পৃষ্ঠা:একুৰি এটা গল্প.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬ • একুৰি এটা গল্প
 


নিজে পতা হেঁপাহৰ জালখনত! তেওঁৰ গৌৰীলৈ মনত পৰিল। ষোল্ল বছৰৰ আগতে মৃত্যুশয্যাত পৰি ছটফটাই থকা গৌৰীয়ে চৌধুৰীৰ পৰা আশ্বাসবাণী লৈছিল—যাতে তেওঁৰ মৃত্যুৰ পাছত সিহঁতৰ এমা-ডিমা ল’ৰা দুটাৰ আলৈ-আথানি নকৰে। গৌৰীয়ে বিচৰা সেই আশ্বাসবাণীৰ অৰ্থ বাৰু গৌতমে ভুলকৈ বুজিলে নেকি? আৰু কিবা সুধিব পৰাৰ আগতেই তেওঁৰ হাতত খামুচি ধৰি থাকিয়েই গৌৰী বহুদূৰলৈ আঁতৰি গ'ল। গৌৰীৰ হাতৰ চেপাৰ শিথিলতা অনুভৱ কৰি চৌধুৰীয়ে এটা চিঞৰ মাৰি তাইৰ দেহৰ ওপৰত হাউলি পৰিছিল। সৌৰভ আৰু গৌৰৱক বুকুৰ মাজত সুমুৱাই ৰাউচি জোৰা চৌধুৰীৰ চিঞৰত ওচৰ-চুবুৰীয়া গোট খাই মাকৰ দেহটো বাহিৰলৈ নিয়া চাই চাই সাত বছৰীয়া সৌৰভ আৰু তিনি বছৰীয়া গৌৰৱেও কান্দি উঠিছিল। মৃত্যু কি বুজি নোপোৱা দুয়োটা ল’ৰাই মাকৰ মৰা দেহটোকে মাক বুলি পতিয়ন গৈ হাহাকাৰ কৰিছিল।
  অহ্...। গৌতম চৌধুৰীয়ে বহাতে মূৰটো পিছলৈ হাওলাই দিলে। খহটা চিমেণ্টৰ বেৰত তেওঁৰ তপা মূৰটো লগাত তেওঁ সোঁ হাতখন তুলি আকৌ মূৰটো পিহি দিলে। ঠিক গৌৰীয়ে দিয়াৰ দৰে...। এই মুহূৰ্তত পুনৰ তেওঁ ষোল্ল-সোতৰ বছৰৰ আগৰ গৌৰীজনীৰ হাতৰ পৰশ অনুভৱ কৰিলে। হৃদয়ত মমতাৰ সাগৰ থাকিলে খহটা হাতৰ পৰশো উমাল হৈ পৰে। ঠিক এনেকৈ অফিচৰ পৰা ঘূৰি অহাৰ পাছত মূৰৰ বিষ উঠা বুলি গম পালে গৌৰীয়ে আথে-বেথে চাবোন-ছাইৰ অত্যাচাৰত খহটা হোৱা দুয়ো হাতৰ তলুৱাৰে তেওঁৰ গোটেই মূৰটোৱে পিহি দিছিল। গৌৰীৰ স্নেহময়ী হাতৰ পৰশত গৌতমৰ দেহ-মূৰ শাঁত পৰিবলৈ বেছি পৰ নালাগিছিল।
  গৌৰৱ আৰু সৌৰভক আলৈ-আথানি নকৰাৰ প্ৰতিশ্ৰুতি দিয়া গৌতমে সিহঁতৰ সু-প্ৰতিপালনৰ বাবে বুলিয়েই দ্বিতীয়বাৰ দ্বাৰ গ্ৰহণ কৰিলে। শিক্ষক পিতৃৰ একমাত্ৰ কন্যা গীতাক বিয়া কৰাই তেওঁ সৌৰভ আৰু গৌৰৱক মাকৰ মৰম যতাব বিচাৰিছিল। প্ৰথম দুবছৰমান ঠিকেই চলিল। চৌধুৰীয়ে তেজীমলা সাধুৰ মাহীজনীৰ সৃষ্টিৰ অসাৰ্থকতা অনুভৱ কৰিলে। সেয়ে ল’ৰা দুটাৰ সমস্ত দায়িত্ব গীতাৰ হাতত গতাই দি তেওঁ পুনৰ ব্যস্ত হৈ পৰিল নিজৰ কৰ্মক্ষেত্ৰত। নতুন পত্নীৰ মধুৰ প্ৰেমত সাময়িকভাৱে গৌৰীৰ স্মৃতিও ধূসৰ কৰি তুলিলে। লাহে লাহে দুই পুত্ৰ আৰু পিতৃৰ মাজত গীতা এখন ওখ প্ৰাচীৰৰ দৰে হৈ পৰিল। এই ব্যৱধান ঠিক কোনখিনি সময়ৰ পৰা আৰম্ভ হ'ল চৌধুৰীয়ে আজি খাটাংকৈ ক'ব নোৱাৰে। ল’ৰা দুটাৰ বৈষয়িক প্ৰয়োজনখিনিৰ কথাও গীতাৰ মাধ্যমেৰে চৌধুৰীৰ