ৰক্ষা পাবলৈ বিবিধ দামী গ্ৰহৰত্নৰ আঙুঠিয়ে শোভা পাব। এনেদৰেইতো মানুহ
আজিকালি ‘ডাঙৰ মানুহ’ হয়। টকা থাকিলেহে সন্মান! নহ’লে কোনেও খেৰ-কুটা
যেনেই নেদেখে। হয়, মন্দিৰাই ঠিকেই কয় — টকাৰেই আজিকালি
প্ৰেম-ভালপোৱাও কিনিব পাৰি। যাৰ টকা নাই, তাৰ সুখ নাই। তেন্তে সি সুখী
হ'বৰ চেষ্টা নকৰিব কিয়?
মনৰ আনন্দত সি বিবিধ কথা পাগুলি পাগুলি কেতিয়া ঘৰৰ আগ পালেহি
কবই নোৱাৰিলে। ...মাকে গোহালিত জাগ দিয়াৰ ব্যৱস্থা কৰিছে। ছোৱালীজনী
লৈ মন্দিৰা চাগৈ ওচৰৰ কাৰোবাৰ ঘৰত! আজি গৈয়ে সি আচলতে মন্দিৰাক
দেখা পোৱাটো কামনা কৰিছিল। এৰা, মাকে কালি তাক ঠিকেই কৈছিল— “স্বামী
হিচাপে মন্দিৰাক সুখত ৰখাৰ ব্যৱস্থা কৰাৰ দায়িত্ব তাৰ। ” অতদিনে সি কেৱল
মানুহ হোৱাৰ চেষ্টাত থাকি এজন ভাল স্বামী হোৱাৰ চিন্তা মনলৈ অনাই নাছিল।
মনোজ চোতাল পাৰ হৈ বাৰাণ্ডাত উঠিল। ইফালে সিফালে চাই সি
ড্ৰয়িংৰূমত সোমাই চকী এখনত গা এৰি দিলে। দিনটোৰ উৎকণ্ঠিত ক্লান্তিয়ে
তাক ভাগৰুৱা কৰি পেলাইছিল। সি ভাগৰতে মূৰটো চকীত আঁউজাই দুচকু
মুদিবলৈ লওঁতেই সন্মুখৰ বেৰত থকা তাৰ দেউতাকৰ ফটোখনত চকু পৰিল।
হঠাৎ তাৰ ভাব হ’ল— দেউতাকৰ সদা-প্ৰসন্ন মুখখন যেন আজি বজ্ৰকঠোৰ হৈ
পৰিছে। তীৰ্যক চাৱনিৰে জীৱন্তে যেন তেওঁ তালৈ চাই আছে! কোঠাটোৰ আন
আন স্থানত থকা বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ, শৰৎ সিংহ, গোপীনাথ বৰদলৈ, মহাত্মা
গান্ধী আদিৰ আলোকচিত্ৰবোৰ যেন একোখন জীৱন্ত মুখ হৈ তাক কিবা ক’বলৈ
প্ৰস্তুত হৈছে! তাৰ অৱচেতন মনে শুনিবলৈ পালে— সকলোৱে সমস্বৰে তাক
ধিক্কাৰ দিছে। আঃ! তাৰ মনত পৰি গ'ল শৈশৱৰ পৰা কিমান নিষ্ঠাৰে দেউতাকে
তাক ডাঙৰ কৰিছিল আৰু ৰাতি সদায় শুবৰ পৰত অসমৰ এই পুৰোধা ব্যক্তিসকলৰ
আত্মত্যাগী জীৱন কাহিনী শুনাইছিল। প্ৰত্যেকদিনা কাহিনী শেষ হোৱাৰ পাছত
দেউতাকে তাক কৈছিল— বাছা, জীৱনত তই এই মহান ব্যক্তিসকলৰ দৰে বিখ্যাত
হ’ব নোৱাৰিলেও কেতিয়াও কলুষতাক প্ৰশ্ৰয় নিদিবি। নিজৰ চকুত সন্মানীয় হৈ
জীয়াই থাকিব পৰাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাম। গতিকে, বাছা মোৰ,
মনটো কেতিয়াও ঢিলাই নিদিবি। ভগৱানে তোক সদায় কৃপা কৰিব।
মনোজৰ গাটো আকৌ গৰম গৰম লাগিল। মূৰটো ঘূৰাই দিয়াৰ দৰে
লাগিছে। সি চকীৰ পৰা উঠি দৌৰি বাহিৰলৈ গ'ল। গোহালিৰ পৰা মাকে তালৈ
চালে। তাৰ চকুৱেদি পানী নিগৰিছে। সি কুঁৱাৰ পাৰলৈ গৈ জোৰে জোৰে দুচকুত
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৮৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮ • একুৰি এটা গল্প