পৃষ্ঠা:একুৰি এটা গল্প.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৮৩
 

দৰে হ’ল— নাই নাই। এ’ দাদাইনো কি কয় আৰু! একো নাই...। কৈ কৈ সি টাইপত মন দিলে। তাৰ মনটো কাগজখন টাইপ কৰাত জোৰকৈ বহুৱাব খুজিলে যদিও বাৰে বাৰে পিছলি পৰিছে।
  যোৱা ৰাতি তাৰ মন্দিৰাৰ লগত যথেষ্ট বাক্-বিতণ্ডা হৈ গৈছে। কাৰণ— আৰ্থিক। আৰ্থিক টনাটনিয়ে সিহঁতৰ মাজৰ কুহুমবুলীয়া প্ৰেমক জ্বলা অঙঠালৈ পৰিণত কৰি পেলাইছে। ছজনীয়া পৰিয়ালটোৰ সকলো দায়িত্ব তাৰ। বাপেক হাইস্কুলৰ শিক্ষক আছিল। গোটেই জীৱন তেওঁৰ আদৰ্শ সাবটি সৎ শিক্ষক আৰু.মানুহ হোৱাৰ চেষ্টাতে পাৰ হ’ল। অৱশ্যে জীৱিত কালত তেওঁ ‘ধনী’ মানুহ হ'ব নোৱাৰিলেও অঞ্চলটোৰ এজন ‘সন্মানীয়’ মানুহ হিচাপে জীয়াই আছিল। দুবছৰ আগতে দেউতাক ঢুকোৱাৰ ঠিক দুদিন আগতে তাক ওচৰলৈ মাতি নি সেহাই সেহাই কৈছিল— ‘মনু, মই ধন-সম্পত্তি গোটাব নোৱাৰিলো যদিও তোক মানুহ হিচাপে গঢ়ি তুলি মই আজি আত্মগৰ্ব অনুভৱ কৰিছো। ককাৰৰ দিনৰে এই ঘৰ-মাটিতেই যি আছে তাকে লৈ শান্তিত থাকিবি। অলীক আশা কৰি নিজৰ জীৱনলৈ কেতিয়াও অশান্তি চপাই নানিবি। মোৰ মৃত্যুৰ পাছতো দহা-কাজৰ নামত ৰৌজাল-বৌজাল নকৰি অলপ খৰচতে মিতিৰকেইঘৰৰ মাজতে নিয়মখিনি কৰি সামৰি থ’বি। পৰম্পৰা ৰক্ষাৰ নামত আৰু লোকচক্ষু–লজ্জাৰ খাতিৰত ভিতৰি ভিতৰি নাঙঠ হোৱাৰ কোনো দৰকাৰ নাই। সৎভাৱে থাকিবি আৰু জীৱনৰ শেষ ক্ষণলৈকে আনৰ আগত মূৰ তুলি জীয়াই থাকিবি। এইখিনি কৰিলেই মোৰ প্ৰকৃত.শ্ৰাদ্ধ সম্পন্ন কৰা হ'ব। ’ দেউতাকে তাক কোৱা কথাখিনি ডেৰবছৰ আগতে বিয়া কৰাই অনা মন্দিৰাই পৰ্দাৰ ফাকেৰে মুখ উলিয়াই শুনি আছিল। সেইদিনা শুবৰ পৰত তাই মুখ বিকটাই চেপা মাতেৰে কৈছিল— হুহ্! সৎভাৱে থাকিবি! বুঢ়াটো, যাবৰ পৰতো মন্ত্ৰ আওৰাবলৈ এৰা নাই! তেওঁৰ বাহিৰে যেন পৃথিৱীৰ সকলো চোৰ-ডকাইত! মনোজে আপত্তিৰে মন্দিৰাৰ ফালে চোৱাত তাই স্পষ্টকৈ কৈ.উঠিল— দেউতাই দিয়া এই ‘আদৰ্শবাদ’ লৈ আজিৰ যুগত তুমি একো কৰিব নোৱাৰিবা। দেউতাই কি কৰিলে? বাপেকৰ দিনৰে ঘৰটোত কোঠালি এটাও বঢ়াব পাৰিলেনে?
  হয় অৱশ্যে। মনোজৰ দেউতাকে ককাকৰ দিনৰে পাঁচ কোঠলীয়া এই আকৃতিৰ ঘৰটোৰ কোঠালি এটাও বঢ়োৱা নাই। অৱশ্যে বিশেষ প্ৰয়োজনে হোৱা নাই। মাত্ৰ তাৰ বিয়াৰ আগতে ঘৰটোৰ চাল আৰু বেৰত ৰং আৰু শাল কাঠৰ বাটাম-খুঁটাবোৰত ডাঠকৈ তেল সানিছিল। লগতে ন-বোৱাৰীয়েকৰ সুবিধাৰ বাবে