সমললৈ যাওক

একুৰি এটা গল্প/মানুহ

ৱিকিউৎসৰ পৰা
[ ৮২ ]

মানুহ

  টকা লাগে। বহুত টকা। কেনেকৈ? কি উপায়েৰে ইয়াতকৈ বেছি টকা তাৰ জেপত সোমাব? মনোজৰ মূৰটো টকা ঘটাৰ নতুন কৌশল আৱিষ্কাৰত কালিৰে পৰা ব্যস্ত আছে। আঃ! ময়ো পালোহেঁতেন যদি বহুত টকা দত্তদাহঁতৰ দৰে!
  টাইপ ৰাইটাৰত আঙুলি বুলাই থাকোতে এবাৰ মনোজৰ চকু দত্তৰ টেবুলখনত পৰিল। তাৰ হাতৰ আঙুলিৰ গতি মন্থৰ হ’ল। দত্তৰ টেবুলৰ সন্মুখত বহা আদহীয়া মানুহজনে টেবুলত এটা লেফাফা থৈছে। অকণমান অন্যমনস্ক যেন দেখুৱাই দত্তই সোধা তাৰ কাণত পৰিল— কিমান?
  — দুশ। ইমানতেই কৰি দিয়ক আৰু! নহ'লে বৰ অসুবিধাত পৰিম।   — বৰ কম হয়হে? তথাপি বাৰু আপুনি বুলি দিওঁ...। দত্তই ফাইল এটা খুলিলে। কেইখনমান কাগজ উলিয়াই পিন এটা লগাই দিবলৈ পিয়নটোক মাতিলে। পিয়নজন অহাত দত্তই সন্মুখত বহা মানুহজনক পিয়নজনৰ পিছে পিছে যাবলৈ নিৰ্দেশ দিলে। আদহীয়া মানুহজনে সংকুচিত খোজেৰে মনোজৰ গাৰ কাষেৰেই পাৰ হৈ গল। মনোজে টাইপ ৰাইটাৰৰ ওপৰত দৃষ্টি থৈয়েই অনুমান কৰিব পাৰিলে যে দত্তই আনন্দ মনে লেফাফাটো নিজৰ ফালে টানি নি খুলি চাই সন্তুষ্টচিত্তে নিজৰ ড্ৰয়াৰত লেফাফাটো সুমুৱাই থৈ দুয়ো হাতৰ কেউটা আঙুলিৰে টেবুলৰ ওপৰত এক দুৰ্বোধ্য বাদ্য বজাবলৈ ধৰিলে।
  —মনোজৰ আঙুলিৰে গতি মন্থৰ হ’ল। এক অজান দুখবোধে তাৰ মনটো মাৰি নিবলৈ ধৰিলে। টাইপিষ্ট হিচাপে চাকৰিত যোগ দিয়া আঠ বছৰৰ পাছত সি প্ৰমোশ্যন পাই এল ডি এ হ’ল যদিও টাইপ ৰাইটাৰৰ কামটো তাৰ ডিঙিৰ পৰা সম্পূৰ্ণকৈ এৰ খোৱা নাই। –নতুনকৈ এপইন্টমেন্ট পোৱা গাভৰু টাইপিষ্টজনীৰ নিয়মিত অনিয়মীয়া উপস্থিতিৰ বাবে অফিচৰ সৰহখিনি কাম তাৰ হাতেৰেই পাৰ হৈ যায়। সি বিশেষ আপত্তি অৱশ্যে নকৰে। যিকোনো ভাল কামৰ মাজত সি ব্যস্ত থাকিবলৈ পালে ভালেই পায়।
