একুৰি এটা গল্প/আত্ম-অভিমান

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ২৫ ]
 

আত্ম-অভিমান

 নতুন কইনাই কিমান সতৰ্কতাৰে চলিব লাগে বাৰু? যিমানখিনি সতৰ্কতাৰে চলিব লাগে সিমানখিনি সতৰ্কতাৰে চলাৰ পাছতো যে ক'ৰবাত খুঁত ওলায় তাক পাছতহে গম পালো। ন-কইনা হৈ থাকোতেই এদিন পুৱা জলপান দিয়াৰ পৰত মোৰ স্বামীৰ সৈতে শহুৰৰ সাধাৰণ কথা এটা লৈ কথাৰ কটাকটি হৈছিল। কাৰণটো কি আছিল মই পাহৰিলো যদিও সেয়া নিতান্তই যে সাধাৰণ কৰাহে আছিল— সেয়া মোৰ মনত আছে। খোৱাৰ পৰত অশান্তি লাগিল আৰু শহুৰক ক'ব নোৱাৰি স্বামীকেই কলো—‘হ’ল আৰু দিয়া। সাধাৰণ কথা এটাতে কিমাননো ফেচফেচাই থাকা’? মই কথাষাৰ কোৱাৰ পাছত দুয়ো শান্ত হৈছিল আৰু ময়ো ঘৰৰ আন কামত ধৰিলো। এইখিনিতে কৈ থওঁ যে মোৰ বিয়া মই ঠিক কৰামতে হৈছিল। অৰ্থাৎ আমি ভালপাই বিয়া হৈছিলো। শহুৰৰ ঘৰ গাঁৱত আছিল যদিও মোৰ মানুহজনক মই পূৰ্বতে পোৱাৰ দৰে এজন বন্ধুৰ ৰূপতে পাব বিচাৰিছিলো; যিটো এই গাঁৱলীয়া পৰিৱেশত মুঠেও সম্ভৱ নাছিল আৰু বোধকৰো মোৰ স্বামীও এই বিষয়ত সিমান আগ্ৰহী নাছিল।

