একুৰি এটা গল্প/পৰিচয়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ১০২ ]

পৰিচয়

  পুৱা ছয় বজাত বিছনাৰ পৰা উঠাৰ পিছৰে পৰা পূৰৱীয়ে আহৰি নাপায় দুপৰীয়ালৈকে। ল'ৰা-ছোৱালী দুটা ৰীতা আৰু ৰাতুল কলেজলৈ আৰু নিৰ্মল অফিচলৈ ওলাই যোৱাৰ পাছতো তাইক হেঁচা মাৰিবলৈ ৰৈ থাকে ঘৰখনৰ অজস্ৰ কাম। অৱশ্যে তাইৰ মনত কামলৈ বুলি এলাহৰ ভাব প্ৰায় নাথাকেই। লৰালৰি কৰি সকলো কাম শেষ কৰি তাই দুপৰীয়া বাৰমান বজালৈ আজৰি হৈ লয়। আজৰি সময়খিনিত তাই কাহানিও টিভিৰ সন্মুখত নবহে। হাতত উণ বা চিলাইৰ কাম লৈ তাইৰ প্ৰিয় খিৰিকীখনৰ মুখত আৰামী চকীখন পাৰি বহি লয়। হাত দুখনেৰে অবিৰত কাম কৰি থকাৰ পৰত তাইৰ দুকুৰি পাঁচ বছৰীয়া মনটো উৰি যায় খোলা খিৰিকীখনেৰে দেখা আকাশৰ নীলাখিনিৰ মাজলৈ। সেইখিনি সময়ত তাই ক'ব নোৱৰাকৈ যে এটা ডাঙৰ শূন্যৰ মাজত উপঙি থাকে। এই শূন্যতাৰ মাজত থাকি থাকিয়েই আজিকালি তাই নিজৰ লগত যুদ্ধ কৰিবলৈ লৈছে। দুপৰীয়াৰ সেই নিৰিবিলি পৰত তাই নিজকে বাদী-বিবাদীৰ ৰূপত সজাই লাহে লাহে সিদ্ধান্তত উপনীত হৈছে যে তাই নিজকে এটা মানুহ ৰূপে থিয় কৰাব। তাই ৰাজহাড় পোন কৰি বহিল। আনৰ দেখি দেখি আৰু নিজৰো বিগত জীৱনছোৱালৈ উভতি চাই তাই অনুভৱ কৰিছে– তাই এটা যন্ত্ৰ মাত্ৰ। নাৰী নামৰ অবিৰতভাৱে দিনৰ পাছত দিন ধৰি একেবোৰ কামকে নিয়াৰিকৈ কৰি থকা এটা যন্ত্ৰ। যাৰ কৰ্মক্ষম দেহাটোৰ ভিতৰত এটা সংবেদনশীল মন আছে বুলি কোনেও অনুভৱ নকৰে। পূৰৱীৰ মনত পৰে, বিয়াৰ পাছতেই ন-ঘৰলৈ অহাৰ দিনা মাক আৰু শাহুৱেকে শিকোৱা অজস্ৰ নিয়ম। অলিখিত নিয়মবোৰ তাই মানি চলিবলৈ যে বাধ্য সেয়াও যেন অলিখিতভাৱেই নিৰ্ধাৰণ কৰা হৈ আছে। কাৰণ, সেই একেটা আৱৰ্তৰ একেবোৰ নিয়ম তাইৰ মাক আৰু শাহুৱেকেও পালন কৰি আহিছে। পিতৃ-মাতৃৰ সুনাম বৃদ্ধি কৰিবলৈ তাই এজনী ভাল বোৱাৰী হ'ব লাগিব— তাই যৎপৰোনাস্তি চেষ্টা কৰি আহিছে। এজনী সু-পৰিচাৰিকাৰ দৰে গিৰিয়েক নিৰ্মলক প্ৰতিক্ষণে সহযোগিতা দি এজনী ভাল পত্নী হ’ব লাগিব— তাই কৰিছে। ল'ৰা-ছোৱালী দুটাক দেশৰ ভৱিষ্যতৰ সু-নাগৰিকৰূপে গঢ়ি তুলিবলৈ দিনে-নিশাই শাৰীৰিক-মানসিকভাৱে শক্তি যোগাব লাগিব, তেতিয়াহে এগৰাকী ভাল মাতৃ হ'ব পাৰিব— তাই অহোপুৰুষাৰ্থ কৰি আহিছে। ঘৰখনৰ প্ৰতিটো কাম ঠিকমতে [ ১০৩ ] হৈ আছেনে নাই তাই চকু দিব লাগিব আৰু প্ৰয়োজনত আঁজুৰি-পিজুৰি হলেও ‘চিজিল’ লগাব লাগিব তেতিয়াহে তাই এগৰাকী সু-গৃহিণী হ’ব পাৰিব তাই সু-গৃহিণী হোৱাৰ চেষ্টাত হয়তোবা উত্তীৰ্ণও হৈছে। বৰ্তমান তাই এগৰাকী ভাল বোৱাৰী, ভাল পত্নী, ভাল মাতৃ আৰু ভাল গৃহিণী। কিন্তু এই সকলোখিনিৰ মাজত মনটো তাইৰ আজি অলপ দিনৰ পৰা ভাল নহয়। তাই অনুভৱ কৰিছে সকলোফালেই ভাল মানুহজনীৰ মনটো মৰি যাব ধৰিছে। দুপৰীয়াৰ নিৰ্জন নিৰিবিলি সময়ত তাই অতীতলৈ উভতি চোৱাৰ পৰত ক'ব নোৱৰাকৈয়ে চকু দুটা পানীৰে পূৰ্ণ হৈ যায়। তাইৰ মনৰ কত দুখ আছে? তুমি অৰ্ধ-আকাশ, তুমি ধৰিত্ৰী, তুমি জীৱনদায়িনী শক্তি, তুমি আদ্যশক্তি— আঃ, নাৰীক প্ৰবঞ্চনা কৰাৰ কিমান যে কি শব্দ বিশেষণ! পঞ্চলিশ বছৰীয়া তাইৰ যন্ত্ৰৱৎ জীৱনটোৱে তাইক আমুৱাইছে। তায়ো মানুহ। নাৰী হোৱাৰ পূৰ্বে তায়ো এটা মানুহৰ সন্তানৰূপে জন্ম লৈছিল। পিছলৈ তাই নাৰী হৈ পৰিল। গতিকে, তাইৰো মানুহ হৈ বাচিবৰ অধিকাৰ আছে। এই পৃথিৱীত তায়ো এজনী মানুহ হিচাপে কিবাকৰি যোৱা উচিত।
  পূৰৱীৰ মনত পৰিছে—বিয়াৰ পাছতেই যেতিয়া উচ্চশিক্ষিতা পূৰৱীয়ে নিৰ্মলক চাকৰি কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল তেতিয়া সি যিটো অট্টহাস্য মাৰিছিল— সেই সময়ত নিঃসংগতাই বৰকৈ পীড়া নকৰা তাচ্ছিল্যখিনি ভালদৰে হৃদয়ংগম কৰিব পৰা নাছিল। সি তাইৰ থুতৰিত ধৰি জোকাৰি দি কৈছিল—এই লৱণু-কোমল দেহাটোত শহুৰ-শাহুকে আদি কৰি ঘৰখনৰ সমস্ত দায়িত্ব পালন কৰাৰ পাছত চাকৰি কৰিবলৈ লৈ কষ্ট দিয়া কিয়? অত্যধিক পৰিশ্ৰম কৰিলে তোমাৰ দেহা অকালতে ভাগি যাব। মোৰ উপাৰ্জন কি তোমাৰ হাবিয়াস পূৰাবলৈ যথেষ্ট নহয়? তোমাক মই কেতিয়াবা জানো খৰচ কৰাৰ ক্ষেত্ৰত হাক বাধা দিছো?