  — কিহে মনোজ, তুমিও কিবা দিবাস্বপ্ন দেখিবলৈ ল'লা নেকি? নে ঘৰত শ্ৰীমতীৰ স’তে এখুন্দা লাগি আহি অনুতপ্ত...। মনোজক উদ্দেশ্যি সদা ৰসিকতাৰে থকা তৰুণ গয়াৰীয়ে মাত দিলে। গয়াৰীৰ মাতত মনোজ উচপ্‌ খোৱাৰ [ ৮৩ ] দৰে হ’ল— নাই নাই। এ’ দাদাইনো কি কয় আৰু! একো নাই...। কৈ কৈ সি টাইপত মন দিলে। তাৰ মনটো কাগজখন টাইপ কৰাত জোৰকৈ বহুৱাব খুজিলে যদিও বাৰে বাৰে পিছলি পৰিছে।
  যোৱা ৰাতি তাৰ মন্দিৰাৰ লগত যথেষ্ট বাক্-বিতণ্ডা হৈ গৈছে। কাৰণ— আৰ্থিক। আৰ্থিক টনাটনিয়ে সিহঁতৰ মাজৰ কুহুমবুলীয়া প্ৰেমক জ্বলা অঙঠালৈ পৰিণত কৰি পেলাইছে। ছজনীয়া পৰিয়ালটোৰ সকলো দায়িত্ব তাৰ। বাপেক হাইস্কুলৰ শিক্ষক আছিল। গোটেই জীৱন তেওঁৰ আদৰ্শ সাবটি সৎ শিক্ষক আৰু.মানুহ হোৱাৰ চেষ্টাতে পাৰ হ’ল। অৱশ্যে জীৱিত কালত তেওঁ ‘ধনী’ মানুহ হ'ব নোৱাৰিলেও অঞ্চলটোৰ এজন ‘সন্মানীয়’ মানুহ হিচাপে জীয়াই আছিল। দুবছৰ আগতে দেউতাক ঢুকোৱাৰ ঠিক দুদিন আগতে তাক ওচৰলৈ মাতি নি সেহাই সেহাই কৈছিল— ‘মনু, মই ধন-সম্পত্তি গোটাব নোৱাৰিলো যদিও তোক মানুহ হিচাপে গঢ়ি তুলি মই আজি আত্মগৰ্ব অনুভৱ কৰিছো। ককাৰৰ দিনৰে এই ঘৰ-মাটিতেই যি আছে তাকে লৈ শান্তিত থাকিবি। অলীক আশা কৰি নিজৰ জীৱনলৈ কেতিয়াও অশান্তি চপাই নানিবি। মোৰ মৃত্যুৰ পাছতো দহা-কাজৰ নামত ৰৌজাল-বৌজাল নকৰি অলপ খৰচতে মিতিৰকেইঘৰৰ মাজতে নিয়মখিনি কৰি সামৰি থ’বি। পৰম্পৰা ৰক্ষাৰ নামত আৰু লোকচক্ষু–লজ্জাৰ খাতিৰত ভিতৰি ভিতৰি নাঙঠ হোৱাৰ কোনো দৰকাৰ নাই। সৎভাৱে থাকিবি আৰু জীৱনৰ শেষ ক্ষণলৈকে আনৰ আগত মূৰ তুলি জীয়াই থাকিবি। এইখিনি কৰিলেই মোৰ প্ৰকৃত.শ্ৰাদ্ধ সম্পন্ন কৰা হ'ব। ’ দেউতাকে তাক কোৱা কথাখিনি ডেৰবছৰ আগতে বিয়া কৰাই অনা মন্দিৰাই পৰ্দাৰ ফাকেৰে মুখ উলিয়াই শুনি আছিল। সেইদিনা শুবৰ পৰত তাই মুখ বিকটাই চেপা মাতেৰে কৈছিল— হুহ্! সৎভাৱে থাকিবি! বুঢ়াটো, যাবৰ পৰতো মন্ত্ৰ আওৰাবলৈ এৰা নাই! তেওঁৰ বাহিৰে যেন পৃথিৱীৰ সকলো চোৰ-ডকাইত! মনোজে আপত্তিৰে মন্দিৰাৰ ফালে চোৱাত তাই স্পষ্টকৈ কৈ.উঠিল— দেউতাই দিয়া এই ‘আদৰ্শবাদ’ লৈ আজিৰ যুগত তুমি একো কৰিব নোৱাৰিবা। দেউতাই কি কৰিলে? বাপেকৰ দিনৰে ঘৰটোত কোঠালি এটাও বঢ়াব পাৰিলেনে?