 যি কি নহওক, পুৱাই সংঘটিত হোৱা ঘটনাটোৰ দিনাই আবেলি তেওঁ ক'ৰবালৈ যাবলৈ ওলাই কাপোৰ পিন্ধিছিল। ঘৰখনত বেছি মানুহ নাই যদিও মই তেওঁক বিচৰামতে সেইদিনা কাষত নাপাইছিলো। দিনটোৰ সৰহখিনি সময়ে তেওঁ ঘৰৰ বাহিৰত থাকিছিল আৰু ঘৰত থকা সময়খিনিও তেওঁ ঘৰৰ আন আন মানুহখিনিৰ ওচৰতে কটাইছিল। তেওঁক ক'বলগীয়া বিশেষ কথা এটা ক’বলৈকে মই সুযোগ পোৱা নাছিলো। তেওঁ ক'ৰবালৈ যাবলৈ ওলোৱা দেখি মই অতি আগ্ৰহেৰে সুধিলো—‘কলৈ যোৱানো?’ কাপোৰ পিন্ধাৰ সময়খিনিয়ে মাথোঁ তেওঁ আমাৰ কোঠাত থাকিব। এইখিনি সময়তে কিবা অলপ কথা হ'ব পাৰো নেকি— এই আশাতে মই কথাষাৰ সুধিছিলো। তেওঁ ঘৰত থাকি মোৰ ওচৰত নাথাকিলেও তেওঁযে মোৰ আশে-পাশেই ক'ৰবাত সোঁ-শৰীৰে উপস্থিত আছে—এই কথাটোৰে মোৰ মনটো ভৰাই ৰাখিছিল। তেওঁক মই সঁচাকৈয়ে বৰ ভাল পাইছিলো। অনবৰতেই যেন তেওঁৰ কথা শুনি থাকিম, তেওঁৰ ওচৰে ওচৰেই থাকিম! সেয়া মোৰ কেনেধৰণৰ ভালপোৱা আছিল মই কাকো বুজাব নোৱাৰো। কিন্তু মোৰ প্ৰশ্নৰ উত্তৰত তেওঁ যিযাৰ কথা ক'লে, শুনি মোৰ এনে লাগিল যেন কৰবাত বোমা ফুটি মোৰ নিচেই আপোন কোনোবা এজন ঢুকাল আৰু মই তাৰ খবৰহে শুনিলো। [ ২৬ ] তেওঁ হেঙাৰৰ পৰা চাৰ্টটো নমাই আনি কৈছিল— ‘তোমাৰ কি দৰ্কাৰ?’ তথাপি মই ভাবিছিলো— তেওঁ হয়তো কথাষাৰ নিতান্ত ধেমালিতে কৈছে আৰু লগে লগে মোৰ ফালে ঘূৰি চাই দুষ্টালিভৰা হাঁহিটো মাৰিহে ওলাই যাব। কিন্তু নহয়। যেন ৰুক্ষ মাতেৰে তেওঁ উত্তৰ দিছিল তেনে কঠিনতা প্ৰদৰ্শন কৰি তেওঁ দপ্‌দপাই কোঠাটোৰ পৰা ওলাই গ'ল। স্তব্ধ, বিমূঢ় হৈ মই বিছনাৰ কাষতে মজিয়াত বহি পৰিছিলো। থিয় হৈ থকাৰ শক্তিও যেন মোৰ নোহোৱা হৈছিল। এয়া জানো মোৰ প্ৰিয়তম পুৰুষজনে মাত্ৰ, মাত্ৰ চৈধ্য-পোন্ধৰ দিন আগতে বিয়া কৰাই আপোন কৰি লোৱা মোৰ মানুহজনে কৈছে? বিয়াৰ আগতে পাঁচ-ছবছৰ ধৰি মিঠা কথা কৈ অহা মানুহজন জানো এইজনেই? অলপ সময়ৰ পাছতে পাহৰি এৰি যোৱা চছমা আৰু ঘড়ী নিবলৈ কোঠালৈ সোমাই আহি মোক তেনেকৈ বহি থকা দেখিওঁ তেওঁ কোনো ভাবান্তৰ প্ৰকাশ নকৰিলে। ধুমুহাৰ গতিত আহিল আৰু এবাৰ মোলৈ এপলকৰ বাবে চাই বস্তুকেইটা লৈ ওলাই গ'ল। সেই চাৱনিতো একো নাছিল, দয়া-মায়া-মমতা। সকলো যেন শেষ।