  তাই চাকৰি কৰাৰ আশা এৰি দিলে। আচলতে তাই দুৰ্বল আছিল। নহ'লে কিয় তাই উচ্চশিক্ষাৰে শিক্ষিত হৈয়ো মৌনতাৰে নিৰ্মলৰ প্ৰভূত্বক মানি ল'লে? তেতিয়াই তাই ওভোতাই প্ৰশ্ন নকৰিলে কিয়? কিয় বাৰু তাই চাকৰি কৰিলেও বা নকৰিলেও ঘৰখনৰ সকলো কাম অকলেই কৰিব লাগে? তেতিয়া চাগৈ তাইৰ মনত মাক-বাপেকে শিকাই দিয়া 'ভাল’শব্দটোৱে ক্ৰিয়া কৰি আছিল। আৰু এতিয়া বৈবাহিক জীৱনৰ বাইশটা বছৰ পাৰ হৈ যোৱাৰ পাছত ‘ভাল' হৈ অনুভৱ কৰিছে— চাকৰি কৰি দেহাটো আধাতে বুঢ়ী হোৱাতকৈ চাৰিবেৰৰ মাজত কটাই তাইৰ মনটোহে বুঢ়ী হ’ল। নহয়, তাইৰ মনটো মৰি গ'ল। তাই মৰি যোৱা মনটোৰ বাবে নিজৰ লগতে নিৰ্মলকো জগৰীয়া কৰিব খুজিছে। বাইশ [ ১০৪ ] বছৰীয়া যুগ্ম জীৱনত তাই নিৰ্মলৰ পৰা সখ্যতা বিচাৰি কেৱল প্ৰভূত্বহে পালে। সি দিয়া প্ৰতিটো আদেশ-নিৰ্দেশ তাই পালন কৰিবলৈ প্ৰতি পল সষ্টম হৈ থকাৰ পাছতো তাইৰ জীৱনতো যে কিবা অইন হাবিয়াস আছে সেয়া সি এবাৰলৈওঅনুভৱ কিয় নকৰিলে? তাৰ এই অমনোযোগিতা ইচ্ছাকৃতই নিশ্চয়! নহ'লে যে তাৰ দৈনন্দিন জীৱনত আউল লাগিব।
  গিৰিয়েকৰ অনুমতি নোহোৱাকৈও তাই মানুহ হিচাপে কিবা কৰিব। তাই নাৰী হিচাপে নহয়, এজন মানুহ হিচাপে কিবা নতুন কৰিব। নাৰী হিচাপে কৰিবলগীয়া দায়িত্বসমূহ প্ৰায় শেষেই কৰিছে। ল’ৰা-ছোৱালী দুটিও ডাঙৰ হৈছে। বেছ নম্ৰ আৰু সৎ। এগৰাকী ভাল মাতৃ বুলি তাইৰ সুনামো আছে। বাহিৰত সকলোৱে তাইৰ সংসাৰখনক শলাগে।
  তাই খিৰিকী কাষৰ পৰা উঠি আহিল। সুন্দৰ ডিজাইনেৰে ফুল তুলি বা ছুৱেটাৰ গুঁঠি সময় নকটাওঁ বুলি তাই হাতৰ কামখিনি এৰি দিলে। পূৰৱী ৰীতাৰ পঢ়া টেবুলখনৰ ওচৰলৈ আহিল। এৰাতো, তাইৰ বাবেতো ঘৰখনত সুকীয়া টেবুল-চকী এযোৰাও নাই। বিভিন্ন কাকত-আলোচনী তাই নিৰ্মলৰ টেবুলৰ পৰাই আনি পঢ়ে আৰু যথাস্থানত থৈ দিয়ে। ঘৰৰ হিচাপ-পত্ৰ আৰু