পৃষ্ঠা:একুৰি এটা গল্প.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ২৩
 

সিৰাই সিৰাই প্ৰবাহিত সততা, নৈতিকতাৰ তেজবোৰ যেন গোট মাৰিছিল। ‘এৰা, তেওঁৰ জীৱনটোৰ লগতে সাঙোৰ খাই আছে আৰু তিনিটা জীৱন, গাভৰু জীয়েকৰ যৌৱনপুষ্ট দেহা’— অৱসন্ন মানুহৰ দৰে তেওঁ ওলাই আহিছিল।
 আগবেলাৰ পৰীক্ষাৰ ‘ডিউটী’ কৰি তেওঁ বাহিৰে বাহিৰে স্কুললৈ গৈ হেড্‌মাষ্টৰক লগ ধৰি এটা মুগা ৰঙৰ লেফাফা আগবঢ়াই দিছিল।
 —বহক শালৈ। কি এয়া?
 —হেড্‌মাষ্টৰৰ প্ৰশ্ন।
 —মোৰ ইস্তফা-পত্ৰ।
 —হোৱাট? হেড্‌মাষ্টৰৰ মুখেৰে এটা চেপা আৰ্তনাদ বাহিৰ হ’ল।
 নীৰৱে ৫ মিনিটমান সময় বহি থাকি মুখেৰে কোনো কথা নোকোৱাকৈয়ে শালৈ উঠি আহিল। আহিবৰ সময়ত তেওঁ কোনোফালে নাচালে। হেড্‌মাষ্টৰজনো শালৈৰ পিছে পিছে মন্ত্ৰমুগ্ধৰ দৰে উঠি আহি বাৰাণ্ডা পালেহি যদিও কি হ’ল একো নুবুজা বাবে শালৈক ঘূৰাই মাতিবলৈ সাহস নাপালে। স্কুল চৌহদৰ পৰা শালৈৰ ছাঁটোও হেৰাই যোৱাৰ পাছতহে তেওঁ হাতৰ লেফাফাটোলৈ মন দিলে।
 নিমিষতে বনজুইৰ দৰে খবৰটো বিয়পি গ'ল। কালিৰে পৰা এতিয়ালৈকে স্থানীয় মানুহখিনিৰ সকলোকে এটা কথাই স্তম্ভিত কৰি তুলিছে— কি কাৰণে অৱসৰৰ মাত্ৰ এটা বছৰৰ আগতে শালৈৰ দৰে এজন মানুহে এই সিদ্ধান্ত ল'লে?
 স্কুল কৰ্তৃপক্ষ, পৰিদৰ্শক, সহকৰ্মী, ছাত্ৰ সমাজ আৰু স্থানীয় ৰাইজৰ সকলোৱে কথাটো শুনি ইস্ইস্ আস্ আস্ কৰিছে। বহুতৰে মতে, শিক্ষা ব্যৱস্থাটোৰ তৃণমূল পৰ্যায়ৰ পৰাই যে কেণা লাগিছে তাৰ এই জ্বলন্ত উদাহৰণ হ'ল—প্ৰদীপ শালৈৰ দৰে নিষ্ঠাৱান শিক্ষকৰ পদত্যাগ। ইস্তফা-পত্ৰৰ তলত বিশেষ দ্ৰষ্টব্য হিচাপে তেওঁ লিখিছিল— ‘চাকৰিৰ পৰা ইস্তফা দিয়াৰ লগে লগে মই মোৰ শিক্ষকতাৰ পৰাও চিৰজীৱনৰ বাবে ইস্তফা দিলো’– কথাষাৰে বেছি মৰ্মাহত কৰি তুলিছে তেওঁৰ প্ৰতি শ্ৰদ্ধাশীলসকলক। সহানুভূতিশীল হৈয়ে বিভিন্নজনৰ সমাগম হৈছে। তেওঁৰ ঘৰলৈ। স্বয়ং পৰিদৰ্শকেও আহি তেওঁক ইস্তফা-পত্ৰ উঠাই ল'বলৈ অনুৰোধ কৰিছে। বৰ্তমান সময়ৰ ইস্তফাই আগলৈ তেওঁৰ পৰিয়ালৰ বাবে আৰ্থিক প্ৰতিবন্ধকতাৰ কাৰণ হ'ব বুলিও তেওঁক বুজাইছে। শেষত হেডমাষ্টৰ আহিছিল। শালৈৰ ওচৰত বহু পৰ নীৰৱে বহি ৰৈছিল। মুখৰ নীৰৱতাই মানুহৰ অন্তৰ সৰৱ কৰাত সহায় কৰে। বহু পৰ নীৰৱ সান্নিধ্যৰ পাছত শালৈয়ে মুখ মেলিছিল— ‘জীৱনত সৎ বুলি, উচিত বুলি জনা প্ৰত্যেক কাম কৰিছো। কেতিয়াও কোনো