  অতি সাধাৰণ তিনিটা শব্দৰ এটা বাক্য। অথচ সেইটোৱে মোক এনেদৰে কাহিল কৰিব পাৰিছিল বুলি ভাবিলে এতিয়া আচৰিতেই লাগে। কিন্তু তেনেকৈ মোক বিহ্বল কৰি পেলোৱাৰ কাৰণো আছে। একমাত্ৰ মোৰ বাছনি আৰু ইচ্ছামতে হোৱা আমাৰ বিয়াখনত মা-দেউতা বা আমাৰ বংশ-পৰিয়ালৰ কাৰোৱেই সন্মতি নাছিল। মাত্ৰ এই মানুহজনক পাবৰ বাবেই বিয়াৰ আগৰ পাঁচ-ছবছৰ মই অশেষ কষ্ট সহ্য কৰিছিলো। নানা প্ৰলোভনকো দৃঢ়তাৰে ত্যাগ কৰি মোৰ মানুহজনৰ বিশ্বাসক জীয়াই ৰাখিছিলো। শেষত মোৰ ঘৰখনে মান্তি হৈছিল। মোৰ জেদৰ ওচৰত হাৰ মানি সামাজিকভাৱেই মোক এওঁৰ হাতত অৰ্পণ কৰিছিল। তেওঁক যে মই ভালপাওঁ— তেওঁক বা আনক বুজোৱাৰ দৰ্কাৰ নাই। মই ভগৱানৰ ওচৰত তেওঁক ভিক্ষা মাগিছিলো। কি হৈছিল মোৰ? কিহৰ বাবে তেওঁৰ প্ৰতি ইমানকৈ আকৰ্ষিত হৈছিলো! তেওঁতো অসামান্য ৰূপবান নহয়, অসাধাৰণ পদবীও তেওঁৰ নাছিল। নাছিল কোনো উল্লেখযোগ্য চাৰিত্ৰিক বৈশিষ্ট্য। তেন্তে? ক্ষীণ, বগা, সুস্বাস্থ্যৰ, এমূৰ ভৰ্ত্তি চুলিৰে এজন মজলীয়া চৰকাৰী চাকৰিয়াল। ঘৰ গাঁৱত। ঘৰুৱা অৱস্থাও বৰ ভাল নাছিল। কিন্তু মোৰ ভাৱ হৈছিল এইবোৰৰ মাজতেই যেন মোৰ বাবে কিবা এটা আছে। তেওঁ যেন মোৰ বাবেই। মোৰ ভাৱ হৈছিল কেনেবাকৈ যদি আমি দুয়ো মিলিত হ’ব নোৱাৰো, তেন্তে আমাৰ জীৱন দুটা যেন আধৰুৱা হৈ ৰ'ব। মই কাকো বুজাব নোৱাৰিম; মোৰ অন্তৰত তেওঁৰ বাবে কেনে এক পবিত্ৰ আসন পতা আছিল। সামান্যতমো অপবাদৰ চেকা, [ ২৭ ] লাগিলে সেয়া সঁচাই হওক, তেওঁৰ গাত পৰাটো মোৰ সহ্যৰ বাহিৰত আছিল। তেনে পৰিস্থিতিত মই নিজৰ গাত দোষ জাপি লৈয়ো তেওঁক ৰক্ষা কৰিছিলো। তেনে কৰিবলৈ যাওঁতে মোৰ কষ্ট হৈছিল— কিন্তু তাতে যেন কিবা এটা সুখ আছিল। বিয়াৰ আগতে তেওঁৰ কথা ভাবিলেই আনন্দ অনুভৱ কৰিছিলো। মোক যে এজন মানুহে কোনো সামাজিক বন্ধন নথকা মানুহ এজনে ভালপায়— এইকথাটোৱে মোক সদায় পুলকিত কৰি ৰাখিছিল। আৰু এই আনন্দৰ আগত মোক আমাৰ সম্পৰ্কটোৰ বাবে আনে জাপি দিব খোজা অপবাদ, গালি-শপনিবোৰ তুচ্ছ যেন লাগিছিল। যিমানে বিয়াৰ বাবে দেৰি হৈছিল়— সিমানে মই আতুৰ হৈ উঠিছিলো। দৈহিক কামনাত নহয়; মনত তাড়নাত। আমাৰ মনৰ সম্পৰ্ক স্থাপন হোৱা পাঁচ-ছবছৰ হ'লেও মই কোনো কথাতে তৃপ্ত হোৱা নাছিলো। ছাঁয়া-মৰীচিকাৰ দৰেই মই মাজে সময়েহে তেওঁক লগ পাইছিলো। কেতিয়াও হৃদয় উজাৰি কথা কোৱাৰ সুযোগ-সুবিধাও পোৱা নাছিলো। বিয়াৰ আগতে তেওঁক অন্ততঃ এবাৰ কাষত পোৱাৰ, তেওঁক হেঁপাহ পলুৱাই চোৱাৰ কিযে এক দুৰ্বাৰ আছিল মই কাকোৱেই বুজাব নোৱাৰিম।