সম্বন্ধীয় কাৰোবালৈ চিঠি লিখিবৰ হ'লে তাই বহল পালেংখনৰ এমূৰে পেট পেলাই শুই লিখে। তাইৰ হাঁহি উঠি গ'ল— গোটেই ঘৰখনেই মোৰ; অথচ মোৰ নিজৰ বাবে ক'তো অকণো ঠাই নাই। কোনোবা আলোচনী এখনত কোনো নাৰীবাদী লেখকৰ লেখনীত পঢ়িবলৈ পাইছিল—নাৰীৰ স্বাধীনতা হেনো বিয়াৰ পাছতেই সম্পূৰ্ণৰূপে খৰ্ব হয়; তাৰ জ্বলন্ত উদাহৰণ— পিতৃগৃহত একচেটিয়াকৈ পোৱা পঢ়া চকী-মেজযোৰাৰ বিয়াৰ পাছত নতুন ঘৰখনত হোৱা অন্তৰ্ধান। কিন্তু ইয়াৰ বাবে কোন দোষী?তায়োতো আজিলৈকে কোনোদিনে নিজৰ বাবে এযোৰ চকী-মেজ লাগে বুলি অনুভৱ কৰা নাছিল! তাই বাৰাণ্ডাৰ চুকত থকা ৰীতা-ৰাতুলৰ সৰুকালৰ পঢ়া টেবুলখন জাৰি-জোকাৰি চাফা কৰি ভিতৰলৈ আনি শোৱাকোঠাৰে এচুকত পাতি ল'লে। ডাঙৰ মূঢ়া এটাৰে চকীৰ কাম হ’ব। পূৰৱীয়ে এটা উশাহ টানি ল'লে। আজিৰ পৰাই তাইৰ নতুন কাম আৰম্ভ হ'ব। তাই ৰীতাৰ টেবুলৰ পৰা বগা কাগজ এসোপা আৰু নিৰ্মলৰ পেনদানীৰ পৰা এটা পেন আনি ল'লে। নীলা চিয়াঁহীৰে উকা কাগজৰ বুকুত আঁকি যাবলৈ ধৰিলে তাই পাৰ হৈ অহা জীৱনছোৱাৰ ছবি। গচকি অহা দিনবোৰৰ হিচাপ-নিকাচ কৰোঁতে আৰম্ভণিতে খোকোজা লাগি ধৰাৰ দৰে হৈছিল যদিও অকণমান পাছতেই অনৰ্গল তাইৰ কলমেৰে লেখি যাব ধৰিলে ইতিহাস...। [ ১০৫ ] কিমান পৰ তাই টেবুলত মূৰ খুঁজি আছিল ক'ব নোৱাৰিলে। ঘন ঘনকৈ মৰা কলিং বেলৰ শব্দত তাই চক্ খাই গ'ল। কোঠাৰ ভিতৰখন প্ৰায় গোমা হৈ পৰিছে। ঘড়ীটোলৈ চালে। চাৰি বাজো বাজো। জাৰৰ দিন। পূৰৱী বৰ্তমানলৈ উভতিলে। খপজপকৈ কাগজখিনি টেবুল কাপোৰখনৰ তলত ভৰাই থৈ তাই দৌৰ মাৰি গৈ দৰ্জা মেলিলে। ছোৱালী ৰীতা আহিছে কলেজৰ পৰা কি কৰি আছিলা মা? ইম্মান বেল বজাইছো! আজি দেখোন চোতালৰ পৰা আচাৰ, কাপোৰ একো সামৰাও নাই! শুইছিলা?
  —নাই, নাই। কিয় শুম? কতনো শুবলৈ যাওঁ? এই এনেয়ে আছিলো। ৰীতাৰ অবাক চাৱনি এনেয়ে?
