একুৰি এটা গল্প/মহীৰূহ
মহীৰূহ
খবৰটো বিয়পি পৰিবলৈ বেছি সময় নালাগিল। সকলোৰে মনত এক চেপা কৌতূহল। সকলোৱে ঘটনা সম্পৰ্কে নিজ নিজ অভিমত ব্যক্ত কৰি ঘটনাৰ সম্ভাব্য কাৰণ সম্পৰ্কে বিভিন্ন আলোচনা কৰিবলৈ ধৰিলে। কৌতুহলপূৰ্ণ আলোচনা যিমানেই চলিছে, সকলোৱে কিন্তু মানুহজনৰ প্ৰতি ইস্ ইস্-আস্ আস্ কৰি ইয়াৰ বাবে উদ্ধৰ্তন মহলেই যে দায়ী সেয়া নিশ্চিত কৰিছে। অৱশ্যে অতি বেছি অনুসন্ধিৎসু দুই-এজনে মানুহজনৰ নিজৰো কিছু দুৰ্বলতা থাকিব পাৰে বুলি অভিমত ব্যক্ত কৰিব ধৰিলেই ওচৰতে থকাজনৰ প্ৰবল আপত্তি আৰু ধমকনিত তেওঁৰো মুখৰ মাত বন্ধ হৈছে। অঞ্চলটোৰ প্ৰত্যেকৰে প্ৰগাঢ় বিশ্বাস আৰু শ্ৰদ্ধাৰ পাত্ৰ মানুহজনৰ প্ৰতি কোনেও অসন্মানজনক একো ক'ব নিবিচাৰে। এয়াই সমাজৰ মূল্যবোধ। এই মূল্যবোধ যিমান দিনলৈ থাকিব প্ৰদীপ শালৈৰ দৰে মানুহ সমাজত বৰ্তি থাকিব। কিন্তু বৰ্তমান সকলোৰে মনত প্ৰশ্ন —তেওঁ এই সিদ্ধান্ত, তাকো তেওঁৰ অৱসৰৰ আগমুহূৰ্তত কিয় ল’লে?
প্ৰদীপ শালৈ। অঞ্চলটোৰ অতি জনপ্ৰিয় আৰু সন্মানীয় ব্যক্তি। এখন
নিজে আৰম্ভ কৰা হাইস্কুলৰ শিক্ষক। কোনোবা এখন নৈপৰীয়া ঠাইৰ মানুহজনে
গৰাখহনীয়াৰ অত্যাচাৰত উঠি আহি এই অঞ্চলটোত থিতাপি লৈছিল। সেই
সময়ত অঞ্চলটোত স্কুল-কলেজ আদি নাছিল। শিক্ষিত মানুহজনে আগ্ৰহী
ল'ৰা-ছোৱালী কিছুমানক দৈনন্দিন পঢ়ুৱাবলৈ লয়। বিনা পাৰিশ্ৰমিকেৰে শিক্ষাদান
কৰি অঞ্চলটোৰ উন্নতিৰ হকে কাম কৰাৰ কথা অঞ্চলটোৰ নেতৃস্থানীয় লোকৰ
কাণতো পৰিলগৈ। ঠাইখনত প্ৰাথমিক বিদ্যালয়ৰ বাহিৰে আন স্কুল নাছিলেই,
সেয়ে শালৈৰ উদ্যমত ৰাইজৰ সহযোগত আৰু নেতাসকলৰ কৃপাৰ সমিলমিল
প্ৰচেষ্টাত পাছৰ বছৰতে এখন স্কুল ঘৰ নিৰ্মাণ কৰা হ'ল। প্ৰথমে ২৫ জন ছাত্ৰ-ছাত্ৰী।
আৰু শিক্ষক শালৈৰে আৰম্ভ কৰা স্কুলখনৰ পাছৰ বছৰত চাৰিজন শিক্ষক আৰু
