পৃষ্ঠা:একুৰি এটা গল্প.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২ • একুৰি এটা গল্প
 

নকল কৰা বা কথা-বতৰা পতাটো শালৈয়ে মুঠেও সহ কৰিব নোৱাৰে। লগত থকা নিৰীক্ষকল এইক্ষেত্ৰত উদাসীন। তেওঁলোকৰ মতে, হুলস্থূল নকৰাকৈ ‘কিবাকিবি’ কৰিলে একো নহয়। শালৈ প্ৰবীণ মানুহ। তেওঁৰ সন্মুখতে নতুন চাম শিক্ষকৰ এনে মনোভাব আৰু উঠি অহা শিক্ষাৰ্থীসকলৰ দম্ভালি অসহ্যকৰ হৈ যায়। তেওঁ কিন্তু হাৰ নামানে। সেয়ে ইয়াৰ আগৰ প্ৰায় চাৰিটামান পৰীক্ষাত তেওঁক লৈ হুলস্থূল হৈছে। আচলতে অশান্তিৰ কেন্দ্ৰবিন্দু হ’ব লাগে অসৎ ছাত্ৰজন। কিন্তু হয়গৈ তেওঁ। সকলোৱে কয়— ‘অকণ চকু মুদি থাকিলেই হয়, অনাহক ইমান হুলস্থূল। দুবছৰৰ আগতে শালৈয়ে নকল কৰি থকা অৱস্থাত দুজন ছাত্ৰৰ পৰীক্ষাৰ বহী ৰাখি দুয়োকে ওলাই যাবলৈ বাধ্য কৰাইছিল। পাছত ছাত্ৰজনক তেওঁৰে ‘পাৱাৰফুল’ সহকৰ্মী দুজনমানে ওভতাই আনি বহুৱাই পৰীক্ষা শেষ কৰাৰ অনুমতি দি তেওঁক সৰুকৈ কৈছিল— ‘ছাৰ, বাটৰ কচু গাত ঘঁহি লোৱাৰ কি দৰকাৰ?’ শালৈৰ হাতে-ভৰিয়ে কঁপনি উঠিছিল। কোনোদিনে অনীতিৰ স'তে আপোচ নকৰা মানুহজনে সহকৰ্মীকেইজনে কৰা তাচ্ছিল্যখিনি হজম কৰি ওলাই আহোঁতে পৰিদৰ্শকজনৰ লগত ভেটাভেটি হৈ পৰিস্থিতিৰ সবিশেষ বৰ্ণনা দিছিল। লগতে তেওঁ পৰিদৰ্শকজনক আগলৈ তেওঁক নিৰীক্ষক হিচাপে নিয়োগ নকৰিবলৈ অনুৰোধ জনাইছিল। পৰিদৰ্শকজনেও কিন্তু ওভোতাই তেওঁকহে ‘পৰিস্থিতি চম্ভালিব নজনা মানুহ' বুলি ইতিকিং কৰি কথা শুনাইছিল। বয়সত সৰু পৰিদৰ্শকজনৰ কথাত আৰু বেছি মৰ্মাহত হৈ তেওঁ ঘৰলৈ আহি কেইবাদিনো জুপুকা মাৰি বহি আছিল। জীৱনত সেইবাৰেই প্ৰথম তেওঁ বিনা অসুবিধাই স্কুললৈ নগৈ ছুটীৰ দৰখাস্ত পঠিয়াই এটা কোঠাত নীৰৱে তিনি দিন পাৰ কৰিছিল।
 তাৰ পাছত দুটা বছৰ পাৰ হ'ল। সময়ৰ পৰিৱৰ্তনত তাল মিলাব নোৱৰা শালৈৰ নেৰানেপেৰা অনুৰোধত যোৱা দুটা পৰীক্ষাত তেওঁক নিৰীক্ষক হিচাপে নিয়োগ কৰা নহ'ল। এইক্ষেত্ৰত তেওঁক সহায় কৰিলে স্কুলৰ হেড্‌মাষ্টৰে, যি তেওঁৰ প্ৰতি শ্ৰদ্ধাশীল আৰু সহানুভূতিশীল আছিল। কিন্তু এই বছৰ নতুন স্কুল পৰিদৰ্শকজনে ‘The invigilation duty is a part of teaching' বুলি নিৰ্দেশ দি সকলোকে ‘duty' ল’বলৈ বাধ্য কৰোৱাত শালৈৰ নামটোও অন্তৰ্ভুক্ত হৈছিল। যোৱাৰ পৰত দীক্ষাই কৈছিল— ‘চকু মুদি থাকিব! আজিকালিৰ যিহে উদণ্ড ল'ৰা-ছোৱালী! আপোনাৰ নিজৰ জীৱনলৈ ভয় থাকক নাথাকক আমাৰ আছে। তাতে ছোৱালীজনীও গাভৰু হৈ ঘৰতে আছে। সময়ৰ লগত পৰিস্থিতি সাপেক্ষে মিলাই চলিবই লাগিব। ' শালৈৰ দেহৰ সমগ্ৰ তেজ যেন পানী হৈ গৈছিল।