  অ’ আছিলো আৰু কিবা এটা কৰি। তই যা ভিতৰলৈ। হাত-মুখ ধোগৈ। মই এই সাউতকৈ এইকেইটা সামৰি গৈ আছো।
  পূৰৱী চোতালৰ বস্তুবোৰ সামৰাত লাগিল। নিজান ঘৰখনত বৰ্তমান তাই, নিৰ্মল আৰু ল'ৰা-ছোৱালীহাল। শহুৰ-শাহু ঢুকোৱা তিনি বছৰমান হ’ল। কলেজৰ পৰা অহা গাভৰু জীয়েকৰ পৰিচৰ্যাৰ বাবে তাই চোতালত থকা কানি-কাপোৰ, আচাৰৰ বটল ইত্যাদি সামৰি চিধাই পাকঘৰ পালেগৈ। অলপ আগলৈকে থকা স্বপ্নৰ জগতখনলৈ তাইৰ চেৰেং চেৰেং মনত পৰিলেও বৰ্তমান তাই তালৈ যাব নোৱৰা হ’ল। টেবুল কাপোৰখনৰ তলত সুমুৱাই থৈ অহা বগা কাগজকেইখনলৈ তাই মনঃসংযোগ কৰিবলৈ আহৰিয়ে নোপোৱা হ'ল। ৰীতাৰ পাছতে আহিল ৰাতুল। তাৰ পাছত নিৰ্মল। সিহঁতৰ ভালপৈচান ধৰি সন্ধিয়া ধূনা-চাকি জ্বলাই আকৌ ৰন্ধা-বঢ়া। অৱশেষত ৰাতি প্ৰায় এঘাৰমান বজাত চিৰলগৰী পাকঘৰৰ পৰা দিনটোলৈ মুক্তি। তাইৰ বৰ ভাগৰ লাগিছে। বগা কাগজকেইখিলালৈ মনত পৰিল। আঃ! কিবা লিখা গ'ল! নিয়াৰিকৈ যদি লেখা হৈছিল তেনেকৈয়ে বাৰু গল্প, উপন্যাস আদি লিখে নেকি? কাক সুধিব? ধেৎ, কাকো নোসোধে তাই। তাই লিখি যাব। তাই জীৱনৰ পোৱা-নোপোৱাখিনি আনে ধৰিব নোৱৰাকৈ লিখি যাব আৰু শেষত সেই লিখাবোৰ কোনোবা আলোচনীৰ প্ৰকাশকলৈ দি পঠিয়াব। চাৰিবেৰৰ মাজত থাকিও তাই পৃথিৱীত জীয়াই থকাৰ চিন ৰাখি যাব। পৰিয়ালৰ বাহিৰৰ মানুহেও এটা সময়ত তাইক চিনি পাব। তাইৰো এটা নিজা পৰিচয় থাকিব...।
  সেইদিনাৰে পৰা দুপৰীয়াৰ নিৰিবিলি সময়খিনিৰ বাবে পূৰৱীয়ে প্ৰথম প্ৰেমিক-প্ৰেমিকাৰ মিলনৰ আগ্ৰহৰ দৰেই অপেক্ষা কৰি থকা হ'ল। আগতকৈও খৰধৰকৈ নিয়াৰিকৈ তাই ঘৰুৱা কামবোৰৰ লেঠা মাৰি দুপৰীয়াৰ গোটেই সময়খিনি [ ১০৬ ] বহি থাকে টেবুলখনৰ আগত। সেই একান্ত নিজৰ কৰি লোৱা সময়খিনিত মোবাইল আৰু কলিং বেল পৰ্যন্ত অফ’ কৰি থোৱাৰ চিন্তা মনলৈ আহিছিল যদিও দায়িত্বশীলা গৃহিণী হোৱাৰ সুবাদতে তাই সেই কাম নকৰিলে। নিৰৱচ্ছিন্নভাৱে লিখি যোৱা তাইৰ জীৱনৰ দস্তাবেজ টেবুল কাপোৰখনৰ তলত ডাঠ হৈ আহিবলৈ ধৰিলে। প্ৰথম