সমললৈ যাওক

একুৰি এটা গল্প/ক্ষতিপূৰণ

ৱিকিউৎসৰ পৰা
[ ৭৫ ]

ক্ষতিপূৰণ

  কেউপিনে চিঞৰ-বাখৰ, দৌৰা-দৌৰি। ডাক্তৰ-নাৰ্ছৰ ব্যস্ততাপূৰ্ণ খট্‌ খট্‌ খোজৰ শব্দ। ষ্ট্ৰে’চ্চৰ ঠেলি দৌৰা-দৌৰি কৰি থকা ৱাৰ্ডবয়বোৰৰ ভৰিৰ আৰু ষ্ট্ৰে'চ্চৰৰ চকাৰ শব্দ, আহতসকলৰ আৰ্ত চিৎকাৰ আৰু আহক-নিহতসকলৰ পৰিয়াল-আত্মীয়ৰ কান্দোন-কাটোন, পুলিচ-মিলিটাৰীৰ হুইচেলৰ শব্দ,এম্বুলেন্সৰ ছাইৰেণ..। এক যন্ত্ৰণাময় পৰিৱেশ। ক'ত কোন আছে, কোনে কাক মাতিছে— ফটকৈ ধৰিবই নোৱাৰি। তাৰ মাজতে হাস্পতালৰ এচুকৰ বেঞ্চ এখনত কুচি-মুচি বহি আছে ৰতন। ৰতন মণ্ডল। বৰপেটাৰোডৰ পৰা ৰাজধানীলৈ আহিছিল চাকৰিৰ বাবে ‘খোচামতি’ কৰিবলৈ। যোৱা কেইবছৰমান ধৰি তাঁত-বাটি কঢ়িয়েই আছে। জনতা ভৱনত সোমাবলৈ বুলি ৰাস্তা পাৰ হৈ যাব খোজোতে ৰিক্সা এখনত খুন্দা খাই পৰি আহত হৈছে। আঁঠু আৰু হাতত দুখ পোৱাৰ উপৰি গালৰো এবখলা গৈছে। যথেষ্ট বিষ আছিল। ডাক্তৰণীগৰাকীয়ে টেবলেট এটা আৰু ইন্‌জেকশ্যন এটা দি দুই বা আঢ়ৈ ঘণ্টামান ৰ'বলৈ কৈছিল। পাছত আকৌ এবাৰ চাব হেনো। বগী, লাহী দেহৰ ডাক্তৰণীগৰাকী বৰ সাদৰী। সাক্ষাৎ লখিমী। দেহি! তাৰ দৰে কেলেহুৱা এটাকো যে ইমানখিনি পৰিচৰ্যা কৰিছে। বেছিকৈ ইন্‌জেকশ্যন, দৰব লিখি থাকোতে সি হঠাতে কৈ উঠিছিল— বাইদেউ, ইমান অকণমান দুখ পাওঁতেই ইমানবোৰ দৰব খাব লাগিবনে?