 কিন্তু বিয়াৰ পাছৰে পৰা মোৰ হেঁপাহত যেন বাধা পৰিল। আবেগবোৰ স্তব্ধ হৈ ৰৈ গ'ল। ৰ'ব খোজা নাছিল। ৰ’বলৈ বাধ্য কৰালে মোৰ মানুহজনে। আগতে তেওঁক কেতিয়াও কাষত পোৱা নাছিলো। সেইবাবে তেওঁৰ স্বভাৱ বা আচৰণ আদিৰ বিষয়ে জনাৰ উপায়ো নাছিল। মই তেওঁক দেখিছিলো আৰু তেওঁৰ চিঠি পাইছিলো। দেখা আৰু চিঠিৰ সংবেদনশীল ভাষাৰ মাজত মই মনে বিচৰা মৰমিয়াল মানুহজনক বিচাৰি পাইছিলো। মই তেওঁৰ পৰা আন একো আশাও কৰা নাছিলো। মাত্ৰ বিচাৰিছিলো– এবুকু মৰম। সঁচা মৰম। যাৰ দ্বাৰা মই মোৰ মনৰ শূন্যতা ভৰাই দিব পাৰিম। তেওঁৰ সুঠাম বাহু আৰু বহল বুকুত মূৰ থৈ স্বৰ্গীয় শান্তিত জিৰণি ল'বলৈ মোৰ অশান্ত মনে হাহাকাৰ কৰিছিল। তেওঁৰ পৰা মই মাত্ৰ মৰম আৰু ভালপোৱা বিচাৰিছিলো—তাৰ বিনিময়ত সংসাৰৰ যিকোনো কামেই কৰি যাবলৈ মই প্ৰস্তুত হৈছিলো। তেওঁক মোৰ মনৰ মাজতে অতি প্ৰেমময়, মৰমিয়াল ৰূপত সজাইছিলো আৰু মোৰ সেই ধাৰণাই বোধহয় সিদিনাৰ সেই সামান্য কথাষাৰতে পোৱা অসামান্য কষ্টৰ কাৰণ। মই যদি তেওঁক তেনে মৰমিয়াল পুৰুষৰ ৰূপত নসজালোহেঁতেন, তেওঁৰ তেনে ব্যৱহাৰত মই চাগে মই ইমান দুখ নাপালোহেঁতেন। কিন্তু আগতে তেওঁৰ এনে ৰুক্ষ স্বভাৱৰ কথা মই অনুভৱ নকৰিলো কিয়? তেৱোঁ মোক এবাৰো নজনালে কিয় যে বিয়াৰ পাছত তেওঁ মোৰ স্বামীহে। হ’ব, প্ৰিয়তম পুৰুষ নহয়। হায় আশা! সিদিনা মোৰ ভাৱ— হৈছিল মোৰ যেন [ ২৮ ] বিয়া নোহোৱা হ'লেই ভাল আছিল। মনেৰে বৰণ কৰা পুৰুষজনক মনেৰেই ভালপাই চিৰদিন কটাই দিব পৰাহ'লে!

 সেইদিনা সময় যোৱাৰ লগে লগে মোৰ অভিমান বাঢ়িছিল। প্ৰতি মুহূৰ্ততে আশা কৰিছিলো তেওঁ মোক সুধিব— তেতিয়া তেনেকৈ কোৱাৰ বাবে বেয়া পাইছো নেকি? কিন্তু নাই। তেওঁ যেন মোৰ কোনো নহয়েই! ক্ষুব্ধ হৈছিলো এটা সময়ত। কি অপৰাধত মোক এনে ব্যৱহাৰ কৰা হ’ল? মোৰ দোষনো কি বুজাই নিদিলে মই বাৰু কেনেকৈ দুখবোৰ পাতলাওঁ!