  হয় অৱশ্যে। মনোজৰ দেউতাকে ককাকৰ দিনৰে পাঁচ কোঠলীয়া এই আকৃতিৰ ঘৰটোৰ কোঠালি এটাও বঢ়োৱা নাই। অৱশ্যে বিশেষ প্ৰয়োজনে হোৱা নাই। মাত্ৰ তাৰ বিয়াৰ আগতে ঘৰটোৰ চাল আৰু বেৰত ৰং আৰু শাল কাঠৰ বাটাম-খুঁটাবোৰত ডাঠকৈ তেল সানিছিল। লগতে ন-বোৱাৰীয়েকৰ সুবিধাৰ বাবে [ ৮৪ ] পকী বাথৰূম-লেট্ৰিনৰ ব্যৱস্থা কৰিছিল। ইয়াৰ আগতে সিহঁতৰ তেনে সু-ব্যৱস্থা নাছিল যদিও মাকৰ বাহিৰে কোনো ছোৱালী নথকাত বিশেষ অসুবিধা নোহোৱাকৈ দিনবোৰ পাৰ হৈছিল।
  আজন্ম পংগু তাৰ ভায়েক অনুজ, এটা চকুৰে নেদেখা তাৰ মাক, মন্দিৰাই টাউনত পঢ়াম বুলি বিয়াৰ তিনি মাহমান পাছতেই নিজৰ লগলৈ অনা তাৰ খুলশালি বিনোদ, মন্দিৰা, সি আৰু সিহঁতৰ যুগ্ম জীৱনৰ সাক্ষী শতৰূপা। ককাকৰ দিনৰে ঘৰটোৰ লগতে থকা বাৰীখনত কাণী মাকে ওৰেটো দিন খুঁচৰি খুঁচৰি বেঙেনা, জলকীয়া, পাণ-তামোল, কল, নেমু আদিৰে কৰা নিশকতীয়া উপাৰ্জন আৰু বাপেকৰ পেন্সনৰ মাকে পাবলগীয়া অংশৰ লগতে তাৰ দৰমহা মিলাই মাহটো সি টানি-টুনি চলিব পাৰিলেও মন্দিৰাৰ সপোনবোৰ সি সহজে বাস্তৱায়িত কৰিব নোৱাৰে। ধনী ঘৰৰ ছোৱালী নহ'লেও বৈবাহিক জীৱনত ধন-ধানেৰে উভৈনদী, চিকমিকোৱা এখন ঘৰৰ কল্পনা কৰি তাই আহিছিল। কিন্তু পৰিৱৰ্তে তাৰ বিপৰীত অৱস্থাটো পাই তাইৰ নিজৰ সপোন ফলিওৱাৰ মাধ্যম হিচাপে মনোজকে হেঁচা দিবলৈ ধৰিলে। আৰু তাৰেই পৰিণতিত যোৱা ৰাতিৰ বাক্-বিতণ্ডা। এনেয়ে কেৱল মন্দিৰাই কয় আৰু মনোজে শুনি যায়। ঠাণ্ডা প্ৰকৃতিৰ মনোজে আনে দহটা কটু কথা শুনোৱাৰ পাছতো সহজে মুখ নেমেলে। মাজে মাজে ওলায় মাত্ৰ একোটা দীঘল হুমুনিয়াহ। কিন্তু যোৱা ৰাতি সি মন্দিৰাৰ টেপ্‌টেপনি শুনি শুনি অতিকৈ অসহ্য হৈ ফেপেৰি পাতি ধৰিলে— কি লাগে তোমাক? আৰু কি বিচাৰা? তুমি নাজানা নেকি যে মোৰ ইয়াতকৈ বেছি সামৰ্থ্য নাই?
 — তেনেহলে সংসাৰ গোটাইছিলা কেলৈ?