 — অকণমান দুখ? চছ্‌মাৰ ওপৰেৰে তালৈ চাই ডাক্তৰণী বাইদেৱে কলে— ‘দেখাত অকণমান, পিছে সাৱধান নহলে চেপ্টিক হৈ যাব পাৰে। দৰবখিনি ল'বই লাগিব। ’
 — কিন্তু ইমানবোৰ দৰবৰ বাবে মোৰ হাতত ইমান পইচা নাই। চাকৰি বিচাৰি ৰাজধানী-ঘৰ, ৰাজধানী-ঘৰ কৰি থাকোতেই আয়ে তাঁত বৈ পোৱা টকাকেইটা শেষেই হয়...।
 — ডাক্তৰণী গহীন হ’ল— হ’ব, দুখ পাই মোৰ ওচৰলৈ আহিছে যেতিয়া দিবলগীয়া দৰবখিনি লিখি দিয়াটো মোৰ দায়িত্ব। এইখিনি ন্যূনতম দৰব-ইন্‌জেকশ্যন আপুনি ল'বই লাগিব। দৰবখিনি আপুনি কিনিব নালাগে। মই শ্লিপ এখন দিওঁ, আপুনি গৈ ৬ নং কাউণ্টাৰত দিলেই আপোনাক দৰবখিনি দিব। যদি নিদিয়ে, মোক দেখা কৰিবহি।  — ৰতন ওলাই আহিল। ৬ নং কাউন্টাৰত দৰব দি থকা ছোৱালীজনীলৈ শ্লিপখন আগবঢ়াই দি সি সেমেনা-সেমেনি কৰি ৰ'ল। ছোৱালীজনীয়ে এবাৰ তালৈ [ ৭৬ ] চাই কিবা কিবি ভাবি ফোনটো উঠাই লৈ কাৰোবাৰ লগত কথা পাতিলে। অলপপৰ বাধ্য ছাত্ৰীৰ দৰে কথা কৈ ফোনটো থৈ প্ৰেচক্ৰিপ্‌শ্যন মতে তাক দৰবখিনি দি কেনেকৈ খাব লাগে বুজাই দিলে। কথাখিনি তাক ডাক্তৰণীয়েও কৈছিল। সেয়ে সি দৰব খাই বেঞ্চখনতে কুচি-মুচি বহি আছিল। ঘৰৰ পৰা ৰাজধানীলৈ অহা-যোৱা কৰা পইচাকেইটা আজি তাৰ এনেয়ে গ’ল। ক’ত আৰু এতিয়া সি জনতা ভৱন পাবগৈ! গ'লেও জানো মানুহজনক লগ পাব! মানুহবোৰ অফিচবোৰত মৰীচিকা। আহিবৰ পৰত মাকে গণি গণি এটা এটাকৈ জাপ খুলি তাক দিয়া ৮ খন দহটকীয়া নোটৰ ইতিমধ্যে চাৰে তিনিখন শেষ হৈছে। তাৰ হাতত এতিয়া আছে মাত্ৰ চাৰিখন দহটকীয়া আৰু এখন পাঁচটকীয়া নোট, অৰ্থাৎ পঞ্চলিশ টকা।
  তাৰ মনটো উৰি গ'ল বৰপেটাৰোডৰ তাৰ নিজ ঘৰখনলৈ। য’লৈ সি উভতি গ’লেই কিবা আশাব্যঞ্জক খবৰ কঢ়িয়াই নিব বুলি বাট চাই থাকে চাৰিহাল চকুৱে। বিধৱা মাকজনীৰ কষ্ট, গাভৰু ভনীয়েক দুজনীৰ একোখন ঘৰ হোৱাৰ আশা, সৰু ভায়েকটোক পূৰ্ণ শিক্ষিত কৰাৰ তাৰ হেঁপাহ— এই সকলোবোৰেই ৰৈ থাকে সি উভতি যোৱালৈ। তাৰ মুখৰ এটা আশাভৰা বাক্যই যেন সলনি কৰি দিব সিহঁতৰ কপালৰ লিখন। ক্ষণিকতে উজলি উঠে সিহঁতকেউটাৰে মুখবোৰ — যেতিয়া সি হাঁহিমুখে ঘৰলৈ ওভতে। কিন্তু অলপপৰ পাছতে মুখবোৰৰ উজ্জ্বলতা নোহোৱা হৈ যায় আৰু অ’ত ত’ত জুপুকা মাৰি বহি বহি সিহঁতে ভাবিবলৈ ধৰে সিহঁতৰ অন্ধকাৰ ভৱিষ্যতৰ কথা। কেতিয়াবা সি নিজকে এক অপদাৰ্থ বুলি ভাবিবলৈ লয়। হয়েইতো! বাপেক সিপুৰীলৈ যোৱাৰ সময়ত সি আছিল হাইস্কুলৰ তলৰ শ্ৰেণীত। মাকে হাঁহ-ছাগলী পোহাৰ উপৰি ঘৰতে তাঁত বৈ আৰু কেতিয়াবা লোকৰ হৈ ধান ৰুই-কাটি যি আঁজুৰি আনিছিল তাৰে তাৰ পঢ়াৰ খৰচটো ওলাইছিল আৰু কেউটাই কোনোমতে খাই-বৈ থাকিব পাৰিছিল। বাকী ল’ৰা-ছোৱালীকেইটাৰ পঢ়া-শুনাৰ প্ৰতি মাকৰো বিশেষ গুৰুত্ব নাছিল। তেওঁ ভাবিছিল—ৰতনৰ পঢ়া-শুনা হব— সি চাকৰি পাব— চাকৰি হ'লেই ছোৱালী দুজনী একোঘৰলৈ গতাব। সেয়ে ছোৱালী দুজনী হাইস্কুলৰ ডেওনাখনৰ আধালৈকে গৈ ঘৰতে থাকিল। আৰ্থিক দীনতাই সিহঁতক কুৰিতে বুঢ়ী কৰিবলৈ ধৰিছে। উপচি পৰা যৌৱন ঢাকিবলৈ যেতিয়া পৰ্যাপ্ত কাপোৰো নাথাকে, তেতিয়া বাৰু কোন যৌৱনমতীৰ মনত জীৱন সম্বন্ধে বিতৃষ্ণা নাহিব? এইসকলোবোৰৰ বাবে মাকে তেওঁলোকৰ ভাগ্য আৰু ৰতনে তাক নিজকে দোষী বুলি ভাবে। বেংকৰ ‘লোন’লৈ ব্যৱসায় কৰো বুলি মন মেলিছিল— কিন্তু দেখিলে তাতো বোকা। ‘লোন’ এপ্লাই কৰিবলৈ উপযুক্ত পৰিমাণৰ মাটিবাৰী দেখুৱাব লাগিব, মাৰ্জিন মানী’ ৰাখিব [ ৭৭ ] লাগিব, তদুপৰি ‘লোন’ দিওঁতাসকলকো দিব লগা হয় ‘পাৰ্চেন্টেজ’। সি নোৱাৰিলে। মাজতে ৰিক্সা চলাওঁ বুলি ৰিক্সা এখন লৈছিল— তিনিদিন চলাই তাৰ গাৰ বিষ আৰু জ্বৰ হ’ল। বিধৱা, দুখীয়া হলেও মাকে তাক নয়নৰ মণিৰ দৰে আলফুলে ডাঙৰ-দীঘল কৰিছিল। ৰিক্সা টনাৰ দৰে কঠোৰ কাম তাৰ দেহাই নসহে। মাক আৰু ভনীয়েক দুজনীৰ কাতৰ মিনতিত সি সেইটো বাদ দিলে। মাকে তাক চাকৰিয়ালৰ ৰূপত চাবলৈ বিচাৰে। মাকৰ অনুৰোধ মৰ্মেই সি যোৱা চাৰিটা বছৰত বহুতো ‘ইণ্টাৰভিউ’ দি জনতা ভৱনলৈ আৰু সচিবালয়লৈ মন্ত্ৰী-বিধায়ক আৰু আমোলা-বিষয়াক লগ কৰিবলৈ তাঁতবাটি কাঢ়ি আছে। তাৰ অহা-যোৱাৰ বাবে মাকে গোটাই দিয়া টকাকেইটা খৰচ কৰাৰ পৰত বাৰে বাৰে তাৰ বুকুৰ তেজ গোট মৰা যেন হয়। তথাপি সি আহি আছে— মাকৰ আশা, ভনীয়েক দুজনীৰ সপোন আৰু ভায়েকৰ উজ্জ্বল ভৱিষ্যৎ গঢ়িবলৈ সি মন্ত্ৰী-বিষয়াৰ ককৰ্থনা শুনিছে আৰু গৈছে, শুনিছে আৰু গৈছে।
  ৰতন পোন হৈ বহিল। বেলি কৰিলে ঘৰ গৈ পাওঁতে দেৰি হ'ব। তাতে বাটে-পথে কিমান যে ‘চেকিং’! উগ্ৰবাদী বিচৰাৰ নামত নিৰীহ মানুহৰ হয় হাৰাশাস্তি, ইফালে উগ্ৰবাদীয়ে কৰিবলগা কাম নিৰ্বিচাৰে কৰিয়েই থাকে। সি ডাক্তৰণীক লগ ধৰি ঘৰমুৱা হোৱাৰ কথা ভাবিলে। তেনেতে হঠাতেই হুলস্থূল লাগি পৰিল। শান্ত-নিমাওমাও হৈ থকা হাস্পতালখনত যেন দানৱৰহে কিৰিলি! কান্দোন-কাটোন, চিঞৰ-বাখৰ, দৌৰা-দৌৰি! কি হল? কি হ’ল?