 নিশা শুবলৈ আহিছিলো। তাতে মোৰ কোনো উচ্ছাস নাছিল। মধুৰ কথাৰ পৰিৱৰ্তে নীতিগত দৈহিক মৰমবোেৰ মোৰ ক্ৰমে আমনি লগা হৈছিল। মোৰ প্ৰেম আছিল মনসৰ্বস্ব। কিন্তু তেওঁৰ চাগে দেহসৰ্বস্ব। দৈহিক কামনা মোৰো আছিল। কিন্তু দেহৰ বাসনা পূৰোৱাৰ আগতে মোৰ অশান্ত মনটো শান্ত হ’ব বিচাৰিছিল মোৰ কাণৰ কাষত তেওঁৰ মিঠা কথাৰে। সিদিনা ৰাতি মই সৰ্বান্তঃকৰণেৰে আশা কৰিছিলো যে মোৰ দেহটোক আঁকোৱালি লোৱাৰ আগতে তেওঁ মোক অন্ততঃ মোৰ ভুলটো ক’ত হ’ল তাকে কওক! কিন্তু বিছনাৰ ওচৰলৈ আহি দেখিছিলো মোতকৈ আগতে শুই পৰা প্ৰিয়তম টোপনিতে লালকাল। কতো যেন একো হোৱাই নাই। তেওঁৰ ওচৰত শুবলৈ যেন আন কোনো নাই। এনে ভাৱত কেনে নিৰ্লিপ্ততাৰে শুইছে! চাই চাই মোৰ দুচকু ভৰি আহিছিল। আৰু নীৰৱে মই কান্দিবলৈ ধৰিছিলো। আমাৰ মাজত থকা দুফুটমান খালী ঠাই যেন মৰুভূমি হৈছিল আৰু তাৰ পৰা বিকিৰণ হোৱা প্ৰচণ্ড উত্তাপত আমাৰ প্ৰেমবোৰ যেন শুকাই গৈছিল! সিদিনাযে মোৰ কিমান দুখ লাগিছিল মই কাকো বুজাব নোৱাৰো। কান্দি কান্দি কেতিয়া শুই পৰিলো গমকে নাপালো। ৰাতিপুৱা পাঁচ বাজি যোৱাত সাৰ পাই দৈনন্দিনৰ হিচাপত ধৰি থোৱা চুমাটোৰ আশাত বিছনাত খৰমৰাই দিয়াত তেওঁ সাৰ পালে। কিন্তু মোলৈ এবাৰ চায়েই আকৌ শুই পৰিল। ক্ষোভ আৰু বেদনাত অসহ্য হৈ আকৌ এবাৰ কান্দি পেলালো। উঠি আহি ঘৰুৱা কামত হাত দিলো।

 গোটেই দিনটো মনটো বেয়া লাগি থাকিল। আকৌ নিশা আহিল। তেওঁ আগতেই শুবলৈ আহিছিল। গভীৰ টোপনিত পৰা মানুহৰ দৰে অলৰ অচৰ হৈ তেওঁ বিছনাত পৰি আছিল। মই একো নকৰিলো। কিন্তু কোঠাটোত সোমাই থাকিবলৈকো মোৰ অসহ্য লাগিছিল। ওলাই গ'লেও ঘৰৰ আন মানুহে জানিব। সেইটো মই হ’বলৈ দিব খোজা নাছিলো; তাকো বিয়াৰ ইমান কম দিনৰ ভিতৰত!

 পিছদিনা পুৱাও একো আশা কৰা নাছিলো যদিও বাহি বিছনাতে বহি [ ২৯ ] তেওঁৰ ফালে চাইছিলো। অচিনাকি যেন লাগিছিল। এইজনেই তেওঁনে? নামি ওলাই আহিলো। সু-গৃহিণী সাজি দিনটো আগৰ দৰে কাম বন কৰি থাকিলো। নিজম দুপৰীয়া আন দিনাৰ দৰে আজিও মোৰ পতিদেৱে কামকৰা ছোৱালীজনীক পকা চুলি চিঙিবলৈ লগাই দি হাঁহি হাঁহি টিভি চোৱাত ব্যস্ত। আৰু কোঠাত তেওঁৰ বাবেই অপেক্ষাত থাকিলো তেওঁৰে নৱবিবাহিতা পত্নীয়ে। লাহে লাহে মোৰ অভিমানে অপমানৰ ৰূপ লৈছিল। ব্যৰ্থ আক্ৰোশত মই অশান্ত হৈ উঠিছিলো। কি হ’ল মোৰ? মোৰ দোষ কি? ভাবি ভাবি উত্তৰ নাপাই মই পুনৰ কান্দি দিছিলো। সেই সময়তে শাহুআই আহি কান্দি থকা দেখি মোক সুধিলে— কিয় কান্দিছো? ঘৰলৈ মনত পৰিছে নেকি? তাৰ পাছত তেওঁ বোৱাৰী হ'লে কেনেকৈ চলিব লাগে; মাকৰ ঘৰখন ছোৱালীৰ বাবে সদায় আপোন হ'ব নোৱাৰে। স্বামীৰ ঘৰখনহে ছোৱালীৰ প্ৰকৃত ঘৰ, ইত্যাদি বুজনি দিবলৈ ধৰাত আমনি পাই মই ক'লো— ‘ঘৰলৈ মনত পৰি মই কন্দা নাই। তেওঁ মোক কিয় নমতা হৈছে? মইতো একো দোষ কৰা নাই; কি অপৰাধত তেন্তে তেওঁ মোৰ লগত মাত বোল বন্ধ কৰিছে?