সন্তানটো দেহলৈ অহাৰ পাছত তাই যি অনুভূতি লাভ কৰিছিল এতিয়াও লাহে লাহে তাই সেই একে অনুভূতি যেন লাভ কৰিবলৈ ধৰিছে। পাৰ্থক্য মাত্ৰ শাৰীৰিক অৱস্থিতিৰ। দেহাটো তাইৰ একেই আছে মাত্ৰ মনটো গৰ্ভৱতী হৈছে। এটা নতুন সন্তান প্ৰসৱৰ উকমুকনিয়ে তাইক ধীৰে ধীৰে অস্থিৰ কৰি তুলিছে। এই সন্তানটো ৰীতা বা ৰাতুলৰ দৰে নহ'ব। ইয়াৰ এটা বেলেগ ৰূপ হ'ব; যি ৰূপে তাইক আনি দিব এটা সুকীয়া পৰিচয়। এই সন্তানটোৰ জন্মই হয়তোবা তাইক এই পৃথিৱীত এটা যন্ত্ৰৰ পৰিৱৰ্তে মানুহ ৰূপে থিয় কৰাব। পূৰৱীয়ে সংকল্প ইতিমধ্যেই লৈ পেলাইছে যে তাই তাইৰ এই নতুন সন্তানটোক জন্ম দিবই। টেবুল কাপোৰখনৰ তলত ক্ৰমে স্ফীত হৈ অহা উদৰ দৰে জাপ জাপ বগা কাগজৰ মাজত থকা তাইৰ আশাবোৰ সোনকালেই এটা ৰূপ দিয়াত তাই ব্যস্ত হৈ পৰিল।
  জীৱনৰ এটা নিৰ্দিষ্ট স্তৰত তাই যেতিয়া আঁচ এডাল টানি তাইৰ কেনভাছ। সামৰিলে আৰু এফালৰ পৰা চকু ফুৰাই গ'ল— তাইৰ গাল দুখন গাভৰুবুলীয়া হৈ পৰিল। কোনো দ্বিতীয় ব্যক্তি উপস্থিত নথকা সময়খিনিত তাইৰ কাৰ ওচৰত লাজ লাগিল? তাই ক'ব নোৱাৰিলে। অনামী পুলকত তাই আগ্ৰহেৰে অপেক্ষা কৰি ৰ’ল নিৰ্মল অহালৈ। পিতৃ নহ'লেও সিতো তাইৰ পৰম সুহৃদ! গতিকে তাকেই ক'ব লাগিব...।
 আবেলিৰ পাছত নিৰ্মল অফিচৰ পৰা অহাৰ পাছত তাই তাক ঘনিষ্ঠভাৱে লগ পোৱাৰ আশা কৰিছিল। তাইৰ খোজত ন-কইনাৰ সংকোচ আৰু চকু-মুখত সলাজ ভাব। নিৰ্মলৰ প্ৰশ্নবোধক চাৱনি দেখি তাই ক'লে—এটা কথা ক'ব লগা আছিল
 হাতৰ পৰা চাহৰ কাপ টেবুলত থৈ সি চক্ খাই তাইৰ ফালে চালে বিশ বছৰ আগতে যেতিয়া তাই প্ৰথম গৰ্ভধাৰণ কৰিছিল, তাৰ খবৰটোও তাই ঠিক এনে এটা বাক্য প্ৰয়োগেৰে দিয়া নাছিলনে?
 —কি কথা? সি শান্তকণ্ঠে সুধিলে।
 —আছে এটা কথা। ভিতৰলৈ যাবা?
 —এতিয়া ভিতৰলৈ? হেৰা, তুমি ন-কইনা নে মই দৰা? চুলি পকিবৰ হ'ল। কিবা প্ৰেম-তেম...?
 —ধেইত্। ইহঁত দুটাই শুনিলে কি ভাবিব?

[ ১০৭ ]  - তুমি দেখোন কৈছাই তেনেদৰে! কিয় যাব লাগে বাৰু ভিতৰলৈ?