  ৰতনে গম পালে— অলপ আগতে, বোধহয় সি দৰব লৈ থকাৰ সময়তে জনতা ভৱনৰ সন্মুখত বোমা ফুটিছে। এটা নহয়, একেলগে তিনিটা। বহু মানুহ মৰিছে, বহুতো আহত হৈছে। বহু ঘৰ–বাৰী জ্বলিছে। চৌদিশে মুহূৰ্ততে হাঁহাঁকাৰ। মানুহবোৰৰ হায়ে-বিয়ৈ দেখি সি আঁঠু, হাত আৰু গালত পোৱা দুখ আৰু পঞ্চল্লিশ টকাৰ হিচাপ পাহৰি গ'ল। এখোজ-দুখোজকৈ অগা-পিছা কৰি সিও মানুহবোৰৰ মাজত মিলি গ'ল। সাধ্যানুসাৰে সি ক'ব নোৱৰাকৈয়ে মানুহবোৰক সাহায্য দিবলৈ ধৰিলে। টেলিভিছনৰ সাংবাদিকৰ কেমেৰা আৰু লাইটে তাকো সাঙুৰি ল'লে।
কোনোবা এজনে তাক সুধিলে— আপুনি ক'ৰ পৰা আহিছে?
 — বৰপেটাৰোডৰ পৰা। – সি উত্তৰ দিলে।
 — ক’লৈ আৰু কি কামত আহিছিল?
 — জনতা ভৱনলৈ। চাকৰিৰ আশাত। আজি তিনি-চাৰিবছৰ ধৰি আহিয়েই আছো।
 — ক’ত দুখ পাইছে?
[ ৭৮ ]   — আঁঠুত, হাতত আৰু এয়া গালত।
  — নাম কি আপোনাৰ?