 মোৰ কথা শুনি শাহুআই নীৰৱ হ'ল। মোৰ কোঠাৰ পৰা লাহেলাহে তেখেত ওলাই গ'ল। পাছত শাহুআয়ে তেওঁক চাগে কিবা ক'লে। কাৰণ সিদিনা ৰাতি শুবলৈ আহি তেওঁক সোঁহাতখন কপালত থৈ চকুমেলি পৰি থকা দেখিলো। লাহে লাহে পিন্ধা সাজযোৰ সলাই মূৰ আঁচুৰি বিছনাত নিঃশব্দে শুই পৰিছিলো। নাই, মাত বোল তেতিয়াও হোৱা নাই। নিঃশব্দ ৰাতি। ওপৰত চিলিং ফেনখন পূৰ্ণগতিত চলি আছে। তাৰ শব্দইহে নিৰ্জনতাক কিছু পাতল কৰিছিল। হঠাতে মূৰৰ ওপৰৰ ফালে জেঠী এটাই টিক্‌টিকাই উঠিল। উচপ খাই উঠি জেঠীটোৰ ফালে চাইছিলো। তেৱোঁ চাইছিল। জেঠীটোৰ ফালে নহয়; মোৰ ফালে। চকুৱে চকুৱে পৰাতো তেওঁ চকু আঁতৰাই নিয়া নাছিল। ধুমুহা শেষ হোৱাৰ আগজাননী যেন পাইছিলো। কাৰণ তেওঁৰ সেই চাৱনিত কিবা এটা আছিল। কিন্তু একো কোৱা নাছিল। অভিমানতে বেৰৰ ফালে মুখখন ঘূৰাই শুবলৈ যত্ন কৰিছিলো। কিছুপৰ তেনেদৰে থকাৰ পাছত তেওঁ এখন হাতেৰে মোৰ গাত ধৰি মোক ওচৰলৈ টানিছিল। মই বিদ্ৰোহ কৰিছিলো। অশান্ত মনটোৱে তেওঁৰ দৈহিক সান্নিধ্য মানি লবলৈ টান পাইছিল। হাতখন গুচাই দিছিলো। ক্ষন্তেক পাছতে আকৌ টানিছিল। বিতৃষ্ণাত কৈ উঠিছিলো—‘এৰি দিয়া’। —‘ৰ'বাচোন, ইমান খং কিয়? মই তোমাক কি কম’। ‘কি ক'ব লগা আছে তাৰ পৰাই কোৱা। মোক ওচৰলৈ নিব নোৱাৰি তেওঁ নিজেই মোৰ ওচৰ চাপি আহি মোক সুধিলে— ‘তুমি

মাৰ আগত কি কৈছা’? আকৌ সমস্যা। কিনো ক’লো মাৰ আগত?

[ ৩০ ]  —‘একো কোৱা নাই’।
 —‘একোৱে কোৱা নাইনে?’