ছাত্ৰৰো সংখ্যাধিক্য ঘটিল। এয়া আজিৰ পৰা প্ৰায় ৪০ বছৰৰ আগৰ কথা। প্ৰথমতে
এজন আৰু পাছলৈ চাৰিজন শিক্ষকে বিনামূলীয়াকৈ শিক্ষাদান দি থকা স্কুলখনৰ
সফল উন্নতিৰ ক্ৰমাগত ধাৰাৰ প্ৰতি লক্ষ্য কৰি চৰকাৰী কৃপাত স্কুলখনে ৰাজকীয়
স্বীকৃতি পালে। চৰকাৰী স্বীকৃতি পোৱাৰ পাছত ৰাইজৰ বহুতো অনুৰোধ উপেক্ষা
কৰি চৰকাৰে অইন এজন লোকক হেডমাষ্টৰ নিয়োগ কৰিলে। ৰাইজৰ অসন্তুষ্টি [ ১৯ ] হ’ল— বুজিলে— ই ৰাজনীতিৰ মেৰপেচৰ ফল। শালৈক কিন্তু অসন্তুষ্ট হোৱা
দেখা নগ'ল। বৰং অধিক আনন্দৰে নতুন হেডমাষ্টৰক তেওঁ স্বাগতম জনালে।
শিক্ষকতা বৃত্তিক শ্ৰদ্ধা সহকাৰে লৈ আজীৱন শিক্ষাৰ বাটত পোহৰ বিলাই যাবলৈ
তেওঁ সংকল্পবদ্ধ হ’ল।
অত্যন্ত সৎ আৰু নিষ্ঠাৱান বুলি অঞ্চলটোৰ ৰাইজে শালৈক আগৰে
পৰা জানিছিল। গতিকে প্ৰায়খিনি মানুহেই নিজৰ ল'ৰা-ছোৱালীক শালৈৰ হাতত
‘মানুহ কৰা’ৰ দায়িত্ব দি নিশ্চিন্ত হল। স্কুলৰ চাৰিবেৰৰ বাহিৰেও বাটে বজাৰে,
সভাই-সমিতিয়ে সকলোতে শালৈৰ শিক্ষক সত্তাই ক্ৰিয়া কৰি থকাৰ ফলত কোনো
ছাত্ৰই তেওঁৰ চকুত ফাকি দি দুষ্ট কাৰ্য কৰি সাৰি যাব নোৱাৰে। অভিভাৱকসকলৰ
লগতে অঞ্চলটোৰ আন আন মানুহ, আনকি ছাত্ৰ সমাজৰো তেওঁ প্ৰিয় পাত্ৰ আৰু
শ্ৰদ্ধেয় হৈ পৰিল। কাকো কোনোদিনে কঠিন মাতেৰে কথা নোকোৱা, অতি দুষ্ট
প্ৰকৃতিজনৰ লগতো শান্তব্যৱহাৰ, নম্ৰতা, ধীৰ-স্থিৰ গতি তেওঁৰ স্বভাৱৰ বৈশিষ্ট্য।
সময়ৰ পৰিৱৰ্তন হ'ল। ঠাইখনত বহুতো নতুন মানুহৰ সমাগম হ’ল।
যোৱা ৪০টা বছৰে বেলেগ বেলেগ স্কুল, অফিচ আদি গঢ়ি উঠি ঠাইখন কিছু
পৰিমাণে নগৰকেন্দ্ৰিক হৈ পৰিল। শালৈৰ লগৰকেইজনে সময়ৰ কুটিলতা
চিনি-জানি লৈ কোনো ৰাজনৈতিক নেতাৰ দ্বাৰস্থ হৈ হয় পদোন্নতি লভিলে,
নহয় অন্য আৰু বেছি সুবিধাজনক ঠাইলৈ বদলি হৈ গ'ল। তেওঁলোকৰ ঠাইত
নতুন শিক্ষক আহিল। শৈক্ষিক বাতাবৰণ সলনি হ'ল। সমাজৰ সৰ্বত্ৰ বিয়পি পৰা