  — ৰতন মণ্ডল।
  এখেতৰ নামটো লিখক। ৰতন মণ্ডল। মজলীয়া আঘাত। আঁঠু, হাত আৰু মুখত। আপোনাৰ হৈছে নহয়? যাওক, দৌৰা-দৌৰি নকৰিব। বহি থাকক। আমি আছো নহয়! আপুনি বহকগৈ...।
  কি হ'ল? একো নভবাকৈ, একো ক’বই নোৱৰাকৈ কি হ’ল? ৰতন দুৰ্বল মানুহ এজনৰ দৰে আহি বেঞ্চখনত বহি পৰিল। সেই যে বহি পৰিল, বহিয়েই থাকিল। বেলি লহিয়াই আন্ধাৰ হ’ল। এটা এটাকৈ গোটেই হাস্পতালৰ লাইটবোৰ জ্বলি উঠিল। মানুহৰ লৰা-ঢপৰা কমিছে, ভিৰো কমিছে, তথাপি যেন এটা চেপা উত্তেজনা! ৰতনে বেঞ্চতে বহি থাকি ভাবি গল— পুৱাৰ পৰা কি কি হল— ঘৰৰ পৰা আহিল জনতা ভৱনৰ সন্মুখত ৰিক্সাত খুন্দা খাই আহত হ'ল— তাৰ পাছত চিকিৎসাৰ বাবে চৰকাৰী হাস্পতাললৈ আহিল—ৰিক্সাৱালাটোৱেই থৈ গৈছিল। ফ্ৰী চেক আপ, ফ্ৰী দৰব। তাৰ পাছতে বোমা ফুটি দুৰ্ঘটনাগ্ৰস্ত বহু লোকৰ হাস্পতাললৈ আগমন আৰু তাৰ মাজতে তাৰ নামটো লিষ্টে হৈ গ'ল— জনতা ভৱনৰ সন্মুখত বোমা বিস্ফোৰণত আহতসকলৰ মাজৰ এজন হিচাপে। বোমা বিস্ফোৰণত ক্ষতিগ্ৰস্ত লোক সি— সকলোৱে ধৰি ল'লে। কিন্তু সি মিছা মাতিলে কিয়? নাই, ক’ত মিছা মাতিছে? সি মিছা কোৱা নাই! যি সুধিছিল তাৰ যথাযথ উত্তৰ দিছে মাত্ৰ। তাকতো কোনেও বোমা বিস্ফোৰণত আহত হৈছে নেকি বুলি সোধা নাই!
  — শুনিছো বিস্ফোৰণত আহত আৰু নিহতসকলক চৰকাৰী সাহায্য দিব। সোনকালেই দিব। এজনে সি বহি থকা বেঞ্চখনৰ মূৰত বহি লৈ ক'লে। ওচৰতে ৰৈ থকা এজনে সামান্য উত্তেজিত সুৰত উত্তৰ দিলে— দিবতো! দিবই লাগিব। নহ'লে কি চৰকাৰ থাকিব? চৰকাৰৰ হেমাহিৰ বাবেই এই ঘটনা ঘটিবলৈ পালে। চাওকচোন কিমান নিৰীহ মানুহৰ বিপৰ্যয় হ’ল! এই এখেতলৈকে চাওক— ৰতনলৈ আঙুলিয়াই মানুহজনে ক'লে— বেকাৰ ল’ৰা। চাকৰিৰ আশাত জনতা ভৱনলৈ ঢাপলিয়াই আহিছিল। এতিয়া এই অৱস্থাত ইয়াতে অলপ কোমল মাত উলিয়াই তাৰ ফালে দৃষ্টি থৈ সুধিলে— অলপ আৰাম পাইছেনে?
  — অঁ পাইছো। ৰতনৰ মাতটো ডিঙিৰে কোনোমতে সৰকি ওলাল।
তাৰ গাটো গৰম গৰম লাগিছে। মানুহ দুজন আকৌ কথা পতাত লাগিল। ৰতনে মন দিলে সিহঁতে কোৱা কথাৰ সাৰমৰ্ম হ’ল— ‘বোমা বিস্ফোৰণত নিহত [ ৭৯ ] সংখ্যা বৰ্তমানলৈ এঘাৰজন। আহতৰ প্ৰকৃত সংখ্যা ওলোৱা নাই। নিহতসকলৰ প্ৰত্যেকৰে পৰিয়ালে ক্ষতিপূৰণ হিচাপে পাব মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দুই লাখকৈ টকা। আৰু...। কথা কৈ থকা মানুহজনক কোনোবা এজনে মতাত কথা আধাতে এৰি তেওঁ আঁতৰি গ'ল। বেঞ্চত বহি থকা মানুহজনে ভাবুক মানুহৰ দৰে দুই উৰুৰ মাজত হাত দুখন সুমুৱাই চেপি ধৰি আঁঠু দুটা নচুৱাই তললৈ চাই বহি থাকিল। ৰতনৰ অশান্তি লাগিল। নিহত, অৰ্থাৎ যিবোৰ মৰিল সিবোৰৰ পৰিয়ালে দুই লাখকৈ টকা পায়; তেন্তে আহতসকলেও নিশ্চয় কিবা পাব! কি বা পায়? কাক সুধিব? তাৰ মূৰত এটা নতুন অথচ উদ্ভট চিন্তাই পাক-ঘূৰণি খাবলৈ ধৰিলে। কিছুপৰ অন্তৰ্দ্বন্দ্বত ভুগি থাকি সি মনে মনে যেন এটা সিদ্ধান্ত লৈ পেলালে। সি কাষত বহি থকা মানুহজনক সুধিলে— হেৰি, কেই বাজিছে?
