একুৰি এটা গল্প ॥ ৯৯
পঢ়াৰ খৰচ উলিওৱাৰ উপৰি তাকো যে হাত খৰচৰ বাবে টকা দিব লাগে সি
বাপেকক এই মুহূৰ্তত কেনেকৈ বুজায়? সি বিচাৰে বাপেকৰ চকুৰ দুৱাৰ-পৰ্দা
নিজে নিজে মেল খাই মুকলি হওক। নহ'লে ঘৰখনত হ’ব পৰা সম্ভাব্য অশান্তিৰ
কাৰণ সিয়েই হ’বগৈ, যিটো সি নিবিচাৰে। সেয়ে সি ক'লে— সেইবোৰ হ'ব
বাৰু! পাছতো কেতিয়াবা ক'ব পাৰিম। এতিয়া ব’লা ভিতৰলৈ।
কথাবোৰ পাছতো কেতিয়াবা ক’ব পাৰিম বুলি গৌৰৱে সেইদিনা ক’লেও
বিগত কেইটা দিনত তাৰ বাপেকৰ লগত বৰ বিশেষ একো কথা নহ'ল। বাপেকৰ
অন্তৰ্দ্বন্দ্ব অনুভৱ কৰিয়েই চাগে এইকেইটা দিন সি চৌধুৰীক অকলশৰে থাকিবলৈ
এৰি দিয়া নাই। বন্ধ শেষ হওঁতেই সৌৰভ গুচি গ'ল। থকা দিনকেইটাত সি
গৌৰৱৰ অশেষ চেষ্টাতো বাপেকৰ প্ৰতি সহানুভূতিশীল নহ'ল। কিহৰ কাৰণে
জানো গৌৰৱে সৌৰভৰ দৰে বাপেকৰ প্ৰতি কঠোৰ হ’ব পৰা নাই। সি তেওঁৰ
অসহায়, অপাৰগতাৰ কথা উপলব্ধি কৰিব পাৰে। সি জানে, বৰ্তমানটোৰ বাবে
গৌতম চৌধুৰী দায়ী নহয়। তেওঁতো সিহঁতক মাকৰ অভাৱ দূৰ কৰিবলৈকে
মাহীমাকক বিয়া কৰাইছিল...।
কিছুদিনৰ পিছলৈ অৱশ্যে গৌৰৱৰ মুখৰ পৰাই চৌধুৰীয়ে গীতা সম্পৰ্কে
অনুধাৱন কৰিব নোৱৰাখিনিও জানিব পাৰিছিল। হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ
পাছত সৌৰভৰ অদম্য আশাত গীতাই কেনেদৰে মাধমাৰ শোধাব বিচাৰিছিল
সেই কথা গৌৰৱৰ পৰা জানিব পাৰি চৌধুৰীৰ মন অনুশোচনাত তপ্ত হৈ পৰিছে।
ভাগ্য ভাল যে সৰুৰ পৰাই জেদী প্ৰকৃতিৰ সৌৰভে মাহীয়েকক দেখুৱাবলৈকে
নিজে ‘পাৰ্ট টাইম চাকৰি যোগাৰ কৰি হ'লেও নিজৰ আশা ফলৱতী কৰাৰ পথত।
চৌধুৰীয়ে নতুন ভাৰ্যাৰ ছলাহী কথাত নিজৰ বিৰেকক কেনেদৰে তলা মাৰি
থৈছিল— সেয়া যেন এতিয়াহে অনুভৱ হৈছে।
ক্ৰমে ক্ৰমে চৌধুৰী এটা অৰ্থহীন উপস্থিতিত পৰিণত হ'ল। গীতাৰ
অনুপস্থিতিত গহীন হৈ পৰা নিঃসংগ মুহূৰ্তত ঘনে ঘনে তেওঁৰ গৌৰীৰ মৃত্যুকাতৰ
মুখখনলৈ মনত পৰা হ'ল। কিয় এনে হ’ল? কেনেকৈ এনে হ’বলৈ পালে?
শাকনিডৰাৰ শাকপুলিবোৰ ডাঙৰ হৈছে। নিতৌ যত্ন পাই বৰ লহপহীয়া
হৈ বাঢ়ি আহিছে। তেওঁৰ মনৰ ক্ষীণ আশাটোও যেন ডাঙৰ হৈ উঠিছে। সৌৰভক
বুকুৰ মাজত ঘূৰাই পোৱাৰ আশা...। সৌৰভৰ পঢ়া শেষ। ভায়েকলৈ খবৰ
পঠিয়াইছে, ৰিজাল্ট ওলোৱালৈকে চাকৰিটো কৰি থাকিব। ৰিজাল্ট ওলালেই সি
চাকৰিটো এৰি দি ঘৰলৈ আহিব। সি হেনো গৌৰৱক কৈছে যে তাৰ ৰিজাল্ট বৰ