 —সকলোৰে সংসাৰ আছে। সেইবুলি সকলোৱে তোমাৰ দৰে লাগে লাগে বুলি আটাহ পাৰি থকা নাই।
 — সকলোৰে থকা গৰু-গাহৰিৰ দৰে সংসাৰ মোক নালাগে। ঘৰখনত সা-সুবিধা বুলিবলৈ একো এটা নাই, ভাল কাপোৰ এসাজ, গহনা এবিধ নাই— আৰু...।
 — বৰ চিঞৰ-বাখৰ কৰি নাথাকিবা। তোমাৰ বৰ্তমানে যিখিনি আছে সেইখিনি দেশৰ প্ৰায় আধাতকৈও বেছি মানুহৰ নাই। আৰু কিয় বিচাৰা, দেউতাৰাৰ ঘৰতনো তুমি ইমান কি বেছি ভোগত আছিলা যে এতিয়া...। মনোজৰ মুখৰ কথা শেষ হ’বলৈ নাপালে; মন্দিৰাই হাওহাওকৈ ৰাউচিজুৰি কান্দিবলৈ ধৰিলে। তাইৰ চিঞৰত কাণী মাক থৰক্‌-বৰক্‌কৈ [ ৮৫ ] আহি সিহঁতৰ মাজত সোমাল। মনোজ ওলাই গ'ল।
  অফিচৰ টেবুলত ফাইলবোৰ খুঁচৰি কিবাকিবি ঠিক-ঠাক কৰি থাকোঁতেও তাৰ মনত মাকে কালি সিহঁতৰ মাজত সোমাই কোৱা কথাষাৰ মনত পৰিবলৈ ধৰিলে— ‘বিয়া কৰাইছ যেতিয়া ঘৈণীয়েৰক সুখত ৰাখিবই লাগিব। তাইৰ মনৰ অভীষ্ট পূৰাবই লাগিব, সেয়া স্বামী হিচাপে তোৰ কৰ্তব্য, আৰু তুমিও বোৱাৰী...' মাকে মন্দিৰাক কি বুজনি দিলে তাৰ কাণত নোসোমাল। তাৰ মনত কেৱল মাকে কোৱা কথাখিনিহে প্ৰতিধ্বনিত হৈ বাজি থাকিল।
  তৰুণ গয়াৰী ওচৰ চাপি আহিল— কি হে ডেকা ল'ৰা, কি হৈছে? আজিচোন অলপ বেছি গহীন!
  — নাই নাই দাদা, একো নাই, এনেয়েহে মানে গাটো বৰ ভাল নহয় — সি কেঘেঁহাই উত্তৰ দিলে। গয়াৰীয়ে মনোজৰ কান্ধত হাত থৈ ক'লে— তুমি মোতকৈ বয়সত সৰু। কিবা সমস্যা হলে ক’বা। তুমি মোক আৰু মই তোমাক সা-সহায় নকৰিলে কোনে কাক চাব? ফুৰ্তিত থাকা...। গয়াৰী গল। মনোজৰ সততা আৰু সৰল ভাৱমূৰ্তিৰ বাবে গোটেই ষ্টাফ’ৰে তাৰ প্ৰতি এক বিশেষ আদৰৰ ভাব আছে। তাৰ খাতিৰত গয়াৰী তাৰ ওচৰলৈ বেদনাৰ ভাগ ল'বলৈ উপযাচি আহিছে। কিন্তু সি কয় কেনেকৈ? কি মুখে ক'ব তাৰ পৰিয়ালৰ কন্দলৰ কাৰণ কথা? সি দত্তৰ কথা ভাবিলে কি আৰামত তেওঁ তাৰ চকুৰ আগতে মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ ধৰি টকা ঘটি আহিছে! অকল দত্ত কিয়? অলপ আগতে তাৰ সমব্যথী হৈ অহা গয়াৰীয়েওতো একোখন ই এ পাছ কৰি দিয়াৰ বাবদ পাঁচশ মানকৈ টকা লয়! আনকি পিয়ন মূৰাৰীকো হাতত গুজি দিয়া নোটৰ খম্‌খমনি সি বহুদিনৰ পৰাই শুনি আহিছে। ক'তা, তেওঁলোকৰ কাৰো মনতেতো কোনো অশান্তি বা অনুশোচনা নাই! বৰং কেতিয়াবা বিশেষ সময়ত কেউজনে মুকলিকৈ বহি তেওঁলোকে পোৱা উপঢৌকনৰ পৰিমাণৰ বিষয়ে আলোচনা কৰে, তেতিয়া মনোজ থাকে সম্পূৰ্ণ অকলশৰীয়া হৈ তাৰ টেবুলৰ আগত বহি। যেন সি তেওঁলোকৰ ভাষা নুবুজে! তেওঁলোক আৰু সি যেন অন্য গ্ৰহৰ প্ৰাণী!