 অতিষ্ঠ হৈ ক'লো— ‘অঁ কৈছো, তুমি মোক কোনো কাৰণ নোহোৱাকৈ এইকেইদিন মাত বোল কৰা নাই। তাকে কৈছো। ...’ আৰু কিবা ক'ব খুজিছিলো; বাধা দি ৰাখিব নোৱৰাকৈ উজাই অহা দুখত উচুপি উঠাৰ বাবে আৰু একো কবি নোৱাৰিলো। তেওঁ ক'লে— 'ৰ'বাচোন। কন্দা-কটা নকৰিবা। সিদিনা ৰাতিপুৱা তুমি মোক কি কৈছিলা? মোৰ তেতিয়াৰে পৰা খংটো উঠি আছে। তেনেকৈ কিয় কৈছিলা?’ অবাক বিস্ময়ত মোৰ চকুপানীয়েও হাৰ মানিছিল। কি কৈছিলো বাৰু?

 তেওঁ পুনৰ সুধিছিল— ‘মনত পৰিছেনে? কিয় কৈছিলা তেনেকৈ?’

 ওঁহো। মনত পৰা নাছিল। কি কৈছিলো? কথা ক'বলৈ মইচোন তেওঁক কাষত পোৱাই নাছিলো! তেওঁকেই সুধিলো— ‘কি কৈছিলো মনত পৰা নাই। তুমিয়েই কোৱা। ’ তেওঁ কৈছিল— “কিয়, সিদিনা তুমি ৰাতিপুৱা দেউতাৰ সন্মুখতে মোক ‘ফেচফেচাই থকা’ বুলি কোৱা নাছিলা?

 —‘হে ভগৱান’! মোৰ মুখৰ মাত হৰি গৈছিল। উচুপনি মোৰ বন্ধ হৈছিল। ইয়াৰ বাবেই ইমানখিনি কষ্ট! এই সাধাৰণ কথাটোৰ বাবেই ইমান অশান্তি! তেওঁ কৈ গৈছিল— ‘দেউতাৰ আগত তেনেকৈ কোৱাৰ বাবে দেউতাই বাৰু কি ভাবিছে? ভাবিছে চাগে তুমি মোক প্ৰাপ্য সম্মান নকৰা। মই কোৱা কথাবোৰ তুমি বেয়া পোৱা.... ইত্যাদি। মোৰ কাণত আৰু একোকে নোসোমাল। বহু কথাই ক’বলৈ উমুকনি দি আছিল। কিন্তু একো ক'ব নোৱাৰিলো। কেনে অবুজন এই মানুহটো? সাধাৰণ অশিক্ষিত গৃহস্থৰ দৰে মোৰ সামান্য দুটা শব্দতে তেওঁ সন্মান লঘু হোৱা বুলি ভাবে? কি বুলি ভাবে তেওঁ নিজকে? প্ৰভু নে পতিদেৱতা? আৰু মই বিচাৰো....। যাওক সেইবোৰ কৈ লাভ নাই। তেওঁ মোৰ হৃদয়ৰ কথা বুজা হ'লে এই চাৰিদিনীয়া নাটকখনৰ অভিনয় নচলিলেহেঁতেন। মই তেওঁক কেনেদৰে বিচাৰো এইবোৰ কৈ মোৰ আত্মাভিমানী মানুহটোৰ শান্তিত নিশ্চল হৈ যাবলৈ ধৰা মুখখনলৈ আকৌ অশান্তিৰ ছাঁ নমাই আনিব নুখুজিলো। তেওঁলৈ চালো। হাত ভৰি মেলি উন্মুক্ত কৰি থোৱা বহল বুকুখনে যেন মোকেই মাতিছে। সেয়া তেওঁ চাইছে মোৰ ফালে। পৰম মমতাৰে কুৰুকি কুৰুকি মই তেওঁৰ বুকুৰ মাজলৈ সোমাই গ'লো। গভীৰ আবেগেৰে তেৱে মোক সাৱটি ধৰিলে। আনন্দ আৰু তৃপ্তিত তেওঁৰ বুকুৰ মাজতে আকৌ এবাৰ চকুদুটা পানীৰে ভৰি আহিছিল। তেওঁৰ অজানিতে মচি এই নাটকৰ পুনৰাবৃত্তি নহ’বলৈ ভগৱানক খাটিছিলো। এইবোৰত অভিনয় কৰাও যে বৰ কষ্টকৰ।