  — সাত বাজিছে।
  — হেৰি নহয়! দুখ পোৱা মানুহবোৰক বাৰু একো চৰকাৰী সাহায্য নিদিয়ে নেকি?
  —কিয় নিদিব? দিব। দিবই লাগিব। ঔষধ, চিকিৎসা সকলো ফ্ৰী— লগতে পঞ্চাশ হাজাৰ টকা।
  ৰতনৰ মুখখন মেল খাইগ’ল। কোনোমতে ক'লে—প-পঞ্চাশ হাজাৰ টকা!
  — অঁ, পঞ্চাশ হাজাৰ। আপোনাৰ দৰব-পাতিততো পইচা লোৱা নাই! কবতো নোৱাৰি, এইমখা, এই ডাক্তৰ-নাৰ্ছসোপাও হ’বলা কম বদমাছ...! ৰতন ব্যস্ত হৈ উঠিল— নাই নাই নাই। এক পইচাও লোৱা নাই, সকলো ফ্ৰী। আৰু মোক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে চাই থাকিম বুলিও কৈছে।
  — অঁ, বাৰু। মানুহজনে শলাগিলে আৰু তাৰ পাছত নিমাতে ৰ’ল। আগতে কথা কৈ থাকি মাজতে কাৰোবাৰ আহ্বানত আঁতৰি যোৱা মানুহজন আকৌ ঘূৰি আহিল— দিব বুজিছে, কাইলৈৰ ভিতৰতে পইচা দিব। মুখ্যমন্ত্ৰীয়ে নিজেই দিবহি। অলপ আগতে আহত-নিহতসকলৰ এখন তালিকা খুজি পঠিয়াইছে। হাস্পতালত এন্ট্ৰি থকাসকলৰ নাম যাব...।
  ৰতনৰ মনৰ ভিতৰখন ৰিংৰিঙাই গ'ল— আঃ! তাৰ নামটো গলনে নাই জানো! তাৰ নামটো সাংবাদিকেহে সুধিছিল! হাস্পতালত তাৰ নামটো এন্ট্ৰি কৰোতে বোমাটো ফুটাই নাছিল। তেনেস্থলত? কোনে নাম এন্ট্ৰি কৰিছে, কত কৰিছে সি একোৱেই নাজানে। কাক সুধিব? ওচৰত থকা মানুহ দুজনৰ লগত বেছি কথা পাতিবৰ তাৰ সাহস হোৱা নাই। মানুহ দুজন চাগৈ কোনোবা সংগঠনৰ [ ৮০ ] ‘লীডাৰ। ’ তাতে সি সৰু কালৰে পৰা এটা কথা জানি আহিছে আৰু পৰাপক্ষত মানিও আহিছে যে নিজক বচাই ৰাখিবৰ একমাত্ৰ সহজ উপায় হল— নিজৰ মুখ বন্ধ কৰি ৰখা। অপ্ৰয়োজনত ফটা মুখখন মেল খুওৱাটো নিৰ্বুদ্ধিতাহে হ'ব। ধাইজাতীয় বাই এজনীয়ে ৰতনক ৰঙা চাহ একাপ আৰু মেৰি বিস্কুট দুখনমান আগবঢ়াই দিলে। খোৱাবস্তুৰ ট্ৰে’খন দেখি তাৰ পেটৰ জুইকুৰা ভমককৈ জ্বলি উঠিল। সি ক'লে— বিস্কুট আৰু কেইখনমান দিবনে? বৰ ভোক...।
  — অঁ অঁ লাওক। আপোনাক যিমান লাগে সিমান লওক। সেই তেতিয়াৰে পৰা চাগৈ একো খোৱা নাই দেহি! মানুহগৰাকীৰ সহানুভূতি পাই ট্ৰে’ৰ পৰা ভালেকেইখন বিস্কুট উঠাই আনি ৰঙা চাহকাপৰ স’তে সি খাই ল'লে। অলপ পাছতে তাৰ তন্দ্ৰাৰ ভাব আহিল। হাস্পতালৰ কোনোবা এজনে এখন ৰঙা কম্বল আনি তাক দি ক'লে— বেঞ্চখন এৰি উঠি নাযাব। ক’তে অকণো ঠাই নাই। ৰাতিটো ইয়াতে পৰি থাকক। পুৱালৈ কি হয়?...।
  এৰা, পুৱালৈ বা কি হয়! যি হয় ৰাতিটোৰ ভিতৰতে হ’ব লাগিব। ৰঙা কম্বলখনেৰে গা-মূৰ ঢাকি সি বেঞ্চখনতে হাত-ভৰি কোঁচাই বহি থাকিল। ৰাতি ভালেখিনি হোৱা বাবে মানুহবোৰ আঁতৰিল। যি য’ত অলপ আছিল— সিবিলাকেও সুবিধাজনক ঠাই বিচাৰি মোটোকা মাৰি নিদ্ৰাৰ কোলাত। চকুলৈ তাৰহে নিদ্ৰাৰ ভাব সম্পূৰ্ণকৈ অহা নাই। ৰঙা কম্বলৰ বেষ্টনীৰ মাজেৰে সি এবাৰ দেখা পালে অথনি তাৰ চিকিৎসা কৰা ডাক্তৰণীগৰাকীয়ে ষ্টেট’স্কপডাল পকেটত সুমুৱাই খট্‌ খট্‌কৈ বাৰাণ্ডাৰ এমূৰলৈ গৈ আছে। তাৰ গাৰ পৰা চাহ আৰু ৰঙা কম্বলৰ উম লগা আমেজ নোহোৱা হ'ল। সি মূৰ তুলি পোন হৈ বহিল।
  ৰাতিৰ ইমাৰ্জেন্সী ডিউটীত ড° নীহাৰিকাই এপাক মাৰি নিজৰ ৰেষ্ট ৰূমত সোমাল। গাৰ পৰা বগা কোটটো খুলি হেঙাৰ এডালত ওলোমাই থৈ চকীখন হেলনীয়া কৰি লৈ বহি পৰিল। দিনটোৰ অসম্ভৱ ব্যস্ততাই ভাগৰুৱা কৰা চকু দুটালৈ তন্দ্ৰা নমাই আনিব খুজিলেও পৰিস্থিতিৰ গুৰুত্বলৈ চাই তেওঁ সচেষ্ট হৈ বহি থাকিব খুজিলে, এখন আলোচনী টেবুলৰ পৰা আনি হাতত মেলি ল'লে।
 টক্ টক্‌কৈ দুৱাৰত টোকৰ মৰা শুনি ড° নীহাৰিকাই দৰ্জাৰ ফালে চালে। বাহিৰত কোনোবা এজন আছে— কোন?
  — বাইদেউ, সোমাব পাৰোনে?
 ডাক্তৰণী ওলাই আহিল। পৰ্দা দাঙি বাহিৰলৈ চালে আৰে! আপুনি যোৱাই নাই! কিয়? গা বেছি বেয়া হ'ল নেকি? আহকচোন, সোমাই আহক। ড° [ ৮১ ] নীহাৰিকাই ৰতনক বৰ ব্যস্ততাৰে ভিতৰলৈ মাতি আনি এখন চকীত বহিবলৈ দিলে⸺কওকচোন...।
  — বাইদেউ, মানে মোৰ এটা কথা আছিল।
  — কি কথা?
  — মানে বাইদেউ, মোৰ নামটো আহতসকলৰ ‘লীষ্টত সোমালনে নাই এবাৰ চাই দিব লাগিছিল।
  — আহতসকলৰ ‘লীষ্ট’ত! ডাক্তৰণীৰ মাতটো ডাঙৰ হৈ মুখখন মেল খাই গ'ল। আপুনিতো লীষ্টত নাম পঠিয়াবলগীয়া পেচেণ্ট নহয়!
  — জানো বাইদেউ, কিন্তু কোৱা শুনিছো, বোমা বিস্ফোৰণত আহতসকলক হেনো কাইলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পঞ্চাশ হাজাৰকৈ টকা দিব। মোৰ নামটোও যদি...।
  ডাক্তৰ নীহাৰিকাৰ খং উঠিল। ইমান সময় পৰম নিষ্ঠাৰে সেৱা আগবঢ়াই অহা মানুহজনৰ প্ৰতি ক্ৰোধত ফাটি পৰিবলৈ লৈও তেওঁ যথাসম্ভৱ সংযত হৈ ক'লে—নহ’ব। মিছা কথাৰে মই আপোনাৰ নাম লীষ্টত ভৰাব নোৱাৰিম। আপুনি যাওক, মোৰ বৰ ভাগৰ লাগিছে।
 খপ্‌কৈ ৰতনে ডাক্তৰণীৰ ভৰিৰ ওচৰত বহি পৰি ক'লে — বাইদেউ, মোৰ নামটো আহতসকলৰ ‘লীষ্ট’ত গলে পঞ্চাশ হাজাৰ টকা যদি পাওঁ, মোৰ পৰিয়ালটোৰ প্ৰতি বৰ সহায় কৰা হয়। যোৱা চাৰি বছৰ ধৰি চাকৰিৰ আশাত ইণ্টাৰভিউ দিয়াৰে পৰা যিমানবাৰ জনতা ভৱনলৈ আহিলো আৰু ডাঙৰ ডাঙৰ অফিচাৰক লগ কৰাৰ বাবে পিয়ন-কেৰাণীৰ হাতত গুঁজি গুঁজি টকা দিলো— হিচাপ কৰিলে চাগৈ গোটেইবোৰ মিলি পঞ্চাশ হাজাৰৰ বেছি হ'ব! বাইদেউ, আপুনিয়েই মোক চিনিছে, বাকী সকলোৱেই মোক বোমা বিস্ফোৰণত আহত বুলিয়েই ধৰি লৈছে। সাংবাদিকে মোৰ ফটো আৰু নাম লৈ গৈছে। কেৱল হাস্পতালৰ লীষ্টত মোৰ নামটো ভৰাই মোক এইকণ দয়া কৰক। পঞ্চাশ হাজাৰ টকা আমাৰ আমোলা-বিষয়াসকলে এবছৰত ৰাজহুৱা ধনৰ পৰাই কেইবাবাৰো আত্মসাৎ কৰি ধনী হয়। সেইসকলৰ বাবে পঞ্চাশ হাজাৰ টকা একো নহ'লেও আমাৰ দৰে মানুহৰ বাবে আকাশ-কুসুম। বাইদেউ, মোক কিবা এটা উপায় কৰি দিয়ক....।
 সেই সময়ত ভৰিৰ ওচৰত বহি অনৰ্গল কথা কৈ যোৱা ৰতন নামৰ ত্ৰিশ-পইত্ৰিশ বছৰীয়া ল'ৰাটোৰ মুখলৈ চাই চাই নীহাৰিকা থৰ লাগিছিল। তেওঁৰ মুখত তেতিয়া ছাঁ-পোহৰে খেলা কৰি আছিল।