঘনে তেওঁৰ গৌৰীৰ মৃত্যুকাতৰ মুখখনলৈ মনত পৰা হ'ল। কিয় এনে হ’ল? কেনেকৈ এনে হ’বলৈ পালে?
 শাকনিডৰাৰ শাকপুলিবোৰ ডাঙৰ হৈছে। নিতৌ যত্ন পাই বৰ লহপহীয়া হৈ বাঢ়ি আহিছে। তেওঁৰ মনৰ ক্ষীণ আশাটোও যেন ডাঙৰ হৈ উঠিছে। সৌৰভক বুকুৰ মাজত ঘূৰাই পোৱাৰ আশা...। সৌৰভৰ পঢ়া শেষ। ভায়েকলৈ খবৰ পঠিয়াইছে, ৰিজাল্ট ওলোৱালৈকে চাকৰিটো কৰি থাকিব। ৰিজাল্ট ওলালেই সি চাকৰিটো এৰি দি ঘৰলৈ আহিব। সি হেনো গৌৰৱক কৈছে যে তাৰ ৰিজাল্ট বৰ [ ১০০ ] ভাল হ’ব। হ’বই। চৌধুৰীয়েও আশা কৰে তাৰ ৰিজাল্ট ভাল হওক। সি নৰনীত আৰু অনিকেততকৈ আগবাঢ়ি যাওক। গীতা আৰু সিহঁতৰ সৰু ল'ৰা দুটাই কাহানিও সৌৰভৰ সমকক্ষ যেন হ’ব নোৱাৰে। চৌধুৰীৰ মনত ক'ব নোৱৰাকৈয়ে নৱনীত আৰু অনিকেতলৈ বিদ্বেষৰ ভাব গঢ়ি উঠিছে। সিহঁত নহা হ'লে চাগৈ গীতাই সৌৰভ আৰু গৌৰৱক গৌৰীৰ আদৰ-যত্নখিনি দিয়াত কৃপণালিখিনি নকৰিলেহেঁতেন! সিহঁত নথকা হলে নিশ্চয় গীতায়েই সৌৰভৰ উন্নতিৰ বাবে দিনে-নিশাই কষ্ট কৰিলেহেঁতেন! অৰ্থহীন আক্ৰোশত চৌধুৰীয়ে নিজে নিজে কমটাই থকাৰ বাহিৰে যে একো আৰু কৰিব নোৱাৰে..।
 বহুদিনীয়া চাইকেলখন চলাই গৌৰৱ সোমাই আহিল। আহ্!ল’ৰাটোক এখন নতুন চাইকেলো দিয়া হোৱা নাই। তাৰ গা আৰু ভৰিত থকা আৱৰণখিনিও বহু পুৰণি হোৱা নাইনে? চৌধুৰীয়ে বহাৰ পৰাই ল'ৰাটোলৈ হৃদয়ৰ সমস্ত আৱেগ ঢালি চাইল’লে। বিগত সময়ছোৱাৰ হিচাপ-নিকাচ কৰি তেওঁ বুজি উঠিছে, অন্ততঃ এতিয়াৰ পৰাই হলেও তেওঁ যেন নিজৰ বিবেকক আনৰ হাতত এৰি নিদিয়ে। তেওঁৰ মনত এইটোও পৰিষ্কাৰ হৈ পৰিছে যে গীতাৰ মনত গৌৰৱ এই ঘৰখনৰ গোপালতকৈ বৰ বেছি ওপৰৰ নহয়। তাইৰ মনত গৌৰৱ এটা অপদাৰ্থ, এই ঘৰৰ মাত্ৰ এটা বোজা। কেৱল এই কথাখিনি প্ৰত্যক্ষভাৱে চৌধুৰীক ক'ব পৰা নাই অথবা তেনে পৰ্যায়লৈ তেওঁ যোৱা নাই। নহ'লে হয়তোবা ইয়াৰ কাৰণ এয়াও হ'ব পাৰে যে চৌধুৰীৰ মনৰ মাজত গীতা সম্বন্ধে যি এখন ধুৱলী-কুঁৱলী মায়াজাল তৰা আছে তাৰ ভেদ তেওঁ জীৱনৰ ভাটি বয়সতো ভাঙিব নোখোজে। স্বামীৰ আগত তেওঁ গৌৰৱ বা সৌৰভ সম্পৰ্কে এটা কথাও অসম্মানজনকভাৱে কৈ পোৱা নাই। কেৱল এই কথাটোৰ কাৰণেই চৌধুৰীয়ে অতদিনৰ মাজত কেতিয়াও যোগ-বিয়োগৰ অংক কৰিবলগা হোৱা নাই আৰু এতিয়া কৰিবৰ সময়তো উত্তৰ মিলোৱাটো বৰ কষ্টকৰ হৈ পৰিছে।
 গৌৰৱে চাইকেলখন ষ্টেণ্ড কৰি বাপেকৰ ওচৰ পালে। প্ৰফুল্ল মুখ— দেউতা, দাদা আহিব।
 মৰহি যাবলৈ ধৰা ডাল-পাত যেন সজীৱ হৈ উঠিল—চকীখনত পোন হৈ বহিলে— কেতিয়া...?
 —পৰহিলৈ।
 অঁ বাৰু। তই এটা কাম কৰ। তহঁতৰ ৰূমটো ভালকৈ পৰিষ্কাৰ কৰিবি। অনহয়! তই এটা কাম কৰ। ড্ৰয়িং ৰূমটোতে পাৰ্টিশ্যন এখন দি তাতে সৌৰভৰ [ ১০১ ] বাবে এটা আছুতীয়া কোঠাৰ বন্দৱস্ত কব...।
 —দাদাৰ বাবে বহা কোঠাত? গৌৰৱৰ মুখখন মেলাতে ৰ’ল।
 —কিয়? নহ’ব?
 —হ’ব। মানে মাহীদেৱে...।
 প্ৰথমবাৰৰ বাবে চৌধুৰীৰ মাতত কঠোৰতা ফুটি উঠিল— মই যি কৈছো, তাকে কৰ। সৌৰভ ঘৰৰ ডাঙৰ ল'ৰা। তাক এটা সুকীয়া কোঠা লাগে। অস্থায়ীভাৱে তাতেই থাওক। অহা মাহত এটা ৰূম বঢ়াই তাৰ বাবে বেলেগ বস্তৱস্ত কৰি দিব। লাগিব। গৌৰৱে এবাৰ আকৌ বাপেকৰ মুখলৈ চাই কাহানিও নমৰা আত্মসন্তুষ্টিৰ মিচিকিয়া হাঁহি এটা এৰি আঁতৰি গ'ল।