একুৰি এটা গল্প/আনন্দৰ আনন্দ
আনন্দৰ আনন্দ
খবৰটো পাই ভাল লাগিল। ভালেই লাগিছে! মলয়াৰ ল'ৰা এটা হ'ল।
মোবাইলত মেছেজটো পঢ়ি আনন্দৰ ভাল লাগিল। ভাল লাগিছে ঠিকই, কিন্তু
উঠি গৈ বা চিঞৰি ঘৰৰ বাকীবোৰক খবৰটো দিবলৈ উৎসাহ নাপালে। ‘ল’ৰা
এটা হ'ল’ — এই খবৰটো বাৰু কিমান ভাল খবৰ? মোবাইলটো হাতত লৈ সি
মেছেজ বক্সত আকৌ খবৰটো পঢ়ি চালে— ‘মলয়াৰ ল'ৰা এটা হ’ল। ’ সি ফোনটো
থৈ দিলে। সি জানে— খবৰটো ৰাষ্ট্ৰ হোৱাৰ লগে লগে ঘৰখনত হুলস্থূল লাগি
যাব। এই একৈশ শতিকাৰ যুগতো মানুহে সন্তানৰ ৰূপত কেৱল পুত্ৰকেই কামনা
কৰে। পুত্ৰ সন্তান হলে তাৰ বাবে প্ৰকাশ কৰা আনন্দও ‘স্পেচিয়েল’ হয়—
আৰে বাবা! ল’ৰাৰ বাপেক হ’ল, আৰু কি লাগে? বহুদিন নিঃসন্তান ৰূপে থকা
কোনো দম্পতীৰ কোলালৈ ছোৱালী সন্তান আহিলে কোৱা হয় ...হওক বাৰু!
অহাবাৰলৈ ল'ৰা এটা হলেই হয়। যেন ল'ৰা এটা নহ'লেই জীৱন-সংসাৰ
অসাৰ...!
আনন্দই ভাল নাপায়। তাৰ তিনিটা ল'ৰা। ছোৱালী এজনী জন্ম পোৱাটো
সি মনে-প্ৰাণে আশা কৰিছিল যদিও নহ'ল। প্ৰত্যেকবাৰ সন্তানসম্ভৱা অদিতিয়ে
ভগৱানৰ ওচৰত বিৰ্বিৰাই ‘ক'লীয়া গোসাঁইকে’কে পুত্ৰৰূপে পোৱাৰ মানস কৰে।
আৰু ভগৱানেও সেৱকীৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি বাৰে বাৰে পুত্ৰৰূপে জন্মি অদিতিৰ
বুকু গৰ্বৰে ভৰাই দিয়ে। তিনি পুত্ৰৰ মাতৃ! গৌৰৱৰ কথা। তাতে ক'লা ৰংটো বাদ
দি ‘সাইলাখ গোসাঁই’। আনন্দৰ মাক আৰু পৰিয়ালৰ আন বয়সস্থসকলৰ আগত
অদিতি হৈ পৰে সুলক্ষণী। আনন্দৰ এইবোৰ ভাল নালাগে। মিছা। অনৰ্থক আনন্দ
বুলি অনুভৱ কৰি সি এইবোৰৰ পৰা আঁতৰত থাকিব খোজে। নিঃসন্তান দম্পতীয়ে
সন্তান লাভ কৰিলে তাৰো ভাল লাগে। কিন্তু, পক্ষপাতিত্বমূলক ভাল লগা? নাই,
সি কোনো উচ্ছাস অনুভৱ নকৰে যে তাৰ তিনিটা ল’ৰা। প্ৰথমবাৰ বাপেক হ’বলৈ
ওলাওঁতে সি অদিতিৰ পেটত কাণ থৈ যেতিয়া গৰ্ভস্থ সন্তানৰ উপস্থিতি অনুভৱ
কৰিব খুজিছিল, অতিদিয়ে তাৰ মূৰটো আঁতৰাই কৈ উঠিছিল— এই আঁতৰাচোন!
সি খং কৰিব।
নিতান্তই ধেমালি কৰি কোৱা কথাষাৰে আনন্দৰ আৱেগত বাধা দিছিল—
সি? সি বুলি ক'লা যে?
[ ৯১ ]
— সি নহয় কি? দিনে-নিশাই ভগৱানক খাটিছো ল'ৰা এটালৈ। ভগৱানে।
এইকণ চকু মেলি নাচাবনে?