 মনোজ ইমান বেছি অন্যমনস্ক হৈ আছিল যে তাৰ টেবুলৰ সন্মুখত ৰৈ এজনে তাক তিনি-চাৰিবাৰ সম্বোধন কৰাৰ পাছতহে সি সম্বিৎ পালে।
 — অঁ অঁ, কি হ'ল?
 — মোৰ কামটো, মানে সেই মোৰ পেন্সনৰ বাবে লগা কাগজখন...।
  মনোজৰ মনত পৰিল। মানুহজন কোনোবা হাইস্কুল এখনৰ অৱসৰ [ ৮৬ ] পোৱা প্ৰধান শিক্ষক মহীধৰ ডেকা। আজি এবছৰমান হ’ল পেন্সনৰ টকা উলিয়াব পৰা নাই। শেষত তাৰ ওচৰত পৰিছে তেওঁৰ ‘লিভ ক্লিয়াৰেন্স’ চাৰ্টিফিকেট দিয়াৰ দায়িত্ব। কেজুৱেল লিভ লোৱাৰ বাহিৰে গোটেই চাকৰি জীৱনত আন কোনো ছুটী উপভোগ নকৰা বৃদ্ধ শিক্ষকজন যোৱা সপ্তাহত তাৰ ওচৰলৈ আহিছিল। সি কামটো বুজি লৈ এসপ্তাহ সময় দি আজি আহিবলৈ কৈছিল। কথামতে অৱশ্যে মনোজে কাগজ-পত্ৰখিনি সাজু কৰিও থৈছে। মনোজৰ মূৰত টকা নামৰ পোকটোৱে এটা কামোৰ দিলে। খন্তেকপৰ ৰৈ তাৰ ফালে আশাৰে চাই ৰৈ থকা মহীধৰ ডেকাক ক'লে—
 — নাই হে, গোটেইখিনি হওঁতে সময় লাগিব। আমাৰ সময় বৰ কম। পাছত আহিব।
 — কি কয় আপুনি! বাইশ কিলোমিটাৰ দূৰৰ পৰা বাটকুৰি বাই আহিছো আজি আহিবলৈ কৈছিল বাবেহে...!
 — কৈছিলো। কিন্তু এতিয়া কৈছো, নহ'ব। দেৰি হ’ব। মনোজ টেবুলৰ ওচৰৰ পৰা আঁতৰি যাব বিচাৰিলে। মানুহজনে নিৰুপায় হৈ মনোজৰ বাট আগচি ধৰিলে— কিয় দেৰি হ’ব? নে আন কিবা লাগে?
  বুঢ়াৰ প্ৰশ্নটো শুনাৰ লগে লগে ক্ষণিকৰ বাবে মনোজৰ ভৰিৰ তলুৱাৰ পৰা মূৰলৈকে জিন্‌জিনাই গ'ল— তথাপি গাম্ভীৰ্য ৰাখি ক'লে— আহকচোন, বাহিৰলৈ...।
  বাহিৰলৈ মাতি নি সি মানুহজনক বেবেৰিবাংকৈ বুজাই দিলে যে গোটেই ডকুমেন্টসোপা যোগাৰ কৰোঁতে আৰ-তাৰ ওচৰত সি নিজৰ জেপৰ পৰা খৰচ কৰিবলগীয়া হৈছে। শেষত অফিচাৰৰ চহী আছেই। তেওঁকো চাগৈ অলপ দিব লাগিব! গতিকে...।
 মানুহজনে অসহায়ভাৱেমনোজলৈ কিছুপৰ চাই থাকি সুধিলে— কিমান দিলে হ’বগৈ?
