পৃষ্ঠা:একুৰি এটা গল্প.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সত্তা

 আজিকালি গৌতম চৌধুৰীৰ হাতত অজস্ৰ সময়। ঘড়ীৰ কাঁটাডাললৈ চাই চাই তেওঁ সময়ে সময়ে অতিষ্ঠ হৈ উঠে। এটা সময়ত এইজন মানুহেই থাউনি নোহোৱাকৈ টাকুৰীটোৰ দৰে ঘূৰি ঘূৰি কাম কৰিছিল। কৰ্মজীৱনৰ পৰা লোৱা অৰসৰে যে মানুহৰ জীৱনলৈ এনে কষ্টকৰ যন্ত্ৰণা নমাই আনে, সেয়া তেওঁ আগতে এবাৰো অনুভৱ কৰিব পৰা নাছিল। তাতে তেওঁৰ ৰুকি ৰুকি নিঃশেষ কৰিব পৰা নিঃসংগতা। প্ৰাতঃভ্ৰমণ, বাতৰি কাকত চোৱা, ঘৰটোৰ চৌপাশৰ দুহতীয়া-চাৰিহতীয়া মুকলি ঠাইখিনিত জলকীয়া, বেঙেনা, পালেং পুলি, বিভিন্ন ফুলৰ পুলি গোঁজা মাৰি মাৰি ৰোৱা আৰু গোপালে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে যতনাই দিয়া আহাৰ গ্ৰহণ কৰা। বম্। ইমানেই তেওঁৰ কাম। মাত্ৰ এইখিনি ব্যস্ততাৰে তেওঁ জীৱনটো পাৰ কৰা লাহে লাহে কষ্টকৰ হৈ পৰিছে। ল’ৰা চাৰিটা। প্ৰথম পক্ষৰ দুটা আৰু দ্বিতীয় পক্ষৰ দুটা। ল’ৰা চাৰিটাৰ তিনিটাই হোষ্টেলত থাকি পঢ়ি আছে। ডাঙৰ ল'ৰা সৌৰভে ইঞ্জিনিয়াৰিং পঢ়ি আছে, বাকী দুটা সৈনিক স্কুলত। বমাজু, অৰ্থাৎ প্ৰথম পক্ষৰ সৰু ল'ৰাটো— গৌৰৱ ঘৰতে থাকে। চৌধুৰীয়ে কাৰণটো বুজিব পৰা নাই— কি কাৰণে সি বাপেকক এৰি নাযায়! পঢ়াতো বৰ প্ৰশংসিবলগীয়া ধৰণৰ নহয়। সৰু দুটাৰ লগতে এবাৰ তাকো সৈনিক স্কুলত নাম লগাই দিয়াৰ কথা ভাবিছিল। দৰকাৰী নথি-পত্ৰও যোগাৰ কৰিছিল—কিন্তু কিহৰ কাৰণে জানো তাৰ যোৱা নহ'ল! সি ঘৰতে ৰ'ল। কোনোমতে পাছ কৰি কৰি গৈ আছে। পৰিবাৰ গীতা প্ৰগতিবাদী মহিলা। মেল-মিটিং, সভা-সমিতিৰ কামৰ বোজাত ঘৰত দিবলগীয়া সময়ৰ পৰিমাণ ক্ৰমাৎ কমি কমি গৈ আছে। তেওঁ নথকা সময়খিনিত ঘৰখনৰ পৰিৱেশ ব শান্ত-নিস্তব্ধ হৈ থাকে। আৰু যেতিয়াই ঘৰ সোমায়হি ঘৰত থকা অৱশিষ্ট প্ৰাণীকেইটাৰ উশাহ-নিশাহবোৰৰ যেন স্বভাৱসুলভভাৱেই খৰ হৈ উঠে। কাম কৰা ল'ৰা গোপালৰ প্ৰয়োজনীয় ব্যস্ততাৰ লগে লগে গৌতম চৌধুৰীয়েও ক'ব নোৱৰাকৈ অপ্ৰয়োজনীয়ভাৱে ব্যস্ত হৈ পৰে।

 ঘৰৰ সন্মুখফালৰ বাৰাণ্ডাখনত বহি বহি গৌতম চৌধুৰীয়ে নিজৰ তপা মূৰটোত হাত ফুৰাই যেন বুজনি দিলে। সন্মুখৰ কাঠৰ ৰেলিং দুডালৰ মাজত মকৰাৰ জাল এখন। জালখনৰ সোঁ মাজতে মৰা মকৰা এটাৰ পাতল খোলা। বেচেৰা! কত হেঁপাহেৰে জাল গুঁঠিছিল! কিমান দিন জানো উপভোগ কৰিলে