— তোমাৰতো ছোৱালীও হ'ব পাৰে।
— নহয়। ল’ৰা হ'ব আৰু মোক ল’ৰাই লাগে—অদিতিৰ আত্মবিশ্বাস।
— নাপায় অদিতি। তুমি কোৱা উচিত, ভগৱানে যি দিয়ে সেয়েই হ'ব
আনন্দৰ বৃথা বুজনি দিয়াৰ চেষ্টা।
— নহ’ব। কিয় হ’ব? মোক ল’ৰা লাগে। বুজিছো, তোমাৰ মায়েৰায়ো
সদায় পুৱা মোক গোসাঁইঘৰৰ নিৰ্মালি দিয়েহি ‘পুত্ৰৱতী হোৱা’ বুলি। তেওঁৰ
আশীৰ্বাদ অথলে যাব নেকি?
— আনন্দই আৰু কথা পতাৰ উৎসাহ নাপালে। কিয় বাৰু এনে হয়? কিয়
বাৰু মানুহে, সমাজে কেৱল পুৰুষকহে আগস্থান দিয়ে? আজন্ম সি দেখি আহিছে।
গোটেই সমাজখনতে এই ‘ছিষ্টেম’ চলি আহিছে— ভাত ৰান্ধিব মাইকী মানুহে,
খাব আগতে মতা মানুহে, কেতিয়াবা মতা মানুহখিনি ঘৰত নাথাকিলে ঘৰত থকা
মাইকী মানুহখিনিয়ে তপত ভাত-আঞ্জা আগত লৈ ভোকত কটিয়াই থাকিব।
ঘৰৰ কাপোৰ-কানি ধুই মেলি দিব মাইকী মানুহে, কিন্তু হঠাৎ কেতিয়াবা মাইকী
মানুহ ঘৰত নথকা সময়ত যদি বৰষুণ দিয়ে টানত পৰি আন কাপোৰবোৰ ঘৰৰ
ভিতৰ সুমুৱালেও মাইকী মানুহজনীৰ কাপোৰখিনি ভিতৰ নুসুমুৱায়। তিতিব।
আনন্দই এনে হোৱা দেখিছে। ওচৰে-পাঁজৰে বহুতৰ ঘৰত এনে হয়। আনকি
নিজৰ ঘৰতো হঠাৎ বৰষুণ অহা অৱস্থাত অদিতিৰ পিন্ধা কাপোৰ সামৰি ভিতৰলৈ
লৈ আহোঁতে স্বয়ং অদিতি মুখৰ পৰাই সি যি ককৰ্থনা শুনিলে, সি অবাক। কি
হয় বাৰু মাইকী মানুহৰ কাপোৰ চুলে? কি হয় বাৰু ঘৈণীয়েকৰ থালৰ পৰা আনি
গিৰিয়েকে কিবা খালে? কি হয়?
— নাপায়।
— কিয় নাপায়?
— নাপায় আৰু...।
সি কোনোদিনে সদুত্তৰ নাপায়। মনে মনে তাৰো অলপ জেদ হ’বলৈ
ধৰা সি অনুভৱ কৰে। এই ব্যৱস্থাৰ বিৰোধিতা কৰিবৰ মন কৰি সি আজিকালি
অদিতিৰ আল ধৰিবৰ চেষ্টা কৰে। নিজৰ জোতা ব্ৰাছ কৰাৰ সময়ত অদিতিৰ
ছেণ্ডেলযোৰো ব্ৰাছ কৰি থোৱা, গা ধুবৰ পৰত বিচাৰি খোঁচাৰি অদিতিৰ লেতেৰা
যেন লগা এখন বা দুখন কাপোৰ নি ধুই দিয়া, চাহ খাই অঁতালে সাউতকৈ নিজৰটোৰ [ ৯২ ]
লগতে অদিতিৰ কাপটোও আওখালি থোৱা... ইত্যাদি। পৰিণতিও দেখা গৈছে।
জোতা থোৱা ৰেকডালত আজিকালি অদিতিৰ ছেণ্ডেল নাথাকে, ক’ত থাকে সি
নাজানে। আল্নাত অদিতিৰ কাপোৰ নোহোৱা হ’ল, চাহ খাই অদিতিয়ে হাতৰ
পৰা কাপ নেৰেই...। আনন্দই মনে মনে হাঁহে। এচামে মৰিছে নাৰী স্বাধীনতা
আৰু সম অধিকাৰ বিচাৰি আৰু এচামে...।
কাষৰ কোঠাত বৰপুত্ৰ বিপুল প্ৰচণ্ড চিঞৰত আনন্দ চক্ খাই উঠিল—
মা, আইতা...!