 — এ’..... দিয়ক আৰু নিজে বুজি–বাজি কিবা এটা।
 মানুহজনে পাঞ্জাবী চোলাৰ ভিতৰ পকেটত হাত সুমুৱাই কেইখনমান নোট উলিয়াই তাৰে পাঁচশ টকা মনোজৰ হাতত দি সুধিলে— হ’বনে?
 — এ', বৰ কম হয়। তথাপি বাৰু হ'ব...। সি খৰ খোজেৰে কোঠাৰ ভিতৰলৈ আহি খৰধৰকৈ ফাইলবোৰ খুঁচৰি কাগজকেইখন সাজু কৰি ল'লে। তাৰ পাছত মানুহজনক অকণমান ৰ'বলৈ কৈ সি কাষৰ কোঠাত সোমাল। কিছুপৰৰ [ ৮৭ ] পাছত স্বস্তিৰ উশাহ এটা লৈ সি ওলাই আহি কাগজখিনি মানুহজনক গতাই দিলে। মানুহজনে মুখেৰে একো নকৈ কাগজখিনি লৈ মনোজৰ ফালে মাত্ৰ এবাৰ চাই ওলাই গ'ল।
  ঠিক সেই মুহূৰ্তৰে পৰা আৰম্ভ হ'ল মনোজৰ অন্তৰ্দ্বন্দৰ সূত্ৰপাত। এফালে মন্দিৰাৰ হাবিয়াস পূৰাবলৈ টকা ঘটাৰ নতুন পথত খোজ পেলাই সফল হোৱাৰ আনন্দ আৰু আনফালে আজন্ম পালন কৰি অহা দেউতাকে শিকাই যোৱা নৈতিকতাৰ পতন। তাৰ গাটো ক্ষণে গৰম ক্ষণে ঠাণ্ডা লাগিবলৈ ধৰিলে। বমি বমি ভাব এটায়ো তাক আমনি কৰা যেন লাগিল। কিহবাই যেন তাৰ ডিঙিত সোপা মাৰিছেহি! গয়াৰী আকৌ ওচৰ পালেহি — মনোজ, গা বেয়া?
 — নাই দাদা, নহয়। মানে মই আজি মানে...।
 —মই জানো, গম পাইছো। আৰু তাকে লৈ তুমি ছিৰিয়াছ হৈ গৈছা কিয়? পৃথিৱীখন যিফালে ঘূৰিছে তুমি-মই-আমি সেইফালেই নুঘূৰিলে মুখথেকেচা খাই পদে পদে লাঞ্ছিতহে হ'ম। তুমি অন্যায় একো কৰা নাই। কাম কৰি দিছা আৰু তাৰ বাবদ তুমি কিবা লৈছা, ইমানেইহে কথা আৰু...।
 —হলেও দাদা...। বাৰু হ'ব। মনোজে কথা নবঢ়ালে। আচলতে তাৰ কথা পাতিবৰ অকণো ইচ্ছা যোৱা নাছিল।
 পকেটত পাঁচখন এশটকীয়া নোটৰ ভাৰ লৈ সি ঘৰমুৱা হ’ল। প্ৰথমবাৰৰ বাবে দৰমহাৰ বাহিৰে উপাৰ্জন কৰিছে। মন্দিৰাৰ নিজা হাবিয়াসবোৰ তাৰ মানে সি অনতিপলমে পূৰাব পাৰিব! মনে মনে সি হিচাপ এটা কৰিলে— মাহটোত কমপক্ষেও বিশটা দিন যদি সি এই হাৰে টকা ঘটে, তেন্তে মাহৰ শেষত তাৰ হাতত দৰমহাৰ ডেৰগুণ ধন জমা হ’ব। আঃ! মন্দিৰাৰ হাবিয়াসৰ বস্তু ডি ভি ডি, ফ্ৰীজ, কালাৰ্ড মোবাইল, মাইক্ৰৱেভ অভেন, বাশ্বিং মেচিন— লাহে লাহে ঘৰ ভৰি যাব। মন্দিৰাই তাক