পৃষ্ঠা:একুৰি এটা গল্প.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১০০ • একুৰি এটা গল্প

ভাল হ’ব। হ’বই। চৌধুৰীয়েও আশা কৰে তাৰ ৰিজাল্ট ভাল হওক। সি নৰনীত আৰু অনিকেততকৈ আগবাঢ়ি যাওক। গীতা আৰু সিহঁতৰ সৰু ল'ৰা দুটাই কাহানিও সৌৰভৰ সমকক্ষ যেন হ’ব নোৱাৰে। চৌধুৰীৰ মনত ক'ব নোৱৰাকৈয়ে নৱনীত আৰু অনিকেতলৈ বিদ্বেষৰ ভাব গঢ়ি উঠিছে। সিহঁত নহা হ'লে চাগৈ গীতাই সৌৰভ আৰু গৌৰৱক গৌৰীৰ আদৰ-যত্নখিনি দিয়াত কৃপণালিখিনি নকৰিলেহেঁতেন! সিহঁত নথকা হলে নিশ্চয় গীতায়েই সৌৰভৰ উন্নতিৰ বাবে দিনে-নিশাই কষ্ট কৰিলেহেঁতেন! অৰ্থহীন আক্ৰোশত চৌধুৰীয়ে নিজে নিজে কমটাই থকাৰ বাহিৰে যে একো আৰু কৰিব নোৱাৰে..।
 বহুদিনীয়া চাইকেলখন চলাই গৌৰৱ সোমাই আহিল। আহ্!ল’ৰাটোক এখন নতুন চাইকেলো দিয়া হোৱা নাই। তাৰ গা আৰু ভৰিত থকা আৱৰণখিনিও বহু পুৰণি হোৱা নাইনে? চৌধুৰীয়ে বহাৰ পৰাই ল'ৰাটোলৈ হৃদয়ৰ সমস্ত আৱেগ ঢালি চাইল’লে। বিগত সময়ছোৱাৰ হিচাপ-নিকাচ কৰি তেওঁ বুজি উঠিছে, অন্ততঃ এতিয়াৰ পৰাই হলেও তেওঁ যেন নিজৰ বিবেকক আনৰ হাতত এৰি নিদিয়ে। তেওঁৰ মনত এইটোও পৰিষ্কাৰ হৈ পৰিছে যে গীতাৰ মনত গৌৰৱ এই ঘৰখনৰ গোপালতকৈ বৰ বেছি ওপৰৰ নহয়। তাইৰ মনত গৌৰৱ এটা অপদাৰ্থ, এই ঘৰৰ মাত্ৰ এটা বোজা। কেৱল এই কথাখিনি প্ৰত্যক্ষভাৱে চৌধুৰীক ক'ব পৰা নাই অথবা তেনে পৰ্যায়লৈ তেওঁ যোৱা নাই। নহ'লে হয়তোবা ইয়াৰ কাৰণ এয়াও হ'ব পাৰে যে চৌধুৰীৰ মনৰ মাজত গীতা সম্বন্ধে যি এখন ধুৱলী-কুঁৱলী মায়াজাল তৰা আছে তাৰ ভেদ তেওঁ জীৱনৰ ভাটি বয়সতো ভাঙিব নোখোজে। স্বামীৰ আগত তেওঁ গৌৰৱ বা সৌৰভ সম্পৰ্কে এটা কথাও অসম্মানজনকভাৱে কৈ পোৱা নাই। কেৱল এই কথাটোৰ কাৰণেই চৌধুৰীয়ে অতদিনৰ মাজত কেতিয়াও যোগ-বিয়োগৰ অংক কৰিবলগা হোৱা নাই আৰু এতিয়া কৰিবৰ সময়তো উত্তৰ মিলোৱাটো বৰ কষ্টকৰ হৈ পৰিছে।
 গৌৰৱে চাইকেলখন ষ্টেণ্ড কৰি বাপেকৰ ওচৰ পালে। প্ৰফুল্ল মুখ— দেউতা, দাদা আহিব।
 মৰহি যাবলৈ ধৰা ডাল-পাত যেন সজীৱ হৈ উঠিল—চকীখনত পোন হৈ বহিলে— কেতিয়া...?
 —পৰহিলৈ।
 অঁ বাৰু। তই এটা কাম কৰ। তহঁতৰ ৰূমটো ভালকৈ পৰিষ্কাৰ কৰিবি। অনহয়! তই এটা কাম কৰ। ড্ৰয়িং ৰূমটোতে পাৰ্টিশ্যন এখন দি তাতে সৌৰভৰ