 - তোমাক কিবা এটা দেখুৱালোহেঁতেন।
 অকণমান পৰ ৰৈ নিৰ্মল উঠিল—ব’লা, কি দেখুৱাবা? অতীৱ আগ্ৰহত তাই তাৰ কাষে কাষে সোমাই আহিল। টেবুলত জাপি থোৱা জাপ জাপ কাগজৰ ফালে আঙুলিয়াই তাই ক'লে— এয়া। এইখিনি চোৱা।
 -কিনো?
 - মই কিবা এটা লিখিছো। মানে উপন্যাস বা ...।
 হো-হোঁৱাই হাঁহি দিলে নিৰ্মলে। তাই চাকৰি কৰিবলৈ প্ৰকাশ কৰাৰ দিনা যি হাঁহি মাৰিছিল, সেই একেই হাঁহি। তাৰ হাঁহিৰ শব্দত পূৰৱীৰ উচ্ছাস নোহোৱা হ'ল। তাইৰ মনটো যেন হঠাৎ বহু তললৈ সোমাই গ'ল। সপোন জগতখনৰ পৰা খহি পৰি তাই বাস্তৱৰ কঠোৰতাৰ মুখামুখি হ’ল— এনেকৈ হাঁহিছা কিয়?
 - হাঁহিছো কিয়?নাহাঁহি কৰিম কি? গোটেই জীৱন পাকঘৰত সোমাই নিমখ-হালধিৰ হিচাপ কৰোঁতেই গ'ল। মই ভাবিছিলো ঘৰত লগা বয়বস্তুৰ কিবা তালিকা— এতিয়া দেখিলো— আকৌ তাৰ হাঁহি। নোৱাৰা বুজিছা। উপন্যাস, গল্প এইবোৰ লিখাটো বৰ সহজ নহয়। তুমি বেবেৰিবাং কথা এসোপা লিখি থলেই সেয়া গল্প-উপন্যাস হ’ব নোৱাৰে।
 - বেবেৰিবাং হয়নে নহয় এবাৰ পঢ়ি চাইহে ক'বা। এনেয়ে কিয় কৈছা?
 এইসোপা মই পঢ়িম? নিৰ্মলৰ চকু ডাঙৰ হ’ল— হেৰা, নিজে লিখিছা, নিজে পঢ়া। দিনৰ দিনটো অফিচত বহি ফাইল ঘুকুটি থাকি এতিয়া তোমাৰ সেয়া উপন্যাস নে কি মই পঢ়িব নোৱাৰো। —নিৰ্মল ওলাই গ'ল। দুখোজ পিছলৈ আহি ডিঙিটো হলাই আকৌ ক'লে— তোমাৰ কথাত লাগি চাহকাপ চেঁচা হৈ গ’ল— একাপ চাহ দিবা ভালকৈ...।
 প্ৰথমবাৰৰ বাবে পূৰৱীৰ ভৰি দুখন জথৰ হৈ ৰ'ল। এই প্ৰথমবাৰ তাই নিৰ্মলৰ কথা শুনা মাত্ৰ দৌৰ মাৰি পাকঘৰৰ ফালে গতি নকৰিলে। তাই ঠাইতে ৰৈ থাকিল। দুচকু ভৰি আকৌ পানী জমা হ’ল। কিন্তু মনটো এইবাৰ তাইৰ আগৰ দৰে লেহুকা নহয়। চকুপতাৰে তাই এইবাৰ চকুপানীখিনি বাগৰি যাবলৈ নিদিলে। মনৰ কঠোৰতাই শুকুৱাই পেলোৱা চকু দুটাৰে তাই পঢ়ি যাবলৈ ধৰিলে তাইৰ জীৱনৰ দস্তাবেজ। বাৰাণ্ডাৰ পৰা চিঞৰি আকৌ এবাৰ চাহ একাপ লাগে বুলি কোৱা নিৰ্মলক তায়ো ৰিঙিয়াই উত্তৰ দিলে— মই এটা কাম কৰি আছো। এতিয়া নোৱাৰো। লাগিলে তুমি নিজেই চাহ একাপ কৰি খোৱাগৈ...।