প্ৰেম আৰু সন্মানেৰে সেৱা কৰিব। সি এখন বিলাসী ঘৰৰ মালিক হব। লাহে লাহে এখন স্কুটাৰ আৰু পিছলৈ ‘লোন-টোন’ৰ ব্যৱস্থাৰ মাধ্যমেৰে হ'লেও গাড়ী এখন আৰু পিছলৈ মন্দিৰাৰ ইচ্ছামতে ড্ৰয়িংৰূম মোজেইক কৰা এটা নতুন আৰ্হিৰ ঘৰ। না, এই আদৰ্শ-চাদৰ্শক সাবটি থাকিলে সঁচাকৈয়ে জীৱনত একো কৰিব নোৱাৰি। সংসাৰ পাতি লৈ যদি সুখ ভোগ কৰিবই নোৱাৰি, তেন্তে কিহৰ জীৱন? আজিৰ পৰা সি এটা নতুন মানুহ হ'ব। তাকো এতিয়াৰ পৰা দত্ত, গয়াৰী, ডেকা, ৰয়হঁতে সময়বিশেষে অন্য গ্ৰহৰ জীৱৰ দৰে নাভাবি তেওঁলোকৰ আদ্দাত ঠাই দিব। তাৰ হাততো উপঢৌকন লৈ হোৱা পাপৰ পৰা [ ৮৮ ] ৰক্ষা পাবলৈ বিবিধ দামী গ্ৰহৰত্নৰ আঙুঠিয়ে শোভা পাব। এনেদৰেইতো মানুহ আজিকালি ‘ডাঙৰ মানুহ’ হয়। টকা থাকিলেহে সন্মান! নহ’লে কোনেও খেৰ-কুটা যেনেই নেদেখে। হয়, মন্দিৰাই ঠিকেই কয় — টকাৰেই আজিকালি প্ৰেম-ভালপোৱাও কিনিব পাৰি। যাৰ টকা নাই, তাৰ সুখ নাই। তেন্তে সি সুখী হ'বৰ চেষ্টা নকৰিব কিয়?
  মনৰ আনন্দত সি বিবিধ কথা পাগুলি পাগুলি কেতিয়া ঘৰৰ আগ পালেহি কবই নোৱাৰিলে। ...মাকে গোহালিত জাগ দিয়াৰ ব্যৱস্থা কৰিছে। ছোৱালীজনী লৈ মন্দিৰা চাগৈ ওচৰৰ কাৰোবাৰ ঘৰত! আজি গৈয়ে সি আচলতে মন্দিৰাক দেখা পোৱাটো কামনা কৰিছিল। এৰা, মাকে কালি তাক ঠিকেই কৈছিল— “স্বামী হিচাপে মন্দিৰাক সুখত ৰখাৰ ব্যৱস্থা কৰাৰ দায়িত্ব তাৰ। ” অতদিনে সি কেৱল মানুহ হোৱাৰ চেষ্টাত থাকি এজন ভাল স্বামী হোৱাৰ চিন্তা মনলৈ অনাই নাছিল।
 মনোজ চোতাল পাৰ হৈ বাৰাণ্ডাত উঠিল। ইফালে সিফালে চাই সি ড্ৰয়িংৰূমত সোমাই চকী এখনত গা এৰি দিলে। দিনটোৰ উৎকণ্ঠিত ক্লান্তিয়ে তাক ভাগৰুৱা কৰি পেলাইছিল। সি ভাগৰতে মূৰটো চকীত আঁউজাই দুচকু মুদিবলৈ লওঁতেই সন্মুখৰ বেৰত থকা তাৰ দেউতাকৰ ফটোখনত চকু পৰিল। হঠাৎ তাৰ ভাব হ’ল— দেউতাকৰ সদা-প্ৰসন্ন মুখখন যেন আজি বজ্ৰকঠোৰ হৈ পৰিছে। তীৰ্যক চাৱনিৰে জীৱন্তে যেন তেওঁ তালৈ চাই আছে! কোঠাটোৰ আন আন স্থানত থকা বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ, শৰৎ সিংহ, গোপীনাথ বৰদলৈ, মহাত্মা গান্ধী আদিৰ আলোকচিত্ৰবোৰ যেন একোখন জীৱন্ত মুখ হৈ তাক কিবা ক’বলৈ প্ৰস্তুত হৈছে! তাৰ অৱচেতন মনে শুনিবলৈ পালে— সকলোৱে সমস্বৰে তাক ধিক্কাৰ দিছে। আঃ! তাৰ মনত পৰি গ'ল শৈশৱৰ পৰা কিমান নিষ্ঠাৰে দেউতাকে তাক ডাঙৰ কৰিছিল আৰু ৰাতি সদায় শুবৰ পৰত অসমৰ এই পুৰোধা ব্যক্তিসকলৰ আত্মত্যাগী জীৱন কাহিনী শুনাইছিল। প্ৰত্যেকদিনা কাহিনী শেষ হোৱাৰ পাছত দেউতাকে তাক কৈছিল— বাছা, জীৱনত তই এই মহান ব্যক্তিসকলৰ দৰে বিখ্যাত হ’ব নোৱাৰিলেও কেতিয়াও কলুষতাক প্ৰশ্ৰয় নিদিবি। নিজৰ চকুত সন্মানীয় হৈ জীয়াই থাকিব পৰাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাম। গতিকে, বাছা মোৰ, মনটো কেতিয়াও ঢিলাই নিদিবি। ভগৱানে তোক সদায় কৃপা কৰিব।
 মনোজৰ গাটো আকৌ গৰম গৰম লাগিল। মূৰটো ঘূৰাই দিয়াৰ দৰে লাগিছে। সি চকীৰ পৰা উঠি দৌৰি বাহিৰলৈ গ'ল। গোহালিৰ পৰা মাকে তালৈ চালে। তাৰ চকুৱেদি পানী নিগৰিছে। সি কুঁৱাৰ পাৰলৈ গৈ জোৰে জোৰে দুচকুত [ ৮৯ ] পানী মাৰি প্ৰকৃতিস্থ হ’বৰ যত্ন কৰিলে। মাক ওচৰ চাপি আহিল—মনু, কি হ’ল অ’ বোপাই? গা বেয়া?
 — নাই মা, নহয়। বৰ ভাগৰহে লাগিছে। মনোজে কুঁৱাৰ ভিতৰলৈ চালে। কুঁৱাৰ কম্পিত পানীত সি তাৰ প্ৰতিচ্ছবি নেদেখিলে। কিন্তু সেই সৰু সৰু ঢৌৰ মাজত টুকুৰা-টুকুৰাকৈ অলপ আগতে ড্ৰয়িংৰূমৰ বেৰত দেখা মুখকেইখন দেখা যেন পালে। পানীখিনি কঁপি কঁপি স্থিৰ হোৱালৈ সি চাই ৰ'ল। পানীলৈ চাই থাকোতে এবাৰ তাত মহীধৰ ডেকাৰ নিস্তেজ মুখখন দেখা যেন পালে। খন্তেক পাছতে মহীধৰ ডেকাৰ ঠাই অধিকাৰ কৰিলেহি তাৰ দেউতাকে। সি বেছি পৰ আৰু সেইফালে চাই থাকিব নোৱৰা হ'ল। কুঁৱাৰ ৰছীডালত খামোচ মাৰি ধৰি সি বিবিৰাই ক'লে— মই পতিত হোৱা নাই দেউতা! মই তোমাৰ দৰেই এজন মানুহ হ'ম।
  কিছুবেলি সি কুঁৱাৰ পাৰতে ৰৈ থাকি ঘৰলৈ সোমাই আহিল। অলপ পাছতে সি পানী এগিলাছ খাই ছেণ্ডেলযোৰ ভৰিত সুমুৱাই বাহিৰ ওলাল। মনোজে কথাৰ মাজতে গম পাইছিল মহীধৰ ডেকাৰ আজি ৰাতি থকাৰ অস্থায়ী ঠিকনা।