— কি হ’ল, কি হল? আটাইবোৰ গোট খালে।
— ভাল খবৰ।
— কি? কি ভাল খবৰ? ক আকৌ! আটাইবোৰ ব্যগ্ৰ। মলয়া খুড়ীৰ
ল’ৰা এটা হ'ল।
-হা! যুগ যুগৰ উৎকণ্ঠাৰ অৱসান পেলাই যেন সুখৰ বতৰাই মন
মুকলি কৰি দিলে। দুয়ো হাত ওপৰ কৰি আনন্দৰ মাকে ভগৱানলৈ ধন্যবাদ নে
কিবা জনালে। অদিতিয়ে আনন্দত উজলি উঠা মুখেৰে গোসাঁইঘৰলৈ বুলি খোজ
দিলে। ‘মলয়াৰ সন্তান হলেই জ্বলাম’ বুলি আগ কৰি থোৱা ঘিঁৰ চাকি জ্বলাবলৈ।
ল’ৰা তিনিটাই অকাৰণতে জাঁপ মাৰি হেই, হেই জাতীয় শব্দ মুখেৰে বাহিৰ কৰি
আনন্দ প্ৰকাশ কৰিলে। কাম কৰা বাই আৰু হালোৱা লৰাটোৰে আকৰ্ণ বিস্তৃত
হাঁহি। সিহঁতেও জানো ইমান আনন্দই পাইছেনে?
আনন্দই পৰ্দাৰ ফাঁকেৰে দৃশ্যটো হৃদয়ংগম কৰি আকৌ আগৰ ঠাইলৈ
আহিল। মুখত এটা হাঁহিও ওলাল। হওক তেওঁ, মলয়াৰ সন্তান এটা হ'ল। বাৰ
বছৰ ধৰি নিঃসন্তান মলয়াই ভগৱানৰ আশিস পাইছে।
ভগ্নীসম মলয়া আনন্দৰ সৰু ভায়েক বিনন্দৰ পত্নী। সন্তানহীন মলয়াই
পুত্ৰৱতী বৰজায়েকৰ আগত শাহুৱেকৰ কট্কটনি শুনি সহিব নোৱৰা হৈ যোৱা
চাৰি বছৰৰ পৰা বিনন্দৰ চাকৰি কৰা স্থানতে ভাৰাঘৰত আছিলগৈ। আনন্দই ভাল
পাইছিল। মাকৰ ইচ্ছাৰ বিৰোধিতা কৰি ভায়েকৰ ওচৰলৈ যোৱা বাবে অদিতিয়েও
তাইক ‘গুৰু-গোসাঁইনমনা’ জাতীয় কথা কৈছিল যদিও আনন্দৰ উদাৰতাৰ আগত
বৰ বেছি একো কৰিব পৰা নাছিল। মলয়াৰ এটা সন্তান হোৱাটো ঘৰৰ বাকীবোৰে
যেনেদৰে কামনা কৰিছিল, আনন্দয়ো কৰিছিল। লোকক দেখুৱাই ভগৱানৰ
কোঠালিত মূৰ নোদোঁৱালেও সি ভগ্নীসম মলয়াই সন্তান পোৱাটো মনে-প্ৰাণে
কামনা কৰিছিল। আৰু সমাজত প্ৰচলিত ‘ছিষ্টেম’টোৰ বিৰুদ্ধে জেহাদ কৰাৰ মন [ ৯৩ ]
কৰি সি অদিতিহঁতৰ কামনাৰ বিপৰীতে ‘মলয়া এজনী ছোৱালীৰ মাক’ হোৱাটো
বিচাৰিছিল। ভগৱানে যি দিয়ে সেয়েই হ'ব বুলি অদিতিক বুজনি দিয়া আনন্দই
মনে মনে বিনন্দ আৰু মলয়াৰ এজনী ছোৱালী হোৱাটোকে কামনা কৰিছিল।
কিন্তু...।
ফোনত মেছেজটো পাই সেয়ে সি আনন্দ প্ৰকাশ কৰিবনে নকৰিব ভাবি
থাকোতেই বৰপুতেকৰ মোবাইলত অহা একেটা খবৰেই সকলোকে মুহূৰ্ততে
উল্লসিত কৰি তুলিলে। আইতাকৰ সাঁচতীয়া টকা লৈ চাইকেল মাৰি বজাৰৰ পৰা
মিঠাই লৈ অহা বৰপুতেকৰ চাল-চলনত এনে লাগিছে যেন ‘কৃষ্ণ’ৰহে জন্ম হ’ল।
উস্..। কাঁহৰ থাল এখনত মিঠাইৰ পেকেটটো খুলি লৈ হাঁহিমুখে অদিতি সোমাই
আহিল।
— বৰদেউতা, হোৱা, মিঠাই খোৱা। অদিতিয়ে আনন্দৰ মুখত মিঠাই
গুঁজি দিব বিচাৰিলে।
— তোমালোকো যে আৰু! থোৱাচোন ইয়াত প্লেট এখনত। খাম পাছত।
আনন্দৰ কৃত্ৰিম খং।
— উৱা, ইমান আনন্দৰ দিনতো তুমি মিঠাই খাবলৈ ইমান সময়
লগাবানে? তোমাৰ মৰমৰ মলয়া মাক হ’ল, লোৱা...।
আনন্দৰ এইবাৰ সঁচাকৈয়ে খং উঠিল— মলয়া মাক হ’ল নহয়! ল’ৰাৰ
মাক হ’ল। প্লেট এখনত ইয়াতে থোৱা। মোৰ ভাল লাগিছে। মই খাম। কিন্তু
তোমালোকৰ দৰে পগলা হ'বলগীয়া মোৰ হোৱা নাই।
অদিতিয়ে ধৰিব নোৱাৰিলে আনন্দৰ আচলতে কি হ’ল। মলয়াক আনন্দই
বৰ মৰম কৰে। বৰ ভাল পায়। নিজৰ জীয়েকৰ দৰেই। সেইজন মানুহেই আকৌ
মলয়াৰ এই সুখবৰটো পায়ো গোমোৰা ভাবেৰে আছে। মুকলি মনেৰে হাঁহিবও
পৰা নাই...।
অদিতি ওলাই গ'ল। অদিতিয়ে প্লেট এখন আনি থৈ যোৱা মিঠাই দুটালৈ
আনন্দই চালে। মিঠাই দুয়োটাই তালৈ চাই হাঁহিব নেকি? টং টং। ফোনটোলৈ
চকু গ’ল। মেছেজ ট’ন। আকৌ কাৰোবাৰ মেছেজ। আকৌ চাগৈ কাৰোবাৰ ল'ৰা
হ’ল! আনন্দই চোওঁ-নোচোওঁকৈ ফোনটো তুলি ল'লে। মেছেজ ফ্ৰম বিনন্দ।
আকৌ? আনন্দই ফোনটো থৈ দিলে। আছে চাগৈ মেছেজত ল’ৰাটোৰ
আখৰাখন কৰিবলৈ দিবলৈ অনুৰোধ, অদিতিক পঠিয়াবলৈ অনুৰোধ, টকাৰ
প্ৰয়োজন অথবা নৱজাতকৰ নাম!...থাওক। সেইবোৰ পাছতো হৈ থাকিব | এপাক [ ৯৪ ] বাহিৰলৈ ওলাই যাব লাগিব। আনন্দই বহাৰ পৰা উঠিব খোজোঁতেই ফোনটো
বাজি উঠিল। বিনন্দ কলিং। কি বা হ’ল? আনন্দই ফোনৰ ছুইছটো অন কৰি
হেল্লো কোৱাৰ আগতেই সিফালৰ পৰা বিনন্দৰ উচ্ছ্বসিত মাত ভাহি আহিল—
দাদা, মই বিনন্দ। খবৰটো পালিনে? ছোৱালী এজনী হ'ল...।
—হা! কি কলি? ছোৱালী হ’ল? মেছেজত...?
—নাৰ্ছে ভুলতে ল’ৰাৰ ফালে থকা লাইটটো জ্বলাই দিছিল। মেছেজটো
লগে লগে কৰি দিলো। আধা মিনিট পাছতেই তেওঁলোকে শুধৰাই দিছিল। মলয়াৰ
ছোৱালী এজনী হ'ল। বৰ ধুনীয়া। স্বাস্থ্যৱতী...। তহঁতক খবৰটো দিয়াত অলপ
দেৰি হ’ল। বেয়া নাপাবি। দাদা, মোৰ দিগদাৰ হৈছে। বৌক পাৰিলে মুনৰ লগত
পঠিয়াই...।
হ'ব হ'ব। তই ফোন থ। তই মলয়াৰ কাষত থাক। বাকী চব মই
চম্ভালিম। আনন্দই বিনন্দৰ আগতে ফোনটো কাটি দি চেঙেলীয়া পুতেকহঁতৰ
দৰে বাহিৰলৈ ঢাপলিয়ালে—মা মা, অদিতি অদিতি...। মাক, অদিতি আৰু ঘৰৰ
বাকীবোৰ গোট খালে। আটাইৰে উৎকণ্ঠিত দৃষ্টি। অদিতিৰ হাতত মিঠাইৰ প্লেট
আছিলেই! আনন্দই হাঁহিমুখে আগবাঢ়ি গৈ প্লেটৰ পৰা অৱশিষ্ট মিঠাইটো দুয়ো
আঙুলিত তুলি আনি মুখত সুমুৱালে। তাৰ পাছত অদিতিৰ চাৰত আঙুলিৰ
আঠা মচি ক'লে— মলয়াৰ ল'ৰা নহয়, ছোৱালী এজনী হ’ল। নাৰ্ছে প্ৰথমে ভুল
ৰিপ'ৰ্ট দিছিল। অদিতি তুমি ওলোৱা। মই থৈ আহোঁগৈ। দেৰি নকৰিবা।
ছোৱালীজনী লৈ নহ'লে মলয়াৰ বৰ অসুবিধা হ’ব...।