সমললৈ যাওক

পৃষ্ঠা:একুৰি এটা গল্প.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প•১০১
 

বাবে এটা আছুতীয়া কোঠাৰ বন্দৱস্ত কব...।
 —দাদাৰ বাবে বহা কোঠাত? গৌৰৱৰ মুখখন মেলাতে ৰ’ল।
 —কিয়? নহ’ব?
 —হ’ব। মানে মাহীদেৱে...।
 প্ৰথমবাৰৰ বাবে চৌধুৰীৰ মাতত কঠোৰতা ফুটি উঠিল— মই যি কৈছো, তাকে কৰ। সৌৰভ ঘৰৰ ডাঙৰ ল'ৰা। তাক এটা সুকীয়া কোঠা লাগে। অস্থায়ীভাৱে তাতেই থাওক। অহা মাহত এটা ৰূম বঢ়াই তাৰ বাবে বেলেগ বস্তৱস্ত কৰি দিব। লাগিব। গৌৰৱে এবাৰ আকৌ বাপেকৰ মুখলৈ চাই কাহানিও নমৰা আত্মসন্তুষ্টিৰ মিচিকিয়া হাঁহি এটা এৰি আঁতৰি গ'ল।