পৃষ্ঠা:একুৰি এটা গল্প.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬ • একুৰি এটা গল্প
 


পোৱা প্ৰধান শিক্ষক মহীধৰ ডেকা। আজি এবছৰমান হ’ল পেন্সনৰ টকা উলিয়াব পৰা নাই। শেষত তাৰ ওচৰত পৰিছে তেওঁৰ ‘লিভ ক্লিয়াৰেন্স’ চাৰ্টিফিকেট দিয়াৰ দায়িত্ব। কেজুৱেল লিভ লোৱাৰ বাহিৰে গোটেই চাকৰি জীৱনত আন কোনো ছুটী উপভোগ নকৰা বৃদ্ধ শিক্ষকজন যোৱা সপ্তাহত তাৰ ওচৰলৈ আহিছিল। সি কামটো বুজি লৈ এসপ্তাহ সময় দি আজি আহিবলৈ কৈছিল। কথামতে অৱশ্যে মনোজে কাগজ-পত্ৰখিনি সাজু কৰিও থৈছে। মনোজৰ মূৰত টকা নামৰ পোকটোৱে এটা কামোৰ দিলে। খন্তেকপৰ ৰৈ তাৰ ফালে আশাৰে চাই ৰৈ থকা মহীধৰ ডেকাক ক'লে—
 — নাই হে, গোটেইখিনি হওঁতে সময় লাগিব। আমাৰ সময় বৰ কম। পাছত আহিব।
 — কি কয় আপুনি! বাইশ কিলোমিটাৰ দূৰৰ পৰা বাটকুৰি বাই আহিছো আজি আহিবলৈ কৈছিল বাবেহে...!
 — কৈছিলো। কিন্তু এতিয়া কৈছো, নহ'ব। দেৰি হ’ব। মনোজ টেবুলৰ ওচৰৰ পৰা আঁতৰি যাব বিচাৰিলে। মানুহজনে নিৰুপায় হৈ মনোজৰ বাট আগচি ধৰিলে— কিয় দেৰি হ’ব? নে আন কিবা লাগে?
  বুঢ়াৰ প্ৰশ্নটো শুনাৰ লগে লগে ক্ষণিকৰ বাবে মনোজৰ ভৰিৰ তলুৱাৰ পৰা মূৰলৈকে জিন্‌জিনাই গ'ল— তথাপি গাম্ভীৰ্য ৰাখি ক'লে— আহকচোন, বাহিৰলৈ...।
  বাহিৰলৈ মাতি নি সি মানুহজনক বেবেৰিবাংকৈ বুজাই দিলে যে গোটেই ডকুমেন্টসোপা যোগাৰ কৰোঁতে আৰ-তাৰ ওচৰত সি নিজৰ জেপৰ পৰা খৰচ কৰিবলগীয়া হৈছে। শেষত অফিচাৰৰ চহী আছেই। তেওঁকো চাগৈ অলপ দিব লাগিব! গতিকে...।
 মানুহজনে অসহায়ভাৱেমনোজলৈ কিছুপৰ চাই থাকি সুধিলে— কিমান দিলে হ’বগৈ?
 — এ’..... দিয়ক আৰু নিজে বুজি–বাজি কিবা এটা।
 মানুহজনে পাঞ্জাবী চোলাৰ ভিতৰ পকেটত হাত সুমুৱাই কেইখনমান নোট উলিয়াই তাৰে পাঁচশ টকা মনোজৰ হাতত দি সুধিলে— হ’বনে?
 — এ', বৰ কম হয়। তথাপি বাৰু হ'ব...। সি খৰ খোজেৰে কোঠাৰ ভিতৰলৈ আহি খৰধৰকৈ ফাইলবোৰ খুঁচৰি কাগজকেইখন সাজু কৰি ল'লে। তাৰ পাছত মানুহজনক অকণমান ৰ'বলৈ কৈ সি কাষৰ কোঠাত সোমাল। কিছুপৰৰ