ৰাজনীতি শিক্ষাৰ মাজতো সোমাই গ'ল। ফলত সকলোবোৰ জটিল হৈ পৰিল।
আগৰ সহজ অংকৰ বৰ্তমানৰ জটিল পদ্ধতি গ্ৰহণ নকৰাকৈ শালৈ একেদৰেই
থাকি গ'ল। একেই পৰিপাটী, একেই সময়ানুৱৰ্তিতা, একেই প্ৰজ্ঞাৰ পোহৰ।
দুৰ্নীতিৰ স'তে কোনোদিনে আপোচ নকৰা এই মানুহজনক কৰ্মক্ষেত্ৰত কোনোবাই
পেটে পেটে বেয়া পালেও সন্মুখত কিন্তু তেওঁৰ ব্যক্তিত্বৰ বাবেই একো ক'ব
নোৱাৰে।
ক'ব পাৰে একমাত্ৰ পৰিবাৰ দীক্ষাই। প্ৰদীপ শালৈৰ সময়ানুবৰ্তিতা,
সততাক বাস্তৱৰ কঠোৰতাৰ মুখামুখি হোৱা দীক্ষাই কটাক্ষপাত কৰিব পাৰে।
কৰেও। স্কুললৈ যোৱাৰ নিৰ্ধাৰিত সময়ৰ এক মিনিটো লৰচৰ নকৰা শালৈৰ
কেতিয়াবা ভাত নোহোৱাৰ বাবেই নোখোৱাকৈ ওলাই যাব ধৰিলে সংসাৰৰ বোজা
টানি টানি কাহিল হোৱা দীক্ষাই কয়—'এদিন ১০ মিনিট দেৰিকৈ স্কুললৈ গ'লে
'মহাভাৰত' অশুদ্ধ হৈ নাযায়। '
[ ২০ ] — মহাভাৰত অশুদ্ধ নহয়। কিন্তু মনটো, মোৰ মনটো অশুদ্ধ হয়।
ভাত আহি খাম। বাঢ়ি থ’বা। শালৈৰ গভীৰ মমতাভৰা গম্ভীৰ মাতত দীক্ষাৰ মুখ
জাপ খাই যায়। প্ৰদীপ শালৈয়ে পৰিবাৰৰ খিংখিঙীয়া মাতৰো কাহানিও প্ৰতিবাদ
নকৰে। অৱশ্যে তেওঁৰ মনটোৱে তেওঁৰ কৰ্মপন্থা চিনি নোপোৱা বাবে বেজাৰ
পায়। কোনোদিনে শালৈয়ে এই দুখো ব্যক্ত কৰা নাই। নকৰে।
দুটা ল'ৰা-ছোৱালীৰে ভৰা তেওঁৰ সংসাৰখনত বহুতো বৈষয়িক অভাৱে
দীক্ষাৰ লগতে ল'ৰা-ছোৱালী দুটিৰো মনত আত্মসন্তুষ্টিৰ অভাৱ ঘটাইছে। এই
অভাৱবোধ অলপ বেছিকৈ পৰিস্ফুট হোৱা যেন দেখিলে শালৈয়ে গহীন মাতেৰে
কয়— যাৰ যিখিনি আছে, সেইখিনিৰে সন্তুষ্ট হ’ব লাগে। লাগেতো বহুত। পিছে।
আমাৰ সীমিত উপাৰ্জনেৰে যিখিনি পূৰাব পাৰো, সেইখিনিহে পাৰিম। আঁঠুৱা
চাই ঠেং নেমেলিলে দেখোন মহে-ডাঁহে খাই গুৰুলা-গুৰুল কৰিব’– পিছৰ
কথাখিনি কওঁতে তেওঁৰ ওঁঠৰ কোণত এটা সৰু হাঁহি ফুটি উঠে। দীক্ষাই বেয়া
পায়। কেৰল নিয়ম, আদৰ্শ— এইবোৰেৰে জানো আজিৰ দিনত চলিব পাৰি?
শালৈয়ে অন্ততঃ ‘টিউশ্যন’ কৰক। দুটামান পইচা উপৰুৱাকৈ পাব। নাই, তাতো
তেওঁৰ আপত্তি। চৰকাৰে যিখিনি দৰমহা দিছে পৰাহ'লে হেনো সেইখিনিও তেওঁ
নল’লেহেঁতেন। পেটৰ ভোক নিবাৰণৰ অন্য উপায় নাই বাবেই....। তেনেস্থলত
'টিউশ্যন’কৰি বিদ্যা বিক্ৰী? নহয়। প্ৰদীপ শালৈ সেই ধাতুৰে গঢ়া নহয়। ‘টিউশ্যন’
অৱশ্যে তেওঁ কৰে— বাটে-ঘাটে, দোকানে-বজাৰে ফুৰিবলৈ গ'লে কাৰোবাৰ
ঘৰত, কিন্তু সেইবোৰ আজিৰ দিনৰ 'ৰুটিনমাফিক টিউশ্যন' নহয়।
সকলোৰে মনত বৰ্তমান এটাই প্ৰশ্ন — প্ৰদীপ শালৈয়ে এনে কাম কৰিলে।
কিয়? স্কুলৰ কমন ৰূমতো আলোচিত হৈছে এটাই প্ৰশ্ন। হেডমাষ্টৰৰ পৰা
চকীদাৰলৈ সকলোৱে সমীহ কৰে এই সৎ আদৰ্শৱান মানুহজনক। নতুন চামৰ
কেইজনমানে পেটে পেটে বেয়া পালেও সন্মুখত ছাৰ, দাদা ইত্যাদি সম্বোধনেৰে
মোলায়েম হৈ বাট এৰি দিয়ে। কোনেও একো উৱাদিহ পোৱা নাই। স্কুললৈ
প্ৰত্যেকদিনাই নিৰ্দিষ্ট সময়ত আহি উপস্থিত হোৱা প্ৰদীপ শালৈৰ সময়ানুবৰ্তিতা
শলাগি যেতিয়া স্কুলৰ হেডমাষ্টৰে নিৰ্ধাৰিত সময়তকৈ দেৰিকৈ অহাৰ বাবে ভৎৰ্সনা
কৰে, তেতিয়া তেওঁলোকে শালৈক বেয়া পায় — ‘বুঢ়াটোৰ অইন কাম নাথাকে
নেকি? কি দৰকাৰত ৰ’দে-বৰষুণে আহি দহ বজাতে স্কুল সোমাব লাগে?' অন্য
এজনে কয়— ‘বঁটা বুজিছে!' কিছুমানে টকা ঘটাৰ কৌশল নাজানিলে অইন
উপায়েৰে ধন-যশ বঢ়াবৰ মন কৰে। সেয়ে বঁটা পাবৰ বাবেই আজীৱন এই [ ২১ ] নাকনি-কাননি। দেখা নাই, যোৱা বছৰ কৃতী শিক্ষকৰ বঁটা পাওঁতে তেওঁৰ উজলা
দাঁতকেইটা কেনেদৰে ডাং খাইছিল’– সন্মুখত কোনেও একো নকয়। এইবোৰ
পাছত কোৱা কথা। পৰনিন্দা। যোৱা বছৰ শিক্ষক দিৱসৰ দিনা অঞ্চলটোৰ ৰাইজৰ
প্ৰবল দাবীত তেওঁক চৰকাৰে কৃতী শিক্ষকৰ বঁটা দিছিল। সেইবাৰ ৰাইজৰ অকুণ্ঠ
ভালপোৱাত শালৈ ক্ষুগ্ন হৈছিল। বঁটা গ্ৰহণৰ দিনা সন্ধিয়া বজাৰলৈ যাওঁতে বজাৰৰ
এচুকত লগ পোৱা স্থানীয় মুখিয়াল ধৰণৰ লোককেইজনৰ আগত আক্ষেপ কৰি
তেওঁ কৈছিল— “মোক আপোনালোকে হিংসাহে কৰিছে। বটা এটা যে মোক
দিয়ালে কিয়? ভাল শিক্ষক বাবে? এই বঁটা আৰু ভাল শিক্ষকৰ প্ৰমাণ-পত্ৰ পোৱাৰ
পাছত মোৰ আৰু ভাল হৈ থকাৰ কি সকাম? কাৰণ, দুষ্কাৰ্য কৰিলেও মোকতো
আপোনালোকে শ্ৰেষ্ঠত্বৰ স্বীকৃতি দিলেই। নহয় জানো? মোৰ বোধেৰে কৃতী
শিক্ষকৰ বঁটাৰে এজন শিক্ষক আনুষ্ঠানিকভাৱে অপমান কৰাহে হয়। শিক্ষকতা
এনে এক নিঃস্বাৰ্থ সেৱা, যাক কোনো বঁটাৰে জুখিব নোৱাৰি। মই স্কুলত শিক্ষকতা
নকৰি আনুষ্ঠানিকভাৱে শিক্ষকতা কৰা হ'লে জানো এই বঁটা মোৰ প্ৰাপ্য
হ’লহেঁতেন! মই মোৰ অৱসৰ গ্ৰহণ পাছতো এজন শিক্ষক হৈ থাকিম আৰু
শিক্ষাদান কৰি যাম। মৰাৰ সময়লৈ। তেনেস্থলত জীৱনৰ এই আধাডোখৰতে।
মোক শ্ৰেষ্ঠত্বৰ বটা দি মোৰ জীৱনৰ বাকী কালছোৱালৈ সন্দেহৰ অৱকাশ ৰখা
নাইনে?
এনে লেথাৰিয়ে কথাখিনি কৈ এক মিনিটমান সময় তেওঁলোকৰ মুখলৈ চাই থাকি শালৈ ফো-ফেঁৱাই আঁতৰি গৈছিল। মানুহকেইজনে গভীৰ প্ৰত্যয়েৰে শালৈৰ কথা শুনি থাকি তেওঁৰ মৰ্মস্থলৰ অনুভৱক উপলব্ধি কৰি মৌন হৈ গৈছিল। সেই মানুহজনে হঠাতে কালি এইটো কি সিদ্ধান্ত ল’লে?— চাগৈ পৰীক্ষা হলত কিবা হ'ল! কমনৰূমৰ আলোচনাত নৱনিযুক্ত এজনে ক'লে। অন্য এজনে মাত দিলে—নাই হোৱা। কিবা হোৱা হ'লে আমি জানিলোহেঁতেন। যোৱা কেইবছৰৰ হাংগামা কোনে নাজানে? এইবাৰতো তেওঁ ‘ডিউটী’ দিয়া ৰূমত আমি চবেই চকু ৰাখিছিলো আৰু অপেক্ষাও কৰিছিলো, কিবা হুলস্থূল হোৱালৈ। নহ’লতো। একেবাৰে চুপ চাপ্ পৰীক্ষা শেষ হৈছিল।
বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি আছে। প্ৰদীপ শালৈয়ে কালি
‘ডিউটী’ দি আহিছে। সৎ আৰু নৈষ্ঠিক শালৈয়ে যোৱা দুটা বছৰৰ আগৰ চাৰিটামান
পৰীক্ষাত য’তে ‘ডিউটী’ দিছে তাতেই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ,
পৰীক্ষাগৃহত ছাত্ৰৰ অসৎ উদ্দেশ্য সফল হ’বলৈ নিদিয়াৰ ক্ষোভ। পৰীক্ষাগৃহত [ ২২ ] নকল কৰা বা কথা-বতৰা পতাটো শালৈয়ে মুঠেও সহ কৰিব নোৱাৰে। লগত
থকা নিৰীক্ষকল এইক্ষেত্ৰত উদাসীন। তেওঁলোকৰ মতে, হুলস্থূল নকৰাকৈ
‘কিবাকিবি’ কৰিলে একো নহয়। শালৈ প্ৰবীণ মানুহ। তেওঁৰ সন্মুখতে নতুন চাম
শিক্ষকৰ এনে মনোভাব আৰু উঠি অহা শিক্ষাৰ্থীসকলৰ দম্ভালি অসহ্যকৰ হৈ
যায়। তেওঁ কিন্তু হাৰ নামানে। সেয়ে ইয়াৰ আগৰ প্ৰায় চাৰিটামান পৰীক্ষাত
তেওঁক লৈ হুলস্থূল হৈছে। আচলতে অশান্তিৰ কেন্দ্ৰবিন্দু হ’ব লাগে অসৎ ছাত্ৰজন।
কিন্তু হয়গৈ তেওঁ। সকলোৱে কয়— ‘অকণ চকু মুদি থাকিলেই হয়, অনাহক
ইমান হুলস্থূল। দুবছৰৰ আগতে শালৈয়ে নকল কৰি থকা অৱস্থাত দুজন ছাত্ৰৰ
পৰীক্ষাৰ বহী ৰাখি দুয়োকে ওলাই যাবলৈ বাধ্য কৰাইছিল। পাছত ছাত্ৰজনক
তেওঁৰে ‘পাৱাৰফুল’ সহকৰ্মী দুজনমানে ওভতাই আনি বহুৱাই পৰীক্ষা শেষ
কৰাৰ অনুমতি দি তেওঁক সৰুকৈ কৈছিল— ‘ছাৰ, বাটৰ কচু গাত ঘঁহি লোৱাৰ
কি দৰকাৰ?’ শালৈৰ হাতে-ভৰিয়ে কঁপনি উঠিছিল। কোনোদিনে অনীতিৰ স'তে
আপোচ নকৰা মানুহজনে সহকৰ্মীকেইজনে কৰা তাচ্ছিল্যখিনি হজম কৰি ওলাই
আহোঁতে পৰিদৰ্শকজনৰ লগত ভেটাভেটি হৈ পৰিস্থিতিৰ সবিশেষ বৰ্ণনা দিছিল।
লগতে তেওঁ পৰিদৰ্শকজনক আগলৈ তেওঁক নিৰীক্ষক হিচাপে নিয়োগ নকৰিবলৈ
অনুৰোধ জনাইছিল। পৰিদৰ্শকজনেও কিন্তু ওভোতাই তেওঁকহে ‘পৰিস্থিতি
চম্ভালিব নজনা মানুহ' বুলি ইতিকিং কৰি কথা শুনাইছিল। বয়সত সৰু
পৰিদৰ্শকজনৰ কথাত আৰু বেছি মৰ্মাহত হৈ তেওঁ ঘৰলৈ আহি কেইবাদিনো
জুপুকা মাৰি বহি আছিল। জীৱনত সেইবাৰেই প্ৰথম তেওঁ বিনা অসুবিধাই স্কুললৈ
নগৈ ছুটীৰ দৰখাস্ত পঠিয়াই এটা কোঠাত নীৰৱে তিনি দিন পাৰ কৰিছিল।
তাৰ পাছত দুটা বছৰ পাৰ হ'ল। সময়ৰ পৰিৱৰ্তনত তাল মিলাব নোৱৰা
শালৈৰ নেৰানেপেৰা অনুৰোধত যোৱা দুটা পৰীক্ষাত তেওঁক নিৰীক্ষক হিচাপে
নিয়োগ কৰা নহ'ল। এইক্ষেত্ৰত তেওঁক সহায় কৰিলে স্কুলৰ হেড্মাষ্টৰে, যি
তেওঁৰ প্ৰতি শ্ৰদ্ধাশীল আৰু সহানুভূতিশীল আছিল। কিন্তু এই বছৰ নতুন স্কুল
পৰিদৰ্শকজনে ‘The invigilation duty is a part of teaching' বুলি
নিৰ্দেশ দি সকলোকে ‘duty' ল’বলৈ বাধ্য কৰোৱাত শালৈৰ নামটোও অন্তৰ্ভুক্ত
হৈছিল। যোৱাৰ পৰত দীক্ষাই কৈছিল— ‘চকু মুদি থাকিব! আজিকালিৰ যিহে
উদণ্ড ল'ৰা-ছোৱালী! আপোনাৰ নিজৰ জীৱনলৈ ভয় থাকক নাথাকক আমাৰ
আছে। তাতে ছোৱালীজনীও গাভৰু হৈ ঘৰতে আছে। সময়ৰ লগত পৰিস্থিতি
সাপেক্ষে মিলাই চলিবই লাগিব। ' শালৈৰ দেহৰ সমগ্ৰ তেজ যেন পানী হৈ গৈছিল। [ ২৩ ] সিৰাই সিৰাই প্ৰবাহিত সততা, নৈতিকতাৰ তেজবোৰ যেন গোট মাৰিছিল। ‘এৰা,
তেওঁৰ জীৱনটোৰ লগতে সাঙোৰ খাই আছে আৰু তিনিটা জীৱন, গাভৰু জীয়েকৰ
যৌৱনপুষ্ট দেহা’— অৱসন্ন মানুহৰ দৰে তেওঁ ওলাই আহিছিল।
আগবেলাৰ পৰীক্ষাৰ ‘ডিউটী’ কৰি তেওঁ বাহিৰে বাহিৰে স্কুললৈ গৈ
হেড্মাষ্টৰক লগ ধৰি এটা মুগা ৰঙৰ লেফাফা আগবঢ়াই দিছিল।
—বহক শালৈ। কি এয়া?
—হেড্মাষ্টৰৰ প্ৰশ্ন।
—মোৰ ইস্তফা-পত্ৰ।
—হোৱাট? হেড্মাষ্টৰৰ মুখেৰে এটা চেপা আৰ্তনাদ বাহিৰ হ’ল।
নীৰৱে ৫ মিনিটমান সময় বহি থাকি মুখেৰে কোনো কথা নোকোৱাকৈয়ে
শালৈ উঠি আহিল। আহিবৰ সময়ত তেওঁ কোনোফালে নাচালে। হেড্মাষ্টৰজনো
শালৈৰ পিছে পিছে মন্ত্ৰমুগ্ধৰ দৰে উঠি আহি বাৰাণ্ডা পালেহি যদিও কি হ’ল
একো নুবুজা বাবে শালৈক ঘূৰাই মাতিবলৈ সাহস নাপালে। স্কুল চৌহদৰ পৰা
শালৈৰ ছাঁটোও হেৰাই যোৱাৰ পাছতহে তেওঁ হাতৰ লেফাফাটোলৈ মন দিলে।
নিমিষতে বনজুইৰ দৰে খবৰটো বিয়পি গ'ল। কালিৰে পৰা এতিয়ালৈকে
স্থানীয় মানুহখিনিৰ সকলোকে এটা কথাই স্তম্ভিত কৰি তুলিছে— কি কাৰণে
অৱসৰৰ মাত্ৰ এটা বছৰৰ আগতে শালৈৰ দৰে এজন মানুহে এই সিদ্ধান্ত ল'লে?
স্কুল কৰ্তৃপক্ষ, পৰিদৰ্শক, সহকৰ্মী, ছাত্ৰ সমাজ আৰু স্থানীয় ৰাইজৰ
সকলোৱে কথাটো শুনি ইস্ইস্ আস্ আস্ কৰিছে। বহুতৰে মতে, শিক্ষা ব্যৱস্থাটোৰ
তৃণমূল পৰ্যায়ৰ পৰাই যে কেণা লাগিছে তাৰ এই জ্বলন্ত উদাহৰণ হ'ল—প্ৰদীপ
শালৈৰ দৰে নিষ্ঠাৱান শিক্ষকৰ পদত্যাগ। ইস্তফা-পত্ৰৰ তলত বিশেষ দ্ৰষ্টব্য হিচাপে
তেওঁ লিখিছিল— ‘চাকৰিৰ পৰা ইস্তফা দিয়াৰ লগে লগে মই মোৰ শিক্ষকতাৰ
পৰাও চিৰজীৱনৰ বাবে ইস্তফা দিলো’– কথাষাৰে বেছি মৰ্মাহত কৰি তুলিছে
তেওঁৰ প্ৰতি শ্ৰদ্ধাশীলসকলক। সহানুভূতিশীল হৈয়ে বিভিন্নজনৰ সমাগম হৈছে।
তেওঁৰ ঘৰলৈ। স্বয়ং পৰিদৰ্শকেও আহি তেওঁক ইস্তফা-পত্ৰ উঠাই ল'বলৈ অনুৰোধ
কৰিছে। বৰ্তমান সময়ৰ ইস্তফাই আগলৈ তেওঁৰ পৰিয়ালৰ বাবে আৰ্থিক
প্ৰতিবন্ধকতাৰ কাৰণ হ'ব বুলিও তেওঁক বুজাইছে। শেষত হেডমাষ্টৰ আহিছিল।
শালৈৰ ওচৰত বহু পৰ নীৰৱে বহি ৰৈছিল। মুখৰ নীৰৱতাই মানুহৰ অন্তৰ সৰৱ
কৰাত সহায় কৰে। বহু পৰ নীৰৱ সান্নিধ্যৰ পাছত শালৈয়ে মুখ মেলিছিল—
‘জীৱনত সৎ বুলি, উচিত বুলি জনা প্ৰত্যেক কাম কৰিছো। কেতিয়াও কোনো [ ২৪ ] কামকে অৱহেলা কৰা নাই আৰু দুৰ্নীতিকো ছল দিয়া নাই। ছাত্ৰক অবাটে যোৱাৰ
পৰা ওভোতাই অনাটো শিক্ষকৰ কৰ্তব্য। পৰীক্ষা হলত নকল কৰাটো অপৰাধ।
কালি পৰীক্ষাগৃহৰ ৩ ঘণ্টা সময় মই মোৰ শিক্ষক সত্তা আৰু অন্তৰাত্মাক হত্যা
কৰি জীয়াই থাকিলো। আৰম্ভণিৰে পৰা শেষলৈ অসৎ কাৰ্য সংঘটিত হৈ থাকিল।
সহকৰ্মীজন সম্পূৰ্ণ উদাসীন। মোৰ ওপৰত পৰীক্ষা কমিটীৰ কঠোৰ বাক্য ‘অলপ
চকু মুদি থাকিব’, মোৰ অনুভৱৰ ওপৰত দীক্ষাৰ অনাস্থা— এই সকলোবোৰে
মোক কালি হত্যা কৰিলে। যিজন মৰি যায়, সেইজন পুনৰ কেনেকৈ জীব পাৰে?
সেয়ে ইস্তফা-পত্ৰত মই বিশেষ দ্ৰষ্টব্য দিছিলো। মই যদি উঠি অহা ডেকাজাকক
কু-পথে যোৱাৰ পৰা বিৰত কৰিব নোৱাৰো, তেন্তে কিতাপৰ পাতৰ জটিল প্ৰশ্নৰ
সৰল উত্তৰ ব্যাখ্যা কৰাত কি কৃতিত্ব? ধীৰে ধীৰে কথাখিনি কৈ শালৈ মৌন হৈ
পৰিল। কোঠাৰ ভিতৰৰ বতাহখিনিও যেন স্তব্ধ হৈ গৈছিল। শালৈক প্ৰণাম কৰি
হেড্মাষ্টৰ উঠি আহিল।