পানী মাৰি প্ৰকৃতিস্থ হ’বৰ যত্ন কৰিলে। মাক ওচৰ চাপি আহিল—মনু, কি হ’ল
অ’ বোপাই? গা বেয়া?
— নাই মা, নহয়। বৰ ভাগৰহে লাগিছে। মনোজে কুঁৱাৰ ভিতৰলৈ
চালে। কুঁৱাৰ কম্পিত পানীত সি তাৰ প্ৰতিচ্ছবি নেদেখিলে। কিন্তু সেই সৰু সৰু
ঢৌৰ মাজত টুকুৰা-টুকুৰাকৈ অলপ আগতে ড্ৰয়িংৰূমৰ বেৰত দেখা মুখকেইখন
দেখা যেন পালে। পানীখিনি কঁপি কঁপি স্থিৰ হোৱালৈ সি চাই ৰ'ল। পানীলৈ চাই
থাকোতে এবাৰ তাত মহীধৰ ডেকাৰ নিস্তেজ মুখখন দেখা যেন পালে। খন্তেক
পাছতে মহীধৰ ডেকাৰ ঠাই অধিকাৰ কৰিলেহি তাৰ দেউতাকে। সি বেছি পৰ
আৰু সেইফালে চাই থাকিব নোৱৰা হ'ল। কুঁৱাৰ ৰছীডালত খামোচ মাৰি ধৰি সি
বিবিৰাই ক'লে— মই পতিত হোৱা নাই দেউতা! মই তোমাৰ দৰেই এজন
মানুহ হ'ম।
কিছুবেলি সি কুঁৱাৰ পাৰতে ৰৈ থাকি ঘৰলৈ সোমাই আহিল। অলপ
পাছতে সি পানী এগিলাছ খাই ছেণ্ডেলযোৰ ভৰিত সুমুৱাই বাহিৰ ওলাল। মনোজে
কথাৰ মাজতে গম পাইছিল মহীধৰ ডেকাৰ আজি ৰাতি থকাৰ অস্থায়ী ঠিকনা।
